ETV Bharat / bharat

Manipur Violence : মণিপুৰত কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰত আক্ৰমণ; প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ দিল্লীত বিৰোধী - minister RK Ranjans house attacked in Manipur

বৃহস্পতিবাৰে নিশা ইম্ফলত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহত উন্মত্ত জনতাৰ এটা দলে আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল ।

Manipur Violence
Manipur Violence
author img

By

Published : Jun 16, 2023, 8:17 PM IST

নিউজ ডেস্ক, ১৬ জুন : মণিপুৰত নতুনকৈ সংঘটিত হৈছে হিংসাত্মক ঘটনা । বৃহস্পতিবাৰে নিশা ইম্ফলৰ কংবাত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে । অৱশ্যে এই ঘটনাক মণিপুৰ চৰকাৰে নিশ্চিত কৰিছে ।

বৃহস্পতিবাৰে আবেলি ইম্ফলৰ নিউ চেকন এলেকাত উন্মত্ত জনতাই দুটা ঘৰত অগ্নিসংযোগ কৰাৰ পিছত এই ঘটনাটো সংঘটিত হয় । ঘটনাৰ তথ্য লাভ কৰাৰ পিছত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ কেৰালাৰ এৰ্নাকুলামত থকা ৰঞ্জন সিং মণিপুৰলৈ উভতি যায় ।

আনহাতে, কেৰালাত সাংবাদিকৰ সৈতে বাৰ্তালাপত ৰঞ্জন সিঙে কয় যে কেন্দ্ৰই উত্তৰ-পূবৰ ৰাজ্যখনত শান্তি পুনৰ স্থাপনৰ চেষ্টা কৰি আছে আৰু তাৰ মাজতে তেওঁৰ ঘৰ জ্বলাই দিয়াটো দুৰ্ভাগ্যজনক । "মণিপুৰত সংঘটিত হিংসাৰ কাৰণ হৈছে ভুল বুজাবুজি আৰু সংঘৰ্ষ পৰিহাৰ কৰিবলৈ সকলো প্ৰচেষ্টা কৰা হৈছে । দুয়োটা গোটৰ মাজত সংঘৰ্ষৰ ফলতে এই হিংসাত্মক ঘটনা সংঘটিত হৈছে ।" তেওঁ লগতে কয় ।

ৰঞ্জন সিঙৰ মতে, কেন্দ্ৰই আৰম্ভণিৰে পৰা শান্তিৰ বাবে প্ৰচেষ্টা চলাই আহিছে । "চৰকাৰে পৰিস্থিতি শান্ত কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিব ।" তেওঁ লগতে যোগ দিয়ে যে তেওঁৰ গৃহৰাজ্যৰ এই সমস্যা 'ধৰ্মীয়' নহয় ।

ইফালে মণিপুৰত জাতিগত হিংসা অব্যাহত থকাৰ পিছতো ৰাজ্যখনৰ ১০ টা বিৰোধী দলৰ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ নতুন দিল্লীত উপস্থিত হৈছে । "আমি চলি থকা হিংসা বন্ধ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপ বিচাৰোঁ । সেয়েহে আমি ৰাজ্যখনৰ ১০ টা বিৰোধী দলৰ নেতৃত্ব দিল্লীলৈ আহিছোঁ ।" মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুৰব্বী কে মেঘাচন্দ্ৰ সিঙে ইটিভি ভাৰতৰ আগত এনেদৰে কয় ।

"১০ জুনত আমি প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ সাক্ষাতৰ অনুমতি বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ । কিন্তু আজিলৈকে আমি কোনো সময় পোৱা নাই । ইমানসংখ্যক লোকৰ মৃত্যু হৈছে, কেইবাজনো আহত হৈছে । কিন্তু প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতিটোৰ বিষয়ে খুব কম চিন্তিত যেন লাগে ।" সিঙে লগতে কয় ।

উল্লেখ্য, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী, জনতা দল (ইউনাইটেড), আম আদমী পাৰ্টী, শিৱসেনা (উদ্ধৱ বালাচাহেব থাকৰে), অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক (এআইএফবি), বিপ্লৱী সমাজতান্ত্ৰিক দল, চিপিএম আৰু চিপিআইকে ধৰি প্ৰতিটো দলৰ দুজনকৈ প্ৰতিনিধি মোদীক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ গৈছে ।

লগতে পঢ়ক :Manipur violence : গৃহত অগ্নিসংযোগৰ পিছত মণিপুৰলৈ উভতিল কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.