ETV Bharat / bharat

Terror conspiracy: হায়দৰাবাদত ভয়ংকৰ কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা

author img

By

Published : May 12, 2023, 10:37 PM IST

এক ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল হায়দৰাবাদ ৷ হিজব-উত-তাহৰিৰ নামৰ এটা সন্ত্ৰাসবাদী সংগঠনে কৰিছিল হায়দৰাবাদত ভয়ংকৰ বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা (Terror conspiracy in Hyderabad) ৷

Terror conspiracy
Terror conspiracy

নিউজ ডেস্ক, 12 মে’: হায়দৰাবাদত ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰাৰ পৰিকল্পনা কাৰ ? হায়দৰাবাদ আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে কেতবোৰ অতি চাঞ্চল্যকৰ তথ্য ৷ আৰক্ষীয়ে লাভ কৰিছে হিজব-উত-তাহৰিৰ (Hizb-ut-Tahrir) নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ ভয়ংকৰ পৰিকল্পনাৰ তথ্য ৷ সংগনটোৰে জড়িত এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাচতেই আৰক্ষীয়ে লাভ কৰিছে তথ্য ৷ আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি হায়দৰাবাদত এক বৃহৎ বিস্ফোৰণ সংঘটিত কৰাৰ পৰিকল্পনা কৰা হৈছিল ৷ যাৰ বাবে সংগঠনটোৱে তিনিটা প্ৰক্ৰিয়া অনুসৰণ কৰিছিল (Planning for massive explosions in Hyderabad) ৷

প্ৰথম পৰ্যায়ত, তেওঁলোকে যুৱকসকলক সংগঠনটোৰ প্ৰতি আকৰ্ষিত কৰে ৷ দ্বিতীয় পৰ্যায়ত, তেওঁলোকক প্ৰযুক্তি আৰু অন্যান্য দিশত প্ৰশিক্ষণ দিয়া হয় আৰু তৃতীয় পৰ্যায়ত আক্ৰমণ সংঘটিত কৰা হয় ৷ ইয়াৰ দ্বাৰা এক ভয়ংকৰ গণ আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰা হৈছিল বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ হায়দৰাবাদৰ বিকাৰাবাদৰ অনন্তগিৰি পাহাৰত আক্ৰমণ সংঘটিত কৰাৰ বাবে যুৱকসকলক বন্দুক আৰু আন আন অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল বুলিও তথ্য লাভ কৰিছে আৰক্ষীয়ে (Explosion planning in Hyderabad) ৷

তথ্য অনুসৰি মধ্য প্ৰদেশ আৰক্ষীয়ে ভূপাল আৰু হায়দৰাবাদত একেলগে অভিযান চলাই সন্ত্ৰাসবাদী সংগঠনটোৰ আৰু 16 জন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত পাঁচটা অভিযুক্ত হায়দৰাবাদৰ ৷ বুধবাৰে আন এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাচত সংগঠনটোৰে জড়িত অভিযুক্তৰ সংখ্যা 17 বৃদ্ধি পায় (Bombing planning in Hyderabad) ৷

অনুসন্ধানত আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি মহম্মদ চেলিম ওৰফে সৌৰভ ৰাজ নামৰ এজন লোকে হিজব-উত-তাহৰিৰ কাৰ্যকলাপ পৰিচালনাৰ দায়িত্বত আছিল ৷ অভিযুক্ত মহম্মদ চেলিম এখন মহাবিদ্যালয়ৰ প্ৰৱক্তা বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে (Terror conspiracy in Hyderabad) ৷

যুৱকসকলক আকৰ্ষিত কৰিবলৈ আৰু সংগঠনটোৰ কাৰ্যকলাপ ত্বৰান্বিত কৰিবলৈ অভিযুক্ত মহম্মদ চেলিমে এটা ইউটিউব চেনেল আৰম্ভ কৰিছিল বুলি উল্লেখ আৰক্ষীৰ ৷ যিটো চেনেলত আছিল ধৰ্মান্তৰকৰণৰ সৈতে জড়িত 33 টা ভিডিঅ’ ৷

লগতে পঢ়ক: Brij Bhushan case: ব্ৰীজ ভূষণ শৰণ সিঙৰ ভাষ্য বাণীবদ্ধ দিল্লী আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.