ETV Bharat / bharat

দেশত পেট্ৰ'ল-ডিজেলৰ মূল্যৰ অভিলেখ - প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য

দেশত পেট্ৰ'ল-ডিজেলৰ মূল্যই অভিলেখ গঢ়িলে । মঙলবাৰৰ দিনটোত দুয়োবিধ ইন্ধনজাত সামগ্ৰীৰ মূল্য পুনৰ বৃদ্ধি হ'ল । দেশৰ ভিতৰতে সৰ্বাধিক পেট্ৰ'ল মূল্য মুম্বাইত প্ৰতি লিটাৰত ১০৮.৬৭ টকা ।

prices hiked
দেশত পেট্ৰ'ল ডিজেলৰ মূল্যৰ অভিলেখ
author img

By

Published : Oct 5, 2021, 11:04 AM IST

নেশ্যনেল ডেস্ক, ৫ অক্টোবৰ : দেশজুৰি পেট্ৰ'ল ডিজেলৰ মূল্য়বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । কিন্তু তাৰ মাজতো দেশত পেট্ৰ'ল ডিজেলৰ মূল্য় হ্ৰাস হোৱা পৰিলক্ষিত হোৱা নাই । এইবাৰ দেশত পেট্ৰ'ল-ডিজেলৰ মূল্যই গঢ়িলে অভিলেখ ।

মঙলবাৰে দিল্লীত পেট্ৰ'লৰ মূল্য ২৫ পইচাকৈ বৃদ্ধি হৈছে আৰু প্ৰতি লিটাৰত ইয়াৰ মূল্য হৈছেগৈ ১০২.৬৪ টকা । মুম্বাইত প্ৰতি লিটাৰত ২৪ পইচাকৈ বৃদ্ধি হৈ ইয়াৰ মূল্য হৈছেগৈ ১০৮.৬৭ টকা । কলকাতাত সৰ্বাধিক ২৯ পইচা বৃদ্ধি হৈছে আৰু চহৰখনত সম্প্ৰতি প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হৈছেগৈ ১০৩.৩৬ টকা । ঠিক তেনেদৰে চেন্নাইত বৰ্তমান পেট্ৰ'লৰ মূল্য ১০০.২৩ টকা ।

একেদৰে ডিজেলৰ মূল্যও ৩০ পইচাকৈ বৃদ্ধি হৈছে । শনিবাৰলৈ দিল্লীত ডিজেল প্ৰতি লিটাৰত হ'ব ৯১.০৭ টকা । মুম্বাইত ডিজেলৰ মূল্য ৯৮.৮০ টকা, কলকতাত ৯৪.১৭ টকা আৰু চেন্নাইত প্ৰতি লিটাৰত ৯৫.৫৯ টকা । মুঠতে পেট্ৰ'লৰ সমান্তৰালকৈ হয়টো আৰু কিছুদিন পাছত ডিজেলৰ মূল্যও ১০০ৰ ঘৰ পাৰ হ'ব ।

লগতে পঢ়ক:অমৃত মহোৎসৱত অংশগ্ৰহণৰ বাবে লক্ষ্ণৌত মোডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.