ETV Bharat / bharat

আজি পশ্চিমবংগত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মোডী-শ্বাহে

পশ্চিমবংগত ইতিমধ্যে প্ৰথম চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হৈছে । পঞ্চম আৰু ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ ১৭ এপ্ৰিল আৰু ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব ।

author img

By

Published : Apr 12, 2021, 2:24 PM IST

PM Modi, Shah to hold multiple rallies in poll-bound Bengal today
আজি পশ্চিমবংগত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মোডী-শ্বাহে

নিউজ ডেস্ক, 12 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে পশ্চিমবংগত কেইবাখনো ৰাজহুৱা সভাত সম্বোধন কৰিব । প্ৰধানমন্ত্ৰী মোডীয়ে দুপৰীয়া 12 বজাত পূৱ বৰ্ধমান জিলাত তালিত চাই চেণ্টাৰত এখন নিৰ্বাচনী জনসভা সম্বোধন কৰিব । ইয়াৰ পাছত বিয়লি 1.40 বজাত নাদিয়া জিলাৰ কল্যাণী বিশ্ববিদ্যালয়ৰ খেলপথাৰত আৰু উত্তৰ 24 পৰগণা জিলাৰ বাৰাসাত অঞ্চলত বিয়লি 3.10 বজাত এখন ৰেলীত অংশগ্ৰহণ কৰিব ৷

আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও আজি পশ্চিমবংগত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ গৃহমন্ত্ৰীগৰাকীয়ে পুৱা 11.30 বজাত কালিম্পং জিলাত এক ৰাজহুৱা ৰেলীত অংশগ্ৰহণ কৰিব । এই ৰেলীৰ পাছতেই জলপাইগুৰি জিলাৰ ধুপগুৰি আৰু হেমতাবাদ বিধানসভা সমষ্টিত এখন ৰাজহুৱা সভা সম্বোধন কৰিব শ্বাহে । তেওঁ শিলিগুৰিতো এখন ৰাজহুৱা ৰেলীত অংশগ্ৰহণ কৰিব ।

উল্লেখ্য যে, পশ্চিমবংগত প্ৰথম চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হৈছে । চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত কোচবিহাৰৰ এটা ভোটকেন্দ্ৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল । ভোটকেন্দ্ৰটোত ভোটাৰে ভোটাধিকাৰে সাব্যস্ত কৰাৰ সময়ত কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ জোৱানে দুবাৰ গুলীচালনা কৰাৰ অভিযোগ কৰিছিল শাসকীয় তৃণমূল কংগ্ৰেছে । কোচবিহাৰৰ চৰকাৰী সূত্ৰই এই গুলীচালনাত চাৰিজন লোকৰ মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে । পঞ্চম আৰু ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ ১৭ এপ্ৰিল আৰু ২২ এপ্ৰিলত অনুষ্ঠিত হ'ব । ২ মে'ত অনুষ্ঠিত হ'ব ভোটগণনা ।

লগতে পঢ়ক : ত্ৰিপুৰাৰ ৰাজনৈতিক হিংসাৰ বাবে বাওঁপন্থীক জগৰীয়া কৰিলে বিজেপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.