ETV Bharat / bharat

জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বৰ ১২ গৰাকী নেতাৰে বৈঠক

author img

By

Published : Jun 25, 2022, 6:30 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্য়স্ত ভ্ৰমণ কাৰ্যসূচী । জাৰ্মানী আৰু সংযুক্ত আৰৱ এমিৰেটছ ভ্ৰমণৰ সময়ত বিশ্বৰ ১২ গৰাকীতকৈও অধিক নেতাৰ সৈতে বৈঠকত মিলিত হ'ব (G7 Summit in Germany)। জি-৭ ৰ নেতাসকলৰ লগতে অতিথি দেশসমূহৰ সৈতে কৰিব দ্বিপাক্ষিক বৈঠক আৰু আলোচনা ।

pm Modi
জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ বিশ্বৰ ১২ গৰাকী নেতাৰে বৈঠক

নেচনেল ডেস্ক, 25 জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাৰ্মানী আৰু সংযুক্ত আৰৱ এমিৰেটছ ভ্ৰমণৰ সময়ত বিশ্বৰ ১২ গৰাকীতকৈও অধিক নেতাৰ সৈতে বৈঠকত মিলিত হ'ব (PM Narendra Modi G7 Summit in Germany and the United Arab Emirates)। শনিবাৰে চৰকাৰী সূত্ৰই এই বিষয়ে সদৰি কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভ্ৰমণত ১৫ টাতকৈও অধিক ব্যস্ত কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব বুলি একেটা চৰকাৰী সূত্ৰই প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে ।

চৰকাৰী সূত্ৰই জনোৱা মতে, প্ৰধানমন্ত্ৰীয়ে জাৰ্মানী আৰু সংযুক্ত আৰবত প্ৰায় ৬০ ঘণ্টা থকাৰ সময়ত বিশ্বৰ সাতখন ধনী ৰাষ্ট্ৰৰ সন্মিলন জি-৭ ত অংশগ্ৰহণ কৰিব । তদুপৰি তেওঁ একাধিক দ্বিপাক্ষিক বৈঠকতো অংশ গ্ৰহণ কৰিব । ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মিউনিখত এক ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানতো ভাষণ প্ৰদান কৰিব । কোভিড-19-ৰ পিছত এইটোৱে এনে ধৰণৰ সৰ্ববৃহৎ কাৰ্যসূচী হ'ব বুলি আশা কৰা হৈছে ।

উল্লেখ্য় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ আৰু ২৭ জুনত অনুষ্ঠিত হ'বলগীয়া জি-৭ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জাৰ্মানীলৈ যাত্ৰা কৰিছে (G7 Summit in Germany)। প্ৰধানমন্ত্ৰীয়ে উপসাগৰীয় ৰাষ্ট্ৰখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ মৃত্যুৰ সমবেদনা জ্ঞাপন কৰিবলৈ ২৮ জুনত সংযুক্ত আৰব ভ্ৰমণ কৰিব ।

ইপিনে, বৈদেশিক সচিব বিনয় মোহন কোৱাট্ৰাই শুকুৰবাৰে কয় যে প্ৰধানমন্ত্ৰীয়ে জি-৭ সন্মিলনৰ সময়ত জি-৭ ৰ নেতাসকলৰ লগতে অতিথি দেশসমূহৰ সৈতে দ্বিপাক্ষিক বৈঠক আৰু আলোচনা কৰিব । উল্লেখ্য় যে ভাৰতৰ উপৰিও জাৰ্মানীয়ে বিশ্বৰ দক্ষিণৰ গণতন্ত্ৰক ইয়াৰ অংশীদাৰ হিচাপে স্বীকৃতি দিবলৈ সন্মিলনৰ বাবে আৰ্জেণ্টিনা, ইণ্ডোনেছিয়া, ছেনেগাল আৰু দক্ষিণ আফ্ৰিকাক অতিথি হিচাপে আমন্ত্ৰণ জনাইছে ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ১ কোটিতকৈ অধিক গৃহ আৱন্টন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.