ETV Bharat / bharat

কিয় তিনিটা সন্তান বিচাৰে উত্তৰ প্ৰদেশৰ বহু লোকে - উত্তৰ প্ৰদেশ আইন আয়োগ

জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ খচৰা সন্দৰ্ভত বিভিন্ন ধৰণৰ পৰামৰ্শ লাভ কৰিছে উত্তৰ প্ৰদেশ আইন আয়োগে । বেছিভাগ লোকে দুটাৰ ঠাইত তিনিটা সন্তানৰ হে পৰামৰ্শ প্ৰদান কৰিছে ।

child norm in draft bill for population control
দুটা নহয় তিনিটা সন্তান বিচাৰে উত্তৰ প্ৰদেশৰ বহু লোকে
author img

By

Published : Aug 10, 2021, 6:00 PM IST

নেশ্যনেল ডেস্ক, ১০ আগষ্ট : জনসংখ্যা নিয়ন্ত্ৰণক (population control) লৈ উত্তৰ প্ৰদেশ চৰকাৰ যথেষ্ট সষ্টম হৈছে । জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ খচৰা (draft law for population control) সন্দৰ্ভত ৰাইজে দিয়া পৰামৰ্শবোৰ ইতিমধ্যে আইন আয়োগে ৫৩ টা শ্ৰেণীত বিভক্ত কৰিছে । বেছিভাগ লোকে দুটাৰ ঠাইত তিনিটা সন্তানৰ হে পৰামৰ্শ প্ৰদান কৰিছে ।

ইয়াত অন্তৰ্ভুক্ত পৰামৰ্শবোৰৰ ভিতৰত আছে যে যদি কোনো দম্পতীৰ প্ৰথম দুগৰাকী কন্যা সন্তান থাকে বা প্ৰথম দুগৰাকী সন্তান যদি বিশেষভাৱে সক্ষম তেনে ক্ষেত্ৰত তিনিটা সন্তানৰ নিয়ম কাৰ্যকৰী কৰিব লাগে ।

উত্তৰ প্ৰদেশ আইন আয়োগৰ অধ্যক্ষ ন্যায়াধীশ এ এন মিট্টালে কোৱা মতে, আয়োগে শীঘ্ৰেই ইয়াৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক (Yogi Adityanath) হস্তান্তৰ কৰিব । যোৱা মাহত ৱেবছাইটত জনসাধাৰণৰ পৰা পৰামৰ্শ বিচাৰি আবেদন জনাইছিল আৰু ৮,৫০০ ৰো অধিক পৰামৰ্শ লাভ কৰিছিল আয়োগে । সূত্ৰ অনুসৰি কেইবাজনো লোকে পৰামৰ্শ দিছে যে যিসকল লোকৰ দুটাতকৈ অধিক সন্তান আছে তেওঁলোকক সাংসদ আৰু বিধায়ক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বাধা দিব লাগে ।

অন্যান্য পৰামৰ্শবোৰৰ ভিতৰত আছে দুটাতকৈ অধিক সন্তান থকা দম্পতীসকলক সংৰক্ষণৰ সুবিধাৰ পৰা বঞ্চিত কৰিব লাগে লগতে তেওঁলোকৰ ভোটদানৰ অধিকাৰ প্ৰত্যাহাৰ কৰিব লাগে বুলিও একাংশ লোকে পৰামৰ্শ দিছে ।

জনসংখ্যা খচৰা আইন অনুসৰি, যিসকলৰ দুটাতকৈ অধিক সন্তান আছে তেওঁলোকে চৰকাৰী চাকৰিত আবেদন কৰিব নোৱাৰিব । যিসকল ইতিমধ্যে চৰকাৰী চাকৰিত আছে তেওঁলোকক পদোন্নতিৰ পৰা বঞ্চিত কৰা হ'ব । ইয়াৰ উপৰিও, এনে অভিভাৱকে ৭৭ টা চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰাও বঞ্চিত হ'ব ।

আনহাতে এই খচৰা অনুসৰি এটা সন্তান থকা অভিভাৱকসকলে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব । এটা সন্তানৰ অভিভাৱকসকল চৰকাৰী চাকৰিত নিয়োজিত হৈ থাকে তেন্তে তেওঁলোকে পদোন্নতি আৰু বিভিন্ন ৰেহাই পাব লগতে চৰকাৰী আৱাস আঁচনিৰ ক্ষেত্ৰতো সুবিধা লাভ কৰিব ।

যদি তেওঁলোক চৰকাৰী চাকৰিয়াল নহয় তেন্তে পানীৰ কৰ, গৃহৰ কৰ, গৃহ ঋণ আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰত ৰেহাই পাব । ইয়াৰ উপৰিও যদি এটা সন্তান থকা অভিভাৱকে জন্ম নিয়ন্ত্ৰণৰ সিদ্ধান্ত লয় তেনেহ'লে তেওঁলোকৰ সেই শিশুটো ২০ বছৰ বয়সলৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা, শিক্ষা আৰু বীমাৰ অধিকাৰী হ'ব । শিশুটোৱে চৰকাৰী চাকৰিতো অগ্ৰাধিকাৰ লাভ কৰিব ।

লগতে পঢ়ক : বিদেশী নাগৰিককো দিয়া হ’ব প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.