ETV Bharat / bharat

PM-KISAN ৰ পৰৱৰ্তী কিস্তি 9 আগষ্টত মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : Aug 8, 2021, 6:30 PM IST

সোমবাৰে ভিডিঅ’ কনফাৰেঞ্চযোগে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ পৰৱৰ্তী কিস্তিৰ ধন মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ ইয়াৰ পূৰ্বে যোৱা 14 মে’ত এই আঁচনিৰ 8 সংখ্যক কিস্তি মুকলি কৰি দিয়া হৈছিল ৷

PM Modi to release next instalment of PM-Kisan on August 9
PM-KISANৰ পৰৱৰ্তী কিস্তি 9 আগষ্টত মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

নেশ্যনেল ডেস্ক, 8 আগষ্ট : প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ (Pradhan Mantri Kisan Samman Nidhi) পৰৱৰ্তী কিস্তি সোমবাৰে মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ 9 আগষ্ট অৰ্থাৎ সোমবাৰে দিনৰ 12.30 মিনিটত ভিডিঅ’ কনফাৰেঞ্চযোগে কিস্তিৰ ধনৰাশি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে "দেশৰ প্ৰায় 9.75 কোটি হিতাধিকাৰী কৃষকৰ একাউন্ট লৈ মুঠ 19, 500 কোটি টকা ট্ৰান্সফাৰ কৰা হ’ব ৷ ইয়াৰ উপৰিও এই অনুষ্ঠানৰ মাজতে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰাৰ লগতে হিতাধিকাৰী কৃষকসকলৰ সৈতে মত বিনিময় কৰিব ৷"

PM-KISAN আঁচনিৰ অধীনত উপযুক্ত হিতাধিকাৰী কৃষকসকলক বছৰি 6000 টকাৰ আৰ্থিক সাহাৰ্য প্ৰাদন কৰা হয় ৷

চাৰিমাহৰৰ অন্তৰে অন্তৰে 2000 টকাকৈ এই আঁচনিৰ ধনৰ কিস্তি কৃষকসকলৰ একাউন্টলৈ পঠোৱা হয় ৷ এই আঁচনিৰ ধন প্ৰত্যক্ষভাৱে হিতাধিকাৰীসকলৰ একাউন্টলৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমানলৈকে এই আঁচনিৰ অধীনত প্ৰায় 1.38 লাখ কোটি টকা কৃষকসকলক প্ৰদান কৰা হৈছে ৷ সোমবাৰৰ এই অনুষ্ঠানত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ উপস্থিত থাকিব ৷

ইয়াৰ পূৰ্বে 14 মে’ত প্ৰধানমন্ত্ৰী মোডীয়ে ভিডিঅ’ কনফাৰেঞ্চযোগে এই আঁচনিৰ অষ্টম সংখ্যক কিস্তি কৃষকসকলক প্ৰদান কৰিছিল ৷

লগতে পঢ়ক: বোমাতংক: দিল্লীৰ বিমানবন্দৰত কটকটীয়া নিৰাপত্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.