নিউজ ডেস্ক, 2 জুন: ছত্ৰপতি শিৱাজীৰ আজি 350 সংখ্যক ৰাজ্যাভিষেক দিৱস ৷ শিৱাজী মহাৰাজৰ 350 সংখ্যক ৰাজ্যাভিষেক দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘‘ছত্ৰপতি শিৱাজীৰ শাসন কালতে দাসত্বৰ মানসিকতা শেষ হৈছিল ৷ তেওঁৰ আদৰ্শৰে অনুপ্ৰেৰিত হৈ ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ (Ek Bharat Shrestha Bharat) গঢ়াৰ ধাৰণাৰে হাতত হাত ধৰি আগবাঢ়িব লাগে দেশবাসীয়ে (Chhatrapati Shivaji coronation anniversary) ৷’’
লগতে তেওঁ কয়, ‘‘ছত্ৰপতি শিৱাজী মহাৰাজৰ আদৰ্শই আমাৰ চিন্তাৰ উৎসুকতা যোগাই য’ত ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ নিৰ্মাণৰ লক্ষ্যত উপনীত কৰাব ৷ শিৱাজী মহাৰাজ সাহসী, মহাপৰাক্ৰমী সেনা আৰু সু-শাসক আছিল ৷ তেওঁৰ বীৰ গাঁথাই আজিৰ সমাজক অনুপ্ৰেৰিত কৰি আহিছে ৷’’
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে আৰু কয় যে শিৱাজী মহাৰাজৰ পৰা অনুপ্ৰেৰণা লৈ ভাৰতীয় নৌসেনাক (ব্ৰিটিছ শাসনৰ পৰিচয়) দাসত্বৰ চিহ্নৰ পৰা মুক্ত কৰা হয় ৷
‘‘শ শ বছৰৰ দাসত্বই আমাৰ দেশবাসীৰ আত্মসন্মান আৰু আত্মবিশ্বাস কাঢ়ি লৈছিল । সেই সময়ত মানুহৰ ওপৰত আস্থা গঢ়ি তোলাটো এটা কঠিন কাম আছিল । কিন্তু, ছত্ৰপতি শিৱাজী মহাৰাজে সেই সময়ছোৱাত কেৱল আক্ৰমণকাৰীৰ সৈতে যুঁজ দিয়াই নহয়, লগতে জনসাধাৰণৰ ওপৰত বিশ্বাস জাগ্ৰত কৰিছিল আৰু সু-শাসন সম্ভৱ কৰিছিল।’’ তেওঁ লগতে কয় (PM Modi on Chhatrapati Shivaji) ৷
মহাৰাজ শিৱাজীৰ কাম, নীতিসমূহ আজিও প্ৰাসংগিক বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে (PM Narendra Modi) । ভাৰতে যিদৰে নৌসেনাৰ সম্প্ৰসাৰণ কৰিছিল, সেই কৰ্মই আজিও আমাক অনুপ্ৰাণিত কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এইটো আমাৰ চৰকাৰৰ সৌভাগ্য যে বিগত বৰ্ষত ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰা অনুপ্ৰেৰণা লৈ ভাৰতে নৌসেনাক দাসত্বৰ প্ৰতীকৰ পৰা মুক্ত কৰিছিল ৷ ব্ৰিটিছ শাসনৰ পৰিচয়ৰ পৰা মুক্ত কৰি শিৱাজী মহাৰাজৰ ৰাজকীয় মোহৰৰ দ্বাৰা প্ৰতিষ্ঠিত হৈছে বুলিও তেওঁ উল্লেখ কৰে ৷
ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘ শিৱাজীৰ দ্বাৰা প্ৰতিষ্ঠিত মূল্যবোধে আমাক আগবাঢ়ি যোৱাৰ পথ দেখুৱাইছে । এই মূল্যবোধৰ আধাৰতে আমি অমৃত কালৰ 25 বছৰৰ যাত্ৰা সম্পূৰ্ণ কৰিব লাগিব ৷ এই যাত্ৰাটো হ’ব শিৱাজী মহাৰাজৰ সপোনৰ ভাৰত গঢ়ি তোলা... এয়া হ’ব স্বৰাজ, সু-শাসন আৰু আত্মনিৰ্ভৰশীলতাৰ যাত্ৰা ৷ এইটো এক উন্নত ভাৰতৰ যাত্ৰা হ’ব।’’
লগতে পঢ়ক: Rajouri encounter : জন্মু-কাশ্মীৰৰ ৰাজৌৰীত গুলীচালনা, নিহত এটা সন্ত্ৰাসবাদী