ETV Bharat / bharat

আজি মোডীৰ মন কি বাতৰ 81 সংখ্যক খণ্ড...

author img

By

Published : Sep 26, 2021, 8:33 AM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কি বাত'ৰ ৮১ তম খণ্ডত ভাষণ প্ৰদান কৰিব ৷ এয়া AIR আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কত আৰু AIR News ত সম্প্ৰচাৰ কৰা হ'ব ৷

আজি মোডীৰ মন কি বাতৰ 81 সংখ্যক খণ্ড...
আজি মোডীৰ মন কি বাতৰ 81 সংখ্যক খণ্ড...

নতুন দিল্লী, 26 ছেপ্তেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কি বাত'ৰ ৮১ তম খণ্ডত ভাষণ প্ৰদান কৰিব ৷ এয়া AIR আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কত আৰু AIR News ত সম্প্ৰচাৰ কৰা হ'ব ৷

অনুষ্ঠানটো মোডীৰ শেহতীয়াকৈ সমাপ্ত হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ পিছত সম্প্ৰচাৰ কৰা হ’ব ৷ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ (UNGA) ৭৬ তম অধিৱেশনত ভাষণ প্ৰদান কৰিছিল । ৭৬ তম ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ উচ্চ পৰ্যায়ৰ বৈঠকখন মঙলবাৰে নিউয়ৰ্কত আৰম্ভ হৈছিল ৷

প্ৰধানমন্ত্ৰীয়ে ৱাশ্বিংটনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে দ্বি-পাক্ষিক বৈঠকত মিলিত হৈছিল ৷ মোডীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন আৰু জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাকো সাক্ষাৎ কৰিছিল ৷ প্ৰধানমন্ত্ৰী মোডীয়ে ৱাশ্বিংটনত অনুষ্ঠিত প্ৰথম ব্যক্তিগত কোৱাড সন্মিলনতো অংশগ্ৰহণ কৰে ৷

ইয়াৰ পূৰ্বে ২৯ আগষ্টত 'মন কি বাত'ৰ ৮০ তম খণ্ডত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোডীয়ে বিহাৰৰ কৃষি বিজ্ঞান কেন্দ্ৰ আৰু তামিলনাডুৰ কাঞ্জিৰংগল পঞ্চায়তৰ আৱৰ্জনা ব্যৱস্থাপনা আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰিছিল ৷ "মন কি বাত" হৈছে প্ৰধানমন্ত্ৰীৰ মাহেকীয়া ৰেডিঅ' ভাষণ, যিটো প্ৰতি মাহৰ শেষৰটো দেওবাৰে সম্প্ৰচাৰ কৰা হয় ৷

লগতে চাওক: জ্ঞান সূত্ৰ: কেনে যাব আপোনাৰ সপ্তাহটো ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.