ETV Bharat / bharat

World Food India 2023 : খাদ্য সংসাধন খণ্ডত ৯ বছৰত ৫০ হাজাৰ কোটিৰ বিদেশী বিনিয়োগ; প্ৰধানমন্ত্ৰী মোদী - World Food India 2023 Delhi

ভাৰতে বিগত ৯ বছৰত খাদ্য সংসাধন খণ্ডত ৫০,০০০ কোটি টকাৰ এফডিআই লাভ কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে ৱৰ্ল্ড ফুড ইণ্ডিয়া, ২০২৩ত তেওঁৰ উদ্বোধনী ভাষণত এই কথা কয় । অনুষ্ঠানটোৱে নাৰী সবলীকৰণত সহায় কৰিব আৰু ইয়াত এনে সুবিধা আছে, যিয়ে উন্নত পেকেজিং আৰু মানদণ্ডৰ জৰিয়তে বজাৰত আত্মসহায়ক গোটসমূহক উন্নত মূল্য লাভ কৰাত সহায় কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে এই বৃহৎ খাদ্য অনুষ্ঠান উদ্বোধন কৰে ।

খাদ্য সংসাধন খণ্ডত ৯ বছৰত ৫০ হাজাৰ কোটিৰ বিদেশী বিনিয়োগ
World Food India 2023
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 1:55 PM IST

নিউজ ডেস্ক, ৩ নৱেম্বৰ : শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৰাজধানীৰ প্ৰগতি ময়দানত 'ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩' উদ্বোধন কৰে । এই মেগা ফুড ইভেণ্টৰ দ্বিতীয় সংস্কৰণটো হৈছে আত্মসহায়ক গোটবোৰ শক্তিশালী কৰাৰ এক প্ৰচেষ্টা । তেওঁ এক লাখতকৈও অধিক এছএইচজি সদস্যৰ বাবে বীজ মূলধন সাহায্য বিতৰণ কৰে আৰু 'ৱৰ্ল্ড ফুড ইণ্ডিয়া ২০২৩'ৰ অংশ হিচাপে এখন 'ফুড ষ্ট্ৰীট' উদ্বোধন কৰে । দিল্লীত আৰম্ভ হোৱা এই তিনিদিনীয়া মেগা ফুড অনুষ্ঠানৰ ৫ নৱেম্বৰত সমাপ্ত হ'ব ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেন্দ্ৰৰ কৃষকপন্থী নীতিৰ বাবে দেশৰ খাদ্য সংসাধন উদ্যোগে বিগত ৯ বছৰত ৫০,০০০ কোটি টকাৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই) আকৰ্ষিত কৰিছে আৰু ই এক সম্ভাৱ্য 'সূৰ্যোদয়' উদ্যোগ হিচাপে আত্মপ্ৰকাশ কৰিছে । তেওঁ লগতে কয় যে বিগত ন বছৰত ভাৰতৰ সংসাধিত খাদ্যৰ ৰপ্তানি ১৫০ শতাংশ বৃদ্ধি পাইছে । আনহাতে, দেশৰ ঘৰুৱা খাদ্য সংসাধন ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে ।

এই বৃহৎ খাদ্য অনুষ্ঠানৰ লক্ষ্য হৈছে ভাৰতক 'বিশ্বৰ খাদ্য ভঁৰাল' হিচাপে প্ৰদৰ্শন কৰা আৰু ২০২৩ বৰ্ষক আন্তৰ্জাতিক বাজৰা বৰ্ষ (International Year of Millets) হিচাপে উদযাপন কৰা । 'বীজ মূলধন সহায়'ৰ অধীনত আগবঢ়োৱা সমৰ্থনে উন্নত পেকেজিং আৰু মানদণ্ড নিৰ্মাণৰ জৰিয়তে এছএইচজিক বজাৰত উন্নত মূল্য লাভ কৰাত সহায় কৰিব । মেগা অনুষ্ঠানটোৰ অংশ হিচাপে অনুষ্ঠিত 'ফুড ষ্ট্ৰীট'ত আঞ্চলিক ৰন্ধন প্ৰণালী আৰু ৰাজকীয় ৰন্ধন ঐতিহ্য আছে, য'ত দুই শতাধিক ৰান্ধনীয়ে পৰম্পৰাগত ভাৰতীয় ৰন্ধন প্ৰণালী উপস্থাপন কৰে ।

কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী পশুপতি কুমাৰ পৰশেও ভাষণ প্ৰদান কৰি বিদেশী বিনিয়োগকাৰীসকলক ভাৰতলৈ আহি খাদ্য সংসাধন খণ্ডত বিনিয়োগ কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে এক চৰকাৰী বিবৃতিত কোৱা হৈছিল যে তিনিদিনীয়া ৱৰ্লড ফুড ইণ্ডিয়া অনুষ্ঠানটোৱে নেটৱৰ্কিঙক চৰকাৰী সংগঠন, উদ্যোগ পেছাদাৰী, কৃষক, উদ্যোগী আৰু অন্যান্য অংশীদাৰসকলৰ বাবে আলোচনাত মিলিত হোৱা, অংশীদাৰিত্ব স্থাপন আৰু কৃষি-খাদ্য খণ্ডত বিনিয়োগৰ সুযোগ সন্ধান কৰাৰ বাবে এক কাৰ্যকৰী ব্যৱসায়িক মঞ্চ হিচাপে কাম কৰাৰ সুযোগ সৃষ্টি কৰিছে ।

অনুষ্ঠানটোত খাদ্য সংসাধন উদ্যোগৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৪৮ খন অধিবেশন অনুষ্ঠিত হ'ব, য'ত যন্ত্ৰপাতি আৰু প্ৰযুক্তিবিদ্যাত বিত্তীয় সবলীকৰণ, মানদণ্ড নিশ্চিতি আৰু উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব । বিনিয়োগ আৰু ব্যৱসায় কৰাৰ বাবে সহজ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দি মুখ্য কাৰ্যবাহী বিষয়াসকলৰ বৈঠক অনুষ্ঠিত হ'ব । ভাৰতীয় খাদ্য সংসাধন উদ্যোগৰ উদ্ভাৱন আৰু শক্তি প্ৰদৰ্শন কৰিবলৈ বিভিন্ন পেভিলিয়ন স্থাপন কৰা হ'ব । নেদাৰলেণ্ডে সহযোগী দেশ হিচাপে অংশগ্ৰহণ কৰিছে । আনহাতে, জাপান হৈছে অনুষ্ঠানটোৰ কেন্দ্ৰবিন্দু ।

ইয়াত ৮০ খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰিছে । য'ত বিশিষ্ট খাদ্য সংসাধন কোম্পানীবোৰৰ মুখ্য কাৰ্যবাহী বিষয়াও আছে । ইয়াত ৮০ খনতকৈও অধিক দেশৰ পৰা ১২০০-ৰো অধিক বিদেশী ক্ৰেতা থাকিব । উল্লেখ্য যে প্ৰথম সংস্কৰণটো ২০১৭ চনত অনুষ্ঠিত হৈছিল । কিন্তু পৰৱৰ্তী বছৰবোৰত কোভিড-১৯ মহামাৰীৰ বাবে এই আন্তৰ্জাতিক অনুষ্ঠানটো আয়োজন কৰিব পৰা যোৱা নাছিল ।

লগতে পঢ়ক :Jaishankar Italy visit : ইটালীৰ উপ-প্ৰধানমন্ত্ৰীৰ সৈতে কৌশলগত অংশীদাৰীত্ব সম্পৰ্কে আলোচনা জয়শংকৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.