ETV Bharat / bharat

জেড প্লাছ নিৰাপত্তা বিচাৰি বোম্বে উচ্চ ন্যায়ালয়ত আবেদন আদাৰ পুনাৱালাৰ

দত্ত মানে নামৰ এগৰাকী অধিবক্তাই চিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ)' আদাৰ পুনাৱালা আৰু তেওঁৰ পৰিয়ালৰ বাবে জেড প্লাছ নিৰাপত্তা বিচাৰি বোম্বে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে । পুনাৱালাক ভাবুকি প্ৰদান কৰাসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ পৰা নিৰ্দেশনা বিচাৰি আবেদন দাখিল কৰে ।

author img

By

Published : May 6, 2021, 1:32 PM IST

Plea in Bombay HC seeking Z plus security for Adar Poonawalla
বোম্বে উচ্চ ন্যায়ালয়ত আদাৰ পুনাৱালাৰ জেড প্লাছ নিৰাপত্তা বিচাৰি আবেদন

নেশ্যনেল ডেস্ক, ৬ মে': বোম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ চিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ)' আদাৰ পুনাৱালা । দৰাচলতে, আদাৰ পুনাৱালাই তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বাবে জেড প্লাছ নিৰাপত্তা বিচাৰি বুধবাৰে বোম্বে উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰে । পুনাৱালাৰ হৈ দত্ত মানে নামৰ এগৰাকী অধিবক্তাই বোম্বে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে আৰু পুনাৱালাক ভাবুকি দিয়াসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ আদালতৰ পৰা নিৰ্দেশনা বিচাৰে দত্তই ।

উল্লেখ্য যে, পুনাৱালাই দীৰ্ঘদিনৰে পৰা ভাবুকি লাভ কৰি আহিছে । পৰৱৰ্তী সময়ত তেওঁ স্বদেশ এৰি লণ্ডনলৈ ৰাওনা হয় ।

ইয়াৰ পূৰ্বে, ২৮ এপ্ৰিলত গৃহ মন্ত্ৰালয়ে জনাইছিল যে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী (চিআৰপিএফ) য়ে চিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়াক সমগ্ৰ দেশতে ৱাই শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰিব । উল্লেখ্য যে, পুনেস্থিত চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই (এছ আই আই) 'কোভীশ্বিল্ড' ক'ভিড প্ৰতিষেধক প্ৰস্তুত কৰিছে ।

লগতে পঢ়ক: পশ্চিম ত্ৰিপুৰাৰ বিতৰ্কিত জিলা দণ্ডাধীশক দক্ষিণ ত্ৰিপুৰালৈ বদলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.