ETV Bharat / bharat

PM Narendra Modi in Delhi Metro : দিল্লীত মেট্ৰ' ৰে'লত যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

author img

By

Published : Jun 30, 2023, 3:55 PM IST

দিল্লী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে মেট্ৰ' ৰে'লত ভ্ৰমণ কৰে। ভ্ৰমণৰ সময়ত ৰে'লত তেওঁ সহযাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰে ।

PM Narendra Modi in Delhi Metro
দিল্লীত মেট্ৰ' ৰে'লত যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক,৩০ জুন : কটকটীয়া নিৰাপত্তাৰ মাজেৰে বিশাল কনভয়ৰ সৈতে যাত্ৰা কৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হঠাৎ দেখা গ'ল মেট্ৰ' ৰে'লত । দিল্লীত মেট্ৰ' ৰে'লত উঠিল প্ৰধানমন্ত্ৰীগৰাকী । মেট্ৰ' ৰে'লৰ জৰিয়তে দিল্লী বিশ্ববিদ্যালয়ত উপস্থিত হ'ল প্ৰধানমন্ত্ৰীগৰাকী ।

শুকুৰবাৰে পুৱাই মেট্ৰ' ৰে'লত দেশৰ প্ৰধানমন্ত্ৰীক দেখা পাই আচৰিত যাত্ৰীসকল । দিল্লী বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠানত ভাগ লোৱাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে মেট্ৰ' ৰে'লত ভ্ৰমণ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোক কল্যাণ মাৰ্গ মেট্ৰ' ষ্টেচনত মেট্ৰ'খনত উঠিছিল । আনহাতে তেওঁ বিশ্ববিদ্যালয় মেট্ৰ' ষ্টেচনত ৰে'লৰ পৰা অৱতৰণ কৰে । যাত্ৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লী মেট্ৰ'ত জনসাধাৰণৰ সৈতেও বাৰ্তালাপ কৰে । তেওঁ সহযাত্ৰীসকলৰ সৈতে ফটো তোলাও দেখা গৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক টুইটযোগে কয় যে দিল্লী মেট্ৰ'ৰ জৰিয়তে দিল্লী বিশ্ববিদ্যালয়ৰ কাৰ্যসূচীলৈ যোৱাৰ সময়ত যুৱক-যুৱতীসকলক সহযাত্ৰী হিচাপে পাই তেওঁ সুখী । তেওঁৰ মেট্ৰ' ৰে'ল যাত্ৰাৰ ফটোও পোষ্ট কৰে । অৱশ্যে মেট্ৰ' ৰে'লত প্ৰধানমন্ত্ৰীগৰাকীৰ এয়াই প্ৰথম ভ্ৰমণ নহয় ।

দিল্লী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী গৰাকীয়ে দিল্লী বিশ্ববিদ্যালয় কম্পিউটাৰ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে আৰু প্ৰযুক্তিবিদ্যা অনুষদ আৰু বিশ্ববিদ্যালয়ৰ উত্তৰ চৌহদত নিৰ্মাণ হ'বলগীয়া একাডেমিক খণ্ডৰ আধাৰশিলা স্থাপন কৰে । উল্লেখ্য যে ১৯২২ চনৰ ১ মে'ত দিল্লী বিশ্ববিদ্যালয় স্থাপন হৈছিল । যোৱা ১০০ বছৰত, বিশ্ববিদ্যালয়খন যথেষ্ট বৃদ্ধি আৰু সম্প্ৰসাৰিত হৈছে ।

এতিয়া বিশ্ববিদ্যালয়খনত ৮৬ টা বিভাগ আছে । বিশ্ববিদ্যালয়ৰ অধীনত ৯০ খন মহাবিদ্যালয় আৰু ৬ লাখতকৈও অধিক শিক্ষাৰ্থী আছে । বিশ্ববিদ্যালয়খনে ৰাষ্ট্ৰ নিৰ্মাণত যথেষ্ট অৱদান আগবঢ়াইছে । প্ৰতিবছৰে দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা শ শ শিক্ষাৰ্থীয়ে আৱেদন জনায় । দেশৰ বাহিৰৰ পৰাও বহু শিক্ষাৰ্থীয়ে প্ৰতিবছৰে দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে ।

লগতে পঢ়ক :Rahul Gandhi Manipur visit : মণিপুৰ ভ্ৰমণৰ মাজতে ৰাহুল গান্ধীৰ আৱেগিক পোষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.