ETV Bharat / bharat

PM Modi G20 Parliamentary Speakers Summit : নৱম G২০ সংসদীয় অধ্যক্ষ সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে - বিশ্ব ঐক্য আৰু সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত

শুকুৰবাৰে উদ্বোধন কৰা হ’ব নৱম পি-২০ সন্মিলন । এই সন্মিলনত বিশ্ব ঐক্য আৰু সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হ’ব।

PM Modi G20 Parliamentary Speakers Summit
নৱম জি-২০ সংসদীয় অধ্যক্ষ সন্মিলন
author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 10:39 AM IST

নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ : জি-২০ সন্মিলনৰ সফল আয়োজনৰ পিচত ১৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব নৱম জি-২০ সংসদীয় অধ্যক্ষ সন্মিলন (পি-২০)। এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা । জি-২০ দেশৰ সংসদৰ প্ৰিজাইডিং অফিচাৰৰ উপৰিও আমন্ত্ৰিত দেশৰ সংসদৰ প্ৰিজাইডিং অফিচাৰেও এই সন্মিলনত অংশগ্ৰহণ কৰিব ।

উল্লেখযোগ্য যে, ভাৰতত অনুষ্ঠিত হোৱা পি-২০ সন্মিলনত পান আফ্ৰিকান সংসদৰ সভাপতিয়ে প্ৰাৰম্ভিক অংশগ্ৰহণ কৰিব । নতুন দিল্লীৰ যশোভূমী দ্বাৰকাত নৱনিৰ্মিত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰ (আই আই চি চি)ত অনুষ্ঠিত হ’ব এই সন্মিলন ।

ব্ৰাজিলৰ চেম্বাৰ অৱ ডেপুটিজৰ সভাপতি আৰ্থাৰ চেজাৰ পেৰেইৰা ডি লিৰা, হাউছ অৱ কমনছৰ অধ্যক্ষ লিণ্ডচে হয়ল, পান আফ্ৰিকান ইউনিয়নৰ সভাপতি ড৹ আচেবিৰ ডব্লিউ গায়ো আদিয়ে অংশগ্ৰহণ কৰিব । ইতিমধ্যে ৰাজ্য পৰিষদৰ অধ্যক্ষ ওমান শ্বেইখ আব্দুলমালিক আব্দুল্লা আল খালিলি আৰু আই পি ইউৰ সভাপতি ডুয়াৰ্টে পাচেকো এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছে ।

বাংলাদেশৰ সংসদৰ অধ্যক্ষ ড৹ শ্বিৰিন শৰ্মিন চৌধুৰী ১০ অক্টোবৰত উপস্থিত হয় । ‘বসুধৈৱ কুটুম্বকম – এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ বাবে সংসদ’ৰ দৰ্শন মানি চলি এই সন্মিলনত বিশ্ব ঐক্য আৰু সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে । ইয়াত আমাৰ পৃথিৱীখন যে এক আন্তঃসংযোগী পৰিয়াল আৰু আজি আমাৰ সামূহিক কাৰ্যই সকলোৰে ভৱিষ্যত গঢ় দিয়ে, সেই ধাৰণাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

দুদিনীয়া এই সন্মিলনত এছডিজি ২০৩০ ৰ সমসাময়িক প্ৰাসংগিক তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব । নৱম পি-২০ সন্মিলনৰ পূৰ্বে ১২ অক্টোবৰত লাইফ (পৰিৱেশৰ বাবে জীৱনশৈলী) সম্পৰ্কীয় সংসদীয় মঞ্চ অনুষ্ঠিত হ’ব । অহা ১৩-১৪ অক্টোবৰত অনুষ্ঠিত হ’ব মূল অনুষ্ঠান ।

২০২২ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা LIFE (LiFE) আন্দোলন হৈছে বহনক্ষম জীৱনশৈলীৰ পোষকতা আৰু আমাৰ পৰিৱেশ সুৰক্ষাৰ বাবে এক বিশ্বব্যাপী প্ৰচেষ্টা । জীৱন সম্পৰ্কীয় সংসদীয় মঞ্চই (লাইএফই) আমন্ত্ৰিত দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ লগতে জি-২০ দেশৰ সংসদ সদস্যসকলক একত্ৰিত কৰি বহনক্ষম জীৱনশৈলী আগুৱাই নিয়াৰ কৌশল আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে আলোচনা কৰিব।

এই সন্মিলনৰ লগত সংগতি ৰাখি ‘গণতন্ত্ৰৰ মাতৃ’ শীৰ্ষক এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হ’ব ৷ য’ত ভাৰতৰ প্ৰাচীন আৰু অংশগ্ৰহণমূলক গণতান্ত্ৰিক পৰম্পৰাক আলোকপাত কৰা হ’ব । ১৪ অক্টোবৰত সন্মিলনৰ সামৰণি অনুষ্ঠানত সামৰণি ভাষণ প্ৰদান কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ।

লগতে পঢ়ক : Money Laundering Case : প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে আদালতে ১৬ অক্টোবৰত দিব ৰায়দান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.