ETV Bharat / bharat

Sardar Patel Birth Anniversary : তোষণকাৰীসকলে সন্ত্ৰাসবাদৰ ভয়াৱহতা নেদেখে; চৰ্দাৰ পেটেলৰ জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী মোদী

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 3:59 PM IST

গুজৰাটত চৰ্দাৰ পেটেলৰ জন্মজয়ন্তী উদযাপনৰ অংশ হিচাপে ষ্টেচু অব ইউনিটীত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিসকলে তোষণৰ ৰাজনীতি খেলি আছে তেওঁলোকে মানৱতাৰ শত্ৰু উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদীৰ সৈতে একেলগে থিয় হ'বলৈ কুণ্ঠাবোধ নকৰে । তোষণৰ ৰাজনীতি ভাৰতৰ উন্নয়নৰ যাত্ৰাত আটাইতকৈ ডাঙৰ বাধা বুলিও তেওঁ কয় ।

চৰ্দাৰ পেটেলৰ জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী মোদী
Sardar Patel Birth Anniversary

নিউজ ডেস্ক, ৩১ অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে এই বিষয়ত উদ্বেগ প্ৰকাশ কৰে যে যিসকলে তোষণৰ ৰাজনীতিত লিপ্ত হৈ আছে তেওঁলোকে সন্ত্ৰাসবাদ আৰু ইয়াৰ ভয়াৱহতা তথা ধ্বংসযজ্ঞ দেখা নাপায় । তেওঁ গুজৰাটৰ নৰ্মদা জিলাৰ ষ্টেচু অব ইউনিটীত আয়োজিত ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মজয়ন্তী অনুষ্ঠানত এনেদৰে কয় । উল্লেখ্য যে মঙলবাৰে সমগ্ৰ দেশতে চৰ্দাৰ পেটেলৰ জন্মজয়ন্তী ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপন কৰা হৈছে । এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি নিজৰ ভাষণ ৰাখে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যিসকলে তোষণৰ ৰাজনীতি খেলি আছে তেওঁলোকে মানৱতাৰ শত্ৰু উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদীৰ সৈতে একেলগে থিয় হ'বলৈও কুণ্ঠাবোধ নকৰে । এনে বিভাজনমূলক ৰাজনীতিৰ বাবেই ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাই একাধিক দিশৰ পৰা প্ৰত্যাহ্বান লাভ কৰি আহিছে বুলিও তেওঁ সতৰ্ক কৰি দিয়ে । তোষণৰ ৰাজনীতি হৈছে ভাৰতৰ উন্নয়নৰ যাত্ৰাত আটাইতকৈ ডাঙৰ বাধা । তেওঁ লগতে কয় ।

মোদীয়ে কয় যে নিৰাপত্তা বাহিনীৰ কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ বাবে ভাৰতৰ শত্ৰুসকলে বিগত ন বছৰত দেশবিৰোধী কাৰ্যকলাপ চলাবলৈ সক্ষম হোৱা নাই । পৰৱৰ্তী ২৫ বছৰ হৈছে আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ সময় আৰু সকলো প্ৰচেষ্টাই আমাৰ দেশক উন্নত আৰু ধনী কৰি তুলিব লাগে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।

প্ৰধানমন্ত্ৰীয়ে কয় যে তোষণৰ মানসিকতা অতি বিপজ্জনক । এনে ধৰণৰ চিন্তাধাৰাই কোনো দেশক লাভান্বিত কৰিব নোৱাৰে । ই প্ৰতি মুহূৰ্ততে একতাক বিপদত পেলায় । দেশত এনে এটা 'অতি বৃহৎ ৰাজনৈতিক শ্ৰেণী' আছে, যিয়ে ইতিবাচক ৰাজনীতি কৰাৰ কোনো উপায় নেদেখে । এই লোকসকল কেৱল নিজৰ স্বাৰ্থৰ প্ৰতিহে আগ্ৰহী আৰু তেওঁলোকে নিজৰ ৰাজনৈতিক লক্ষ্য লাভ কৰিবলৈ দেশৰ ঐক্যক আঘাত কৰিবলৈও কুণ্ঠাবোধ নকৰে ।

আনহাতে, দেশৰ উন্নয়ন বন্ধ কৰাৰ বাবে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে সতৰ্ক কৰি দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইয়াৰ বাবে মানুহে দেশক তললৈ নামিবলৈ দিব নালাগে আৰু দেশৰ ঐক্য বজাই ৰখাৰ প্ৰচেষ্টা কোনো মূল্যতে পৰিত্যাগ কৰিব নালাগে । স্বাধীনতা আন্দোলনৰ সময়ত প্ৰতিজন ভাৰতীয়ই স্বাধীনতা লাভ কৰাৰ বাবে অক্লান্তভাৱে যুঁজ দিছিল । বৰ্তমান দেশখনক যিকোনো ভাবুকিৰ পৰা সু-উন্নত আৰু মুক্ত কৰাৰ বাবে পৰৱৰ্তী ২৫ বছৰৰ বাবে একে ধৰণৰ প্ৰচেষ্টা কৰিব লাগিব ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সমগ্ৰ বিশ্বই বৰ্তমান ভাৰতৰ সাফল্যৰ প্ৰতি লক্ষ্য ৰাখিছে । বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰক এক নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰচেষ্টা চলি আছে । বিশ্বৰ অস্থিৰতা আৰু কোভিড-১৯ মহামাৰীৰ ফলত কিছুমান দেশত মুদ্ৰাস্ফীতি সৰ্বোচ্চ স্তৰত উপনীত হৈছিল, কিন্তু ভাৰতৰ পতাকা সদায় ঊৰ্ধ্বমুখে উৰি থাকে । প্ৰধানমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক :National Unity Day : ৰাষ্ট্ৰীয় একতা দিৱসত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.