ETV Bharat / bharat

উন্মোচনৰ পূৰ্বেই জব্দ কৰা হ’ল ফুলনদেৱীৰ প্ৰতিমূৰ্তি

উন্মোচনৰ পূৰ্বেই উত্তৰ প্ৰদেশ আৰক্ষী আৰু প্ৰশাসনে জব্দ কৰে একালৰ ডকাইত তথা লোকসভাৰ প্ৰাক্তন সাংসদ ফুলনদেৱীৰ (Phoolan Devi) প্ৰতিমূৰ্তি ৷ দেওবাৰে ফুলনদেৱীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে Vikassheel Insaan Partyৰ উদ্যোগত প্ৰতিমূৰ্তিটো স্থাপনৰ যো-জা কৰা হৈছিল ৷

author img

By

Published : Jul 26, 2021, 11:40 AM IST

Phoolan Devi statue seized in UP before installation; Bihar minister Sahani returned from airport
উন্মোচনৰ পূৰ্বেই জব্দ কৰা হ’ল ফুলনদেৱীৰ প্ৰতিমূৰ্তি

নেশ্যনেল ডেস্ক, 26 জুলাই : দেওবাৰে উত্তৰ প্ৰদেশ আৰক্ষী আৰু প্ৰশাসনে স্থাপনৰ পূৰ্বেই জব্দ কৰে ডকাইত তথা ৰাজনীতিবিদ ফুলনদেৱীৰ (Phoolan Devi) প্ৰতিমূৰ্তি ৷ ইয়াৰ উপৰিও এই প্ৰতিমূৰ্তিটো উন্মোচন অনুষ্ঠানত অংশ ল’বলৈ অহা বিহাৰৰ মন্ত্ৰী মুকেশ চাহানীকো (Mukesh Sahani) বাৰাণসী বিমান বন্দৰৰ পৰা ওলোৱাত বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ প্ৰাক্তন লোকসভা সাংসদ ফুলনদেৱীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁৰ এটি প্ৰতিমূৰ্তি আমিলহাৰা গাঁৱত স্থাপন কৰাৰ কথা আছিল ৷ ইয়াৰ বাবে এখন মঞ্চও নিৰ্মাণ কৰাৰ কথা জনায় আৰক্ষী অধীক্ষক ৰাম বদন সিঙে ৷

এই সম্পূৰ্ণ অনুষ্ঠানটো বিহাৰৰ বিজেপি মিত্ৰটোঁটৰ দল Vikassheel Insaan Partyৰ উদ্যোগত মুকেশ চাহানীৰ নেতৃত্বত অনুষ্ঠিত কৰা হৈছিল ৷ এইক্ষেত্ৰত বিজেপি দলে জাতিগত বৈষম্য প্ৰদৰ্শন কৰা বুলি Vikassheel Insaan Party অভিযোগ কৰিছে ৷ আনহাতে, ভদোহী উপ-সংমণ্ডলৰ দণ্ডাধীশ আশিস কুমাৰে জানিবলৈ দিয়া অনুসৰি প্ৰতিমূৰ্তিটো স্থাপনৰ বাবে কোনো ধৰণৰ অনুমতি বিচৰা হোৱা নাছিল ৷ লগতে প্ৰতিমূৰ্তিটো স্থাপনৰ বাবে ধাৰ্য কৰা ঠাইডোখৰো গ্ৰাম সমাজৰ অন্তৰ্ভুক্ত বুলি কয় দণ্ডাধীশগৰাকীয়ে ৷

লগতে পঢ়ক : আৰক্ষীৰ হাতৰ পৰা সন্ত্ৰাসবাদীয়ে কাঢ়ি নিলে AK-47

ভদোহীৰ আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, "ফুলনদেৱীৰ প্ৰতিমূৰ্তি উন্মোচনৰ বাবে ইয়াত উপস্থিত হোৱা Vikassheel Insaan Partyৰ প্ৰধান তথা বিহাৰৰ পশুপালন মন্ত্ৰীগৰাকীক বাৰাণসী বিমান বন্দৰৰ পৰা আহিবলৈ অনুমতি দিয়া নহয় আৰু তেওঁক পুনৰ বিমান বন্দৰৰ পৰাই বিহাৰলৈ ওভটাই পঠিওৱা হয় ৷ চাহানীয়ে এই প্ৰতিমূৰ্তিটো ইয়ালৈ প্ৰৰণ কৰিছে আৰু ইয়াৰ শীঘ্ৰেই ওভটাই পঠিওৱাৰ ব্যৱস্থা কৰা হ’ব ৷"

Vikassheel Insaan Partyৰ জিলা সভাপতি ৰমাকান্ত কেৱতে সাংসদগৰাকীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে তেওঁলোকে প্ৰতিমূৰ্তিটো উন্মোচনৰ পৰিকল্পনা কৰিছিল কিন্তু আৰক্ষীয়ে প্ৰতিমূৰ্তিটো নিজৰ জিম্মালৈ লয় ৷ এই কাৰ্যৰ দ্বাৰা বিজেপিয়ে নিজৰ জাতিগত বৈষম্যসূচক মানসিকতা প্ৰদৰ্শন কৰা বুলি অভিযোগ ৰমাকান্ত কেৱতৰ ৷

উল্লেখ্য যে, 2001 চনৰ 25 জুলাইৰ দিনটোতে ‘বেণ্ডিট কুইন’ (Bandit Queen) হিচাপে খ্যাত ফুলনদেৱীক দিল্লীত হত্যা কৰা হৈছিল ৷ তেওঁ সমাজবাদী পাৰ্টীৰ পৰা লোকসভাৰ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল ৷

লগতে পঢ়ক : বিশ্ব ঐতিহ্যক্ষেত্ৰত অন্তৰ্ভুক্ত তেলেংগানাৰ ৰামাপ্পা মন্দিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.