ETV Bharat / bharat

দেশৰ প্ৰখ্যাত কেন্সাৰ ৰোগ বিশেষজ্ঞ ডাঃ ভি শান্তাৰ মৃত্যু - কেন্সাৰ ৰোগী

পদ্মশ্ৰী, পদ্মবিভূষণ,পদ্মভূষণেৰে সন্মানিত দেশৰ প্ৰখ্যাত কেন্সাৰ ৰোগ বিশেষজ্ঞ তথা আদিয়াৰ কেন্সাৰ ইনষ্টিটিউটৰ অধ্যক্ষা ডাঃ ভি শান্তাৰ মঙলবাৰে ৰাতিপুৱাৰ ভাগত মৃত্যু হয় ৷ দেশৰ অন্যতম চিকিৎসকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

দেশৰ প্ৰখ্যাত কেন্সাৰ ৰোগ বিশেষজ্ঞ ডাঃ ভি শান্তাৰ মৃত্যু

author img

By

Published : Jan 19, 2021, 2:11 PM IST

নিউজ ডেস্ক, 19 জানুৱাৰী : দেশৰ প্ৰখ্যাত কেন্সাৰ বিশেষজ্ঞ তথা আদিয়াৰ কেন্সাৰ ইনষ্টিটিউটৰ অধ্যক্ষা ডাঃ ভি শান্তাৰ মঙলবাৰে ৰাতিপুৱাৰ ভাগত মৃত্যু হয় ৷ তেখেতৰ মৃত্যুত টুইটযোগে শোকপ্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে ডাঃ শান্তাই কেন্সাৰৰ দৰে ৰোগৰ ক্ষেত্ৰখনত সমাজক আগবঢ়োৱা মানৱসেৱাৰ বাবে চিৰদিন আমাৰ মাজত জীয়াই থাকিব বুলি কয় ৷ টুইটটোত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চেন্নাই ভ্ৰমণৰ সময়ত ডাঃ শান্তাৰ সৈতে হোৱা সাক্ষাতৰ বিষয়ে উল্লেখ কৰে ৷

দেশৰ প্ৰখ্যাত কেন্সাৰ ৰোগ বিশেষজ্ঞ ডাঃ ভি শান্তাৰ মৃত্যু
প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ এপিজে আব্দুল কালাম ছাৰৰ সৈতে ডাঃ ভি শান্তা

বুকুত বিষ অনুভৱ কৰাৰ বাবেই কালি নিশা তেখেতক চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ মৃত্য়ুৰ পিচত তেখেতৰ পাৰ্থিৱ শৰীৰ কেন্সাৰ প্ৰতিষ্ঠানখনলৈ নিয়া হয় যাক তেখেতে ডাঃ কৃষ্ণামূৰ্থিৰ সৈতে একেলগে গঢ় দিছিল ৷

নিজৰ 50 বছৰৰো অধিক কাল সেৱাত তেখেতে সকলো কেন্সাৰ ৰোগীৰ বাবে গুণগত আৰু কমখৰচী চিকিৎসা সেৱা আগবঢ়াইছিল ৷ যাৰ বাবে ডাঃ শান্তা পদ্মশ্ৰী, পদ্মবিভূষণ, পদ্মভূষণ আৰু ৰমন মেগছেচে বঁটাৰে সন্মানিত হৈছিল ৷

মাত্ৰ 12 খন বিছনাযুক্ত এখন চিকিৎসালয়ক নিজৰ কৰ্মৰাজী আৰু ডাঃ কৃষ্ণামূৰ্থিৰ সৈতে একেলগে এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পূৰ্ণাংগ তথা গুণগত কেন্সাৰ চিকিৎসা প্ৰতিষ্ঠানৰূপে গঢ় দিছিল ডাঃ ভি শান্তাই ৷

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে ভাৰতীয় আৰু ফ্ৰান্স ৰাফেলৰ মাজত অপাৰেশ্বন #ডিজাৰ্টনাইট21

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.