ETV Bharat / bharat

Russia Ukraine war : ইউৰোপীয় পৰিষদৰ সভাপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ বাৰ্তালাপ

author img

By

Published : Mar 2, 2022, 10:24 AM IST

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত আছে (War between Russia and Ukraine) । ইয়াৰ মাজতে ইউৰোপীয় পৰিষদৰ সভাপতি চাৰ্লছ মিশেলৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে (PM Modi holds phone talks with European Council President) ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । শেহতীয়া পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ইউক্ৰেইনলৈ বিভিন্ন ধৰণৰ সাহায্য প্ৰেৰণৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

PM Modi holds phone talks with European Council President, highlights India's efforts to send humanitarian aid to Ukraine
প্ৰধানমন্ত্ৰী মোডীৰ বাৰ্তালাপ

নেশ্যনেল ডেস্ক, ২ মাৰ্চ : ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষই (Russia Ukraine crisis) ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে । দুয়োখন দেশৰ সেনাৰ মাজত তীব্ৰ সংঘৰ্ষ চলি থকাৰ মাজতে বহু দেশে ইউক্ৰেইনৰ পক্ষত থিয় দিছে । ইফালে ভাৰতেও এই যুদ্ধক লৈ উদ্বেগ প্ৰকাশ কৰিছে । ভাৰতে জৰুৰী সাহায্য সামগ্ৰী প্ৰেৰণৰ বাবেও সাজু হৈছে ।

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে ইউৰোপীয় পৰিষদৰ সভাপতি চাৰ্লছ মিশেলৰ সৈতে বাৰ্তালাপ কৰে (PM Modi holds phone talks with European Council President) । ইউক্ৰেইনৰ সংকট আৰু মানৱীয় সংকটৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে শত্ৰুতা ভংগ কৰি আলোচনালৈ অহাৰ বাবে দুয়োখন দেশক আহ্বান জনায় ।

লগতে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ ঔষধকে ধৰি জৰুৰী সাহায্য সামগ্ৰী প্ৰেৰণৰ বাবে ভাৰতে কৰা প্ৰচেষ্টাৰ বিষয়েও ইউৰোপীয় পৰিষদৰ সভাপতিগৰাকীক অৱগত কৰে । ইয়াৰোপৰি দুয়োখন দেশে আলোচনাৰ বাবে আগবাঢ়ি অহাত তেওঁ আনন্দ প্ৰকাশ কৰে ।

ইফালে মঙলবাৰে এই যুদ্ধৰ মাজতে ইউক্ৰেইনৰ খাৰকিভত এজন ভাৰতীয় ছাত্ৰৰ মৃত্যু হৈছে । ৰাছিয়াৰ সৈন্যই খাৰকিভৰ এটা চৰকাৰী ভৱনত আক্ৰমণ কৰাৰ সময়ত কৰ্ণাটকৰ হাভেৰীৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নবীন শেখৰাপ্পাৰ মৃত্যু হয় । ভাৰতীয় ছাত্ৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ইউৰোপীয় পৰিষদৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক : ইউক্ৰেইনত নিহত হ’ল ভাৰতীয় ছাত্ৰ নবীন

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.