ETV Bharat / bharat

Kanpur Metro Rail Project : আজি কানপুৰত মেট্ৰ' ৰে'ল প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

মঙলবাৰে কানপুৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । তেওঁ কানপুৰ মেট্ৰ' ৰে'ল প্ৰকল্পৰ সম্পূৰ্ণ হৈ উঠা খণ্ড উদ্বোধন কৰিব (PM Modi to inaugurate Kanpur Metro Rail Project) । এই প্ৰকল্পটোৰ নামত ব্যয় হ’ব ১১,০০০ কোটি টকা ।

author img

By

Published : Dec 28, 2021, 10:12 AM IST

Kanpur Metro Rail Project
আজি কানপুৰ মেট্ৰ' ৰে'ল প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

নেশ্যনেল ডেস্ক, ২৮ ডিচেম্বৰ : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব উত্তৰ প্ৰদেশৰ কানপুৰ মেট্ৰ' ৰে'ল প্ৰকল্প (Narendra Modi to inaugurate Kanpur Metro Rail Project) । এই মেট্ৰ' ৰে'ল প্ৰকল্প ৩২ কিল’মিটাৰ দৈৰ্ঘৰ যদিও এতিয়ালৈকে ৯ কিল’মিটাৰ দৈৰ্ঘৰ কামহে সম্পূৰ্ণ হৈ উঠিছে ।

সম্পূৰ্ণ হৈ উঠা খণ্ড মঙলবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে, কানপুৰ নগৰক উন্নত ৰূপত সজাই তোলাটো প্ৰধানমন্ত্ৰী মোডীৰ অন্যতম গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ অন্তৰ্গত ।

কানপুৰ মেট্ৰ' ৰে'ল প্ৰকল্পৰ সম্পূৰ্ণ ৯ কিল’মিটাৰ দৈৰ্ঘৰ খণ্ডটো আইআইটি কানপুৰৰ পৰা মতি ঝিললৈকে বিস্তৃত হৈ আছে । এই প্ৰকল্প ১১,০০০ কোটিৰো অধিক ধন ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে । কানপুৰ মেট্ৰ' এতিয়া দেশৰ দ্ৰুততম মেট্ৰ' ৰে'ল প্ৰকল্প হোৱাৰ পথত ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ২০১৯ চনৰ ১৫ নৱেম্বৰত কানপুৰ মেট্ৰ' প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ৷ চলিত বৰ্ষৰ ১০ নৱেম্বৰৰ ভিতৰত ৯ কিল’মিটাৰ দৈৰ্ঘৰ ৰে'লপথত পৰীক্ষণ আৰম্ভ হৈছিল । প্ৰধানমন্ত্ৰী মোডীয়ে মেট্ৰ' ৰে'ল প্ৰকল্প উদ্বোধন কৰি আইআইটি মেট্ৰ' ষ্টেচনৰ পৰা গীতা নগৰলৈ মেট্ৰ' ৰে'লেৰে যাত্ৰা কৰিব (PM modi to undertake a metro ride in Kanpur) ৷

মেট্ৰ' ৰে'ল প্ৰকল্প উদ্বোধনৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে আজি বিনা-পাংকি মাল্টি প্ৰডাক্ট পাইপলাইন প্ৰকল্প উদ্বোধন কৰিব ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, ৩৫৬ কিল’মিটাৰ দৈৰ্ঘৰ বিনা-পাংকি মাল্টি প্ৰডাক্ট পাইপলাইন প্ৰকল্পৰ ক্ষমতা বছৰি প্ৰায় ৩.৪৫ নিযুত মেট্ৰিকটন ।

প্ৰধানমন্ত্ৰী মোডীয়ে মঙলবাৰে দিনৰ প্ৰায় ১১ বজাত কানপুৰস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৫৪ সংখ্যক সমাৱৰ্তন অনুষ্ঠানতো অংশগ্ৰহণ কৰিব (Modi to participate in IIT Kanpur's Convocation Ceremony) । ৰাষ্ট্ৰীয় ব্লকচেইন প্ৰকল্পৰ অধীনত প্ৰতিষ্ঠানটোত বিকশিত এক আভ্যন্তৰীণ ব্লকচেইন-চালিত প্ৰযুক্তিৰ জৰিয়তে সকলো শিক্ষাৰ্থীক ডিজিটেল ডিগ্ৰী প্ৰদান কৰা হ'ব । প্ৰধানমন্ত্ৰীয়ে ব্লকচেইন ভিত্তিক ডিজিটেল ডিগ্ৰী মুকলি কৰিব ।

লগতে পঢ়ক: Repeal of AFSPA : নাগালেণ্ডত প্ৰত্যাহাৰ হ’ব নেকি AFSPA ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.