ETV Bharat / bharat

গুজৰাটৰ মৰবিত ১০৮ ফুট উচ্চতাৰ হনুমান মূৰ্ত্তি উন্মোচন প্ৰধানমন্ত্ৰী মোদীৰ

author img

By

Published : Apr 16, 2022, 2:25 PM IST

মৰবিৰ বাপু কেশৱানন্দ জীৰ আশ্ৰমত(Ashram of Bapu Keshvanand) স্থাপন কৰা ১০৮ ফুট উচ্চতাৰ হনুমান মূৰ্ত্তি উন্মোচন । উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(PM Modi unveils 108 ft Lord Hanuman statue) । 'হনুমানজী চাৰ ধাম' প্ৰকল্পৰ অংশৰ প্ৰথমটো মূৰ্ত্তি ২০১০ চনত হিমাচল প্ৰদেশৰ চিমলাত স্থাপন কৰা হৈছিল ।

PM Modi unveils 108 ft Lord Hanuman statue in Morbi Gujarat
গুজৰাটৰ মৰবিত ১০৮ ফুট উচ্চতাৰ হনুমান মূৰ্ত্তি উন্মোচন প্ৰধানমন্ত্ৰী মোদীৰ

নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল: আজি হনুমান জয়ন্তী । হনুমান জয়ন্তী উপলক্ষে দেশৰ ভিন্ন প্ৰান্তত ব্য়াপক কাৰ্যসূচী । ইয়াৰ মাজতে দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ উপহাৰ । গুজৰাটৰ মৰবিত স্থাপন কৰা ১০৮ ফুট উচ্চতাৰ হনুমানৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে(PM Modi unveils 108 ft Lord Hanuman statue) ।

  • Today, we mark the special occasion of Hanuman Jayanti. In Morbi, at 11 AM, a 108 feet statue of Hanuman ji will be inaugurated. I am honoured to be getting the opportunity to be a part of this programme via video conferencing. https://t.co/qjvLIHWWiO pic.twitter.com/kbHcIxd90Z

    — Narendra Modi (@narendramodi) April 16, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

হনুমান জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উন্মোচন কৰে মূৰ্ত্তিভাগ । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি 'হনুমানজী চাৰ ধাম' প্ৰকল্প('Hanumanji Char Dham' project)ৰ অংশ হিচাপে সমগ্ৰ দেশৰ চাৰি দিশত নিৰ্মাণ কৰা চাৰিটা মূৰ্তিৰ ভিতৰত এয়া দ্বিতীয়টো প্ৰতিমূৰ্ত্তি ।

মূৰ্ত্তিটো উন্মোচন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে সমগ্ৰ দেশবাসীক হনুমান জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰে । লগতে তেঁও কয় যে ভগৱান হনুমানৰ আশীৰ্বাদৰ দ্বাৰা সকলোৰে জীৱন সদায় শক্তি, বুদ্ধিমত্তা আৰু জ্ঞানেৰে ভৰি থাকিব পাৰে । লগতে ১১ বজাত মূৰ্ত্তিটো উন্মোচন কৰি তেঁও এই কাৰ্যসূচীৰ অংশ হ'বলৈ পাই সুখী বুলি প্ৰকাশ কৰে ।

উল্লেখ্য যে 'হনুমানজী চাৰ ধাম' প্ৰকল্পৰ অংশস্বৰূপে প্ৰথমটো মূৰ্ত্তি হিমাচল প্ৰদেশৰ চিমলাত স্থাপন কৰা হৈছিল । ইতিমধ্যে তৃতীয়টো মূৰ্ত্তি নিৰ্মাণৰ কাম ৰামেশ্বৰমত আৰম্ভ কৰা হৈছে । হনুমান ভক্তসকলৰ দ্বাৰা হিন্দু দেৱতাৰ জন্মজয়ন্তী উপলক্ষে হনুমান জয়ন্তী উৎসৱ উদযাপন কৰা হৈছে ।

লগতে পঢ়ক: ব্যক্তিগত বাহনলৈ শিল দলিয়াই ডকাইতে সংঘটিত কৰে ডকাইতিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.