নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ : টকিঅ' অলিম্পিকৰ স্বৰ্ণ জয়ী নীৰজ চোপ্ৰাক শেহতীয়াকৈ একাংশ ছাত্ৰ-ছাত্ৰীৰ সৈতে দেখা গৈছে । খেলুৱৈগৰাকীয়ে আহমেদাবাদৰ সংস্কাৰধাম বিদ্যালয় পৰিদৰ্শন কৰিছে লগতে তাত সমবেত হোৱা ৭৫ খন বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰিছে (Neeraj Chopra visits Sanskardham School in Ahmedabad) । এই কাৰ্যসূচীত যুৱ শিক্ষাৰ্থীসকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰা চেষ্টা কৰিছিল খেলুৱৈগৰাকীয়ে ।
ক্ৰীড়াৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীসকলক এক সন্তুলিত আহাৰ, ফিটনেছ আৰু ক্ৰীড়াৰ গুৰুত্বৰ বিষয়েও সজাগ কৰাৰ চেষ্টা কৰে নীৰজ চোপ্ৰাই (Neeraj Chopra motivating young students of Gujarat) । খেলুৱৈগৰাকীৰ এই পদক্ষেপক প্ৰশংসা কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Modi praises Javelin thrower Neeraj Chopra) । প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটযোগে খেলুৱৈগৰাকীক ধন্যবাদ জ্ঞাপন কৰি কয় যে, খেলুৱৈগৰাকীৰ এনে প্ৰচেষ্টাই ক্ৰীড়া আৰু ব্যায়ামৰ প্ৰতি দেশবাসীৰ কৌতুহল বৃদ্ধি কৰিব ।
খেলুৱৈগৰাকীৰ বিদ্যালয় ভ্ৰমণ আৰু শিক্ষাৰ্থীসকলৰ সৈতে হোৱা বাৰ্তালাপৰ বিষয়ে টুইট টেগ কৰি মোডীয়ে দেশৰ যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰিবলৈ সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । যাতে তেওঁলোকে খেলপথাৰত উন্নত প্ৰদৰ্শন কৰিব পাৰে । বিদ্যালয় পৰদৰ্শনৰ সময়ত নীৰজ চোপ্ৰাই শিক্ষাৰ্থীসকলক জেভলিন দলিওৱাৰ কৌশল শিকোৱা কাৰ্যক মহান আখ্যা দিয়ে প্ৰধানমন্ত্ৰী মোডীয়ে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশত দেশৰ ক্ৰীড়া মন্ত্ৰালয়, যুৱ পৰিক্ৰমা আৰু শিক্ষা বিভাগে আৰম্ভ কৰিছে এক বিশেষ অভিযানৰ । এই অভিযানৰ জৰিয়তে শিক্ষাৰ্থীসকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে অলিম্পিক আৰু পেৰালিম্পিকৰ খেলুৱৈসকলে পৰিদৰ্শন কৰিব দেশৰ ভিন্ন প্ৰান্তৰ বিদ্যালয় । এই অভিযানৰে অংশ হিচাপে নীৰজ চোপ্ৰা উপস্থিত হৈছিল আহমেদাবাদৰ বিদ্যালয়ত ।