ETV Bharat / bharat

মমতা বেনাৰ্জীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে - pm modi congratulatesmamata didi on taking oath as west bengal cm

মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা মমতাক অভিনন্দন জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । টুইটযোগে মমতা দিদি বুলি সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনালে মুখ্যমন্ত্ৰীগৰাকীক ।

Modi congratulates mamata banerjee
মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক অভিনন্দন মোডীৰ
author img

By

Published : May 5, 2021, 3:10 PM IST

নেশ্যনেল ডেস্ক,৫ মে': তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ আসনত বহিল মমতা বেনাৰ্জী । মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা মমতাক অভিনন্দন জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । টুইটযোগে মমতা দিদি বুলি সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনালে মুখ্যমন্ত্ৰীগৰাকীক ।

বুধবাৰে পুৱাই পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনকাৰৰ উপস্থিতিত মমতা বেনাৰ্জীয়ে শপত গ্ৰহণ কৰে । শপত লৈয়ে মমতা বেনাৰ্জীয়ে ৰাইজক উদ্দেশ্যি বিশেষ মন্তব্য কৰা দেখা গ'ল । তেওঁ প্ৰথমে পশ্চিমবংগৰ সকলো লোককে ধন্যবাদ জ্ঞাপন কৰে । তাৰ পিচতে তেওঁ কয় যে চৰকাৰৰ প্ৰথম কৰ্তব্য হ'ল ক'ভিড-১৯ ৰ সৈতে মোকাবিলা কৰা ।

দ্বিতীয়তে ৰাজ্যখনত হিংসাত্মক ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে তেওঁ সকলো ৰাজনৈতিক দলক আহ্বান জনায় । মমতা বেনাৰ্জীয়ে কোৱা মতে এতিয়াৰে পৰা আইন-শৃংখলা তেওঁৰ হাতত ৰাখিছে । যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তেওঁ আৰক্ষী নিযুক্তি দিব । মুখ্যমন্ত্ৰীগৰাকীৰ মতে মহামাৰী শেষ হোৱাৰ পিচত বিশালভাৱে বিজয় উদযাপন কৰা হ'ব ।

একেসময়তে ৰাজ্যপাল গৰাকীয়েও ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে উদ্বেগ প্ৰকাশ কৰে । তেওঁ কয় যে প্ৰথমে ৰাজ্যৰ হিংসাত্মক পৰিস্থিতি বন্ধ কৰিব লাগিব । ৰাজ্যপালগৰাকীয়ে মমতা বেনাৰ্জীক তেওঁৰ তৃতীয় কাৰ্যকালৰ আৰম্ভণিতে শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক:পশ্চিমবংগৰ নিৰ্বাচনী হিংসাৰ বাবে টিএমচিক সমালোচনা বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.