ETV Bharat / bharat

Oppositions bloc INDIA convener : যিকোনো লোক 'INDIA'ৰ আহ্বায়ক হ'ব পাৰে; লালু প্ৰসাদ যাদৱ - Oppositions bloc INDIA

আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ মতে যিকোনো ব্যক্তিয়ে বিৰোধী মিত্ৰজোঁট 'INDIA'ৰ আহ্বায়ক হ'ব পাৰে । মুম্বাইৰ বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।

Oppositions bloc INDIA convener
যিকোনো লোকে 'INDIA'ৰ আহ্বায়ক হ'ব পাৰে
author img

By

Published : Aug 22, 2023, 2:25 PM IST

নেশ্যনেল ডেস্ক, ২২ আগষ্ট : বিৰোধী মিত্ৰজোঁট ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স (INDIA)ৰ আহ্বায়ক সন্দৰ্ভত ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ গুৰুত্বপূৰ্ণ ঘোষণা । আৰজেডিৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদে মঙলবাৰে দাবী কৰে যে যিকোনো ব্যক্তিয়ে বিৰোধী মিত্ৰজোঁটৰ আহ্বায়ক হ'ব পাৰে । 'INDIA' মিত্ৰজোঁটৰ আহ্বায়ক কোন হ'ব সেই সন্দৰ্ভত কোনো বিবাদ নাই বুলিও তেওঁ দাবী কৰে । লালুৱে কয় যে মুম্বাইত ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বৈঠকত আহ্বায়ক সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।

প্ৰতি ৩-৪ খন ৰাজ্যৰ বাবে আহ্বায়ক বা এখন ৰাজ্যৰ বাবে এজন আহ্বায়ক হোৱাৰ সম্ভাৱনা আছে । গোপালগঞ্জত সংবাদ মাধ্যমৰ সন্মুখত লালু যাদৱে এই কথা স্পষ্ট কৰে । দুটা বা ততোধিক দলৰ মাজত সমন্বয় স্থাপনৰ বাবে এজন আহ্বায়ক নিযুক্তি দিয়া হ'ব । এই বিষয়টোত কোনো বিবাদ নাই আৰু সকলোৱে মুম্বাইত একেলগে বহিব আৰু সৰ্বসন্মতিক্ৰমে INDIA ৰ আহ্বায়ক নিযুক্ত কৰিব বুলি তেওঁ উল্লেখ কৰে ।

পাটনাত অনুষ্ঠিত প্ৰথম বৈঠকত জেডি (ইউ)ৰ অধ্যক্ষ তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক 'INDIA'ৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হ'ব বুলি চৰ্চা চলিছিল কিয়নো তেওঁ বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ এখন মঞ্চৰ তললৈ বহুতো দলক আনিছিল । ইয়াৰ পূৰ্বে, লালু প্ৰসাদ যাদৱে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এন ডি এ (ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট)ক উৎখাত কৰা 'INDIA'ৰ মিত্ৰজোঁটৰ ওপৰত আস্থা প্ৰকাশ কৰিছিল ।

বিৰোধী মিত্ৰজোঁটৰ আহ্বায়ক কোন হ'ব তাক লৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলি আছে । তেনে সময়তে লালু প্ৰসাদ যাদৱৰ এই মন্তব্যই বিৰোধীৰ মাজতো ব্যাপক চৰ্চা লাভ কৰিছে । অৱশ্যে কাক কাক আহ্বায়কৰ দায়িত্ব দিয়া হ'ব সেয়া সময়েহে ক'ব ?

লগতে পঢ়ক :Lalu prasad slams Modi: স্বাধীনতা দিৱসৰ ভাষণত নিজৰ হতাশা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ; লালু প্ৰসাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.