ETV Bharat / bharat

86th Episode of Mann Ki Baat : দেশবাসীক গৌৰৱেৰে মাতৃভাষা ক'বলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Feb 27, 2022, 2:16 PM IST

মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কি বাত'ৰ ৮৬ সংখ্যক খণ্ডত (86th Episode of Mann Ki Baat) দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে । প্ৰধানমন্ত্ৰীয়ে দেশবাসীক গৌৰৱেৰে মাতৃভাষা ক'বলৈ আহ্বান জনালে (Modi urges people to speak their mother tongue) । মাতৃভাষাক মাতৃৰ সৈতে তুলনা কৰিলে প্ৰধানমন্ত্ৰীয়ে ৷

PM Modi
দেশবাসীক গৌৰৱেৰে মাতৃভাষা ক'বলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী : ২১ ফেব্ৰুৱাৰীত দেশজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day) । ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাতৃভাষা সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে । 'মন কি বাত' অনুষ্ঠানৰ (86th Episode of Mann Ki Baat) জৰিয়তে দেশবাসীক সম্বোধন কৰি মাতৃভাষা সম্পৰ্কে উল্লেখ্যযোগ্য মন্তব্য আগবঢ়ায় প্ৰধানমন্ত্ৰী মোডীয়ে । তেওঁৰ মতে দেশৰ প্ৰতিগৰাকী নাগৰিকে গৌৰৱেৰে মাতৃভাষা ক'ব লাগে (Modi urges people to speak their mother tongue) ।

প্ৰধানমন্ত্ৰীগৰাকীৰ মতে, তামিল হৈছে বিশ্বৰ অন্যতম পুৰণি ভাষা । ২০১৯ চনত হিন্দী ভাষাই বিশ্বৰ তৃতীয় সৰ্বাধিক কথিত ভাষা হিচাপে স্বীকৃতি পাইছিল । ভাষাৰ ক্ষেত্ৰত ভাৰত যথেষ্ট সমৃদ্ধিশালী এখন দেশ, যাৰ সৈতে কাৰোৰে তুলনা নহয় বুলিও দাবী কৰে প্ৰধানমন্ত্ৰীয়ে ।

কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, কচ্ছৰ পৰা ক’হিমালৈকে শ শ ভাষা, হাজাৰ হাজাৰ উপভাষা আছে, যিবোৰ ইটোৱে সিটোৰ পৰা পৃথক যদিও পাৰস্পৰিকভাৱে একত্ৰিত । বছৰ বছৰ ধৰি ভাষাবোৰ ইজনে-সিজনৰ পৰা শিকাৰ লগতে ইয়াৰ বিকাশ আৰু উন্নয়নত গুৰুত্ব দি আহিছে ।

মাতৃভাষা দিৱসৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, মাতৃ আৰু মাতৃভাষা দুয়োটাই জীৱন গঢ়াৰ অন্যতম সম্পদ (PM compares mother tongue with mother) । যেনেদৰে আমি আমাৰ মাতৃক এৰিব নোৱাৰোঁ, ঠিক তেনেদৰে আমি আমাৰ মাতৃভাষাও এৰিব নোৱাৰো ।

আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰা এটা তেলেগু ভাষী পৰিয়ালৰ কথা স্মৰণ কৰে মোডীয়ে । পৰিয়ালটোৱে তাত এটা নিয়ম বান্ধি দিছিল । তেওঁলোক যিমানে ব্যস্ত নাথাকক ৰাতিৰ আহাৰ পৰিয়ালৰ সকলো সদস্যই একেলগে কৰে । ইয়াৰোপৰি ৰাতিৰ আহাৰৰ সময়ত তেওঁলোকৰ মাতৃভাষা তেলেগু কোৱাটো বাধ্যতামূলক । মাতৃভাষাৰ প্ৰতি এনে প্ৰেম দেখি আপ্লুত হৈছিল প্ৰধানমন্ত্ৰীগৰাকী ।

তেওঁৰ মতে, আজি ভাৰতবাসীয়ে গৌৰৱ কৰা উচিত কাৰণ বিশ্বৰ আটাইতকৈ পুৰণি ভাষাৰ ভিতৰত অন্যতম তামিল ভাষা এইখন দেশতে প্ৰচলিত । বহু প্ৰাচীন কালৰ শাস্ত্ৰও ভাৰতত প্ৰচলিত সংস্কৃত ভাষাত আছে । তেওঁ উল্লেখ কৰা মতে, দেশত ১২১ টা মাতৃভাষা আছে আৰু ইয়াৰে ১৪ টা ভাষা দৈনন্দিন জীৱনত প্ৰায় ১ কোটিতকৈও অধিক লোকে ব্যৱহাৰ কৰে ।

ইফালে ২০১৯ চনত হিন্দীক বিশ্বৰ তৃতীয় সৰ্বাধিক কথিত ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল । সেয়ে সমগ্ৰ দেশবাসী ইয়াকলৈও গৌৰৱ কৰা উচিত ।

লগতে পঢ়ক : Russia Ukraine conflict : ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.