নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : জি-২০ সন্মিলনত 'এক পৃথিৱী' সন্দৰ্ভত প্ৰথম অধিবশনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও অনাকাংক্ষিত ঘটনাৰ ফলত উদ্ভৱ হোৱা বিশ্বাসৰ ঘাটি দূৰ কৰাৰ বাবে মানৱকেন্দ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আজি জি-২০ৰ সভাপতি হিচাপে ভাৰতে বিশ্বজনীন বিশ্বাসৰ ঘাটিক এক বিশ্বাস আৰু নিৰ্ভৰশীলতালৈ ৰূপান্তৰিত কৰিবলৈ বিশ্বক একত্ৰিত কৰিবলৈ আহ্বান জনাইছে । এইটো আমাৰ সকলোৰে একেলগে আগবাঢ়ি যোৱাৰ সময় । এই সময়ত, 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস' মন্ত্ৰ আমাৰ বাবে পথ প্ৰদৰ্শক হ'ব পাৰে । উত্তৰ আৰু দক্ষিণৰ মাজৰ বিভাজন, পূব আৰু পশ্চিমৰ মাজৰ দূৰত্ব, খাদ্য আৰু ইন্ধনৰ ব্যৱস্থাপনা, সন্ত্ৰাসবাদ, চাইবাৰ নিৰাপত্তা, স্বাস্থ্য, শক্তি বা পানীৰ সুৰক্ষা আমি ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াৰ এক দৃঢ় সমাধান বিচাৰিব লাগিব ।"
তেওঁ লগতে কয়, "একবিংশ শতিকা হৈছে বিশ্বক এক নতুন দিশ দেখুৱাবলৈ এক গুৰুত্বপূৰ্ণ সময় । এই সময়ত পুৰণি সমস্যাবোৰে আমাৰ পৰা নতুন প্ৰত্যাহ্বান বিচাৰি আছে আৰু সেয়েহে আমি মানৱকেন্দ্ৰিক দৃষ্টিভংগীৰে আমাৰ দায়িত্ব পালন কৰি আগবাঢ়ি যোৱা উচিত... যদি আমি কোভিড-১৯ক পৰাস্ত কৰিব পাৰোঁ, তেন্তে আমি যুদ্ধৰ ফলত হোৱা বিশ্বাসৰ ঘাটিৰ ওপৰতো জয়ী হ'ব পাৰোঁ ।"
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে নতুন দিল্লীত সন্মিলনৰ প্ৰথম অধিবেশন আৰম্ভ হোৱাৰ লগে লগে জি-২০ৰ স্থায়ী সদস্য হিচাপে আফ্ৰিকান ইউনিয়নৰ মুৰব্বীক তেওঁৰ আসন গ্ৰহণৰ বাবে আমন্ত্ৰণ জনায় ।
ইউনিয়ন অব কমোৰোছৰ সভাপতি আৰু আফ্ৰিকান ইউনিয়নৰ (এইউ) অধ্যক্ষ আজালি আসৌমণিয়ে জি-২০ৰ স্থায়ী সদস্য হিচাপে তেওঁৰ আসন গ্ৰহণ কৰে ।
লগতে পঢ়ক :India preps for G20 Summit in Delhi : পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব ১৮ সংখ্যক G20 সন্মিলনৰ কাৰ্যসূচী