ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ বিশেষ অনুষ্ঠানত অংশ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে - উত্তৰ প্ৰদেশত অহা বছৰ অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন

পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশত চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ । ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যে কেইবাটাও প্ৰকল্প উদ্বোধন কৰা হৈছে ৰাজ্যখনত । মঙলবাৰে দুটাকৈ বিশেষ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

PM Modi to arrive in Aligarh today
উত্তৰ প্ৰদেশৰ বিশেষ অনুষ্ঠানত অংশ ল'ব প্ৰধানমন্ত্ৰী মোডীয়ে
author img

By

Published : Sep 14, 2021, 1:35 PM IST

নেশ্যনেল ডেস্ক,১৪ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজা মহেন্দ্ৰ প্ৰতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয় (Raja Mahendra Pratap Singh State University) আৰু আলিগড়ৰ প্ৰতিৰক্ষা কৰিডৰৰ (Defence Corridor in Aligarh) আধাৰশিলা স্থাপন কৰিব । তেওঁ পুৱা ১১.৩০ বজাত আলিগড়ত উপস্থিত হোৱাৰ কথা আছে আৰু দুয়োটা অনুষ্ঠানৰ পাছত এক বিশাল কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব য'ত প্ৰায় ১.৫ লাখ লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

উত্তৰ প্ৰদেশত অহা বছৰ অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আনহাতে ৰাজ্যখনৰ জাট অধ্যুষিত (Jat dominated area) পশ্চিম অংশত কৃষকৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে জাট সম্প্ৰদায়ৰ মহান ব্যক্তিৰ নামেৰে নামাকৰণ কৰা বিশ্ববিদ্যালয়খনৰ উদ্বোধনে এক বিশেষ তাৎপৰ্য বহন কৰিছে । স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ আৰু সমাজ সংস্কাৰক ৰাজা মহেন্দ্ৰ প্ৰতাপ সিঙৰ স্মৃতি আৰু সন্মানৰ অৰ্থে উত্তৰ প্ৰদেশ চৰকাৰে বিশ্ববিদ্যালয়খন স্থাপন কৰিছে ।

ইয়াক আলিগড়ৰ কোল ব্লকৰ লোধা আৰু গাওঁ মিউজপুৰ কৰিম জাৰৌলীত মুঠ ৯২ একৰৰ অধিক ভূমিত স্থাপন কৰা হৈছে । বিশ্ববিদ্যালয়খনে আলিগড়ৰ ৩৯৫ খন মহাবিদ্যালয়ক নিয়ন্ত্ৰণ কৰিব ।

আনহাতে, ২০১৮ চনৰ ২১ ফেব্ৰুৱাৰীত লক্ষ্ণৌত উত্তৰ প্ৰদেশ বিনিয়োগকাৰী সন্মিলন উদ্বোধন কৰাৰ সময়ত মোডীয়ে প্ৰতিৰক্ষা কৰিডৰটো ঘোষণা কৰিছিল । চৌহদৰ প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰত মুঠ ছয়টা নোড ক্ৰমে আলিগড়, আগ্ৰা, কানপুৰ, চিত্ৰকূট, ৰাঁচী আৰু লক্ষ্ণৌৰ পৰিকল্পনা কৰা হৈছে ।

মোডীয়ে আলিগড়ত উপস্থিত থকা সময়ছোৱাত বিজেপিৰ জ্যেষ্ঠ নেতা আৰু ৰাজ্যিক মন্ত্ৰীসকলৰ উপস্থিতিত এক বিশাল সমাৱেশক সম্বোধন কৰিব বুলি আশা কৰা হৈছে । এই সভাৰ বাবে প্ৰায় এক লাখ লোকৰ বহাৰ ক্ষমতা থকা এটা বিশাল পেণ্ডেল স্থাপন কৰা হৈছে আৰু এছপিজি বাহিনীৰ নিৰীক্ষণত আছে অঞ্চলটো ।

লগতে পঢ়ক :গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভূপেন্দ্ৰ পেটেলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.