নেশ্যনেল ডেস্ক,২৪ জুন : অহা ২৮ জুনত আৰৱলৈ যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi will visit UAE on June 28)। জাৰ্মানীত অনুষ্ঠিত হ'বলগীয়া G-7 বৈঠকত (PM Modi to attend G7 Summit in Germany) অংশগ্ৰহণ কৰাৰ পাছতে তেওঁ আৰৱলৈ ৰাওনা হ‘ব । আৰৱৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ মৃত্যুত ব্যক্তিগতভাৱে সমবেদনা জ্ঞাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
বৈদেশিক সচিব বিনয় কোৱাত্ৰাই শুকুৰবাৰে দিল্লীত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে । তেওঁ কয় যে জি-৭ সন্মিলনত ভাৰতৰ নিয়মীয়া অংশগ্ৰহণে বিশ্বই সন্মুখীন হৈ থকা প্ৰত্যাহ্বান, বিশেষকৈ গোলকীয় প্ৰত্যাহ্বানৰ সমাধানৰ বাবে ভাৰতৰ সকলো ধৰণৰ প্ৰচেষ্টাৰ স্পষ্ট ইংগিত প্ৰদান কৰে । বৈদেশিক সচিবগৰাকীয়ে উল্লেখ কৰা মতে সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকী আৰৱ অভিমুখে ৰাওনা হ'ব ।
মোডীয়ে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু আবু ধাবিৰ শাসক প্ৰয়াত শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । একে সময়তে আৰৱ যুক্তৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰপতি তথা আবু ধাবিৰ শাসক হিচাপে নিৰ্বাচিত শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।
লগতে পঢ়ক :গুজৰাটৰ সাম্প্ৰদায়িক সংৰ্ঘষ: নৰেন্দ্ৰ মোডীক ক্লিন চিট উচ্চতম ন্যায়ালয়ৰ