নেশ্যনেল ডেস্ক,২৪ এপ্ৰিল : সোমবাৰে অৰ্থাৎ আজি পাটনা উচ্চ ন্যায়ালয়ত ৰাহুল গান্ধীৰ আবেদনক লৈ গুৰুত্বপূৰ্ণ শুনানি (Patna Court hearing on Modi surname issue)। মোডী উপাধি গোচৰত পাটনাৰ এমপি/এম এল এ আদালতত ৰাহুল গান্ধী উপস্থিত হ'ব লাগিব নে নাই এই শুনানিৰ পাচতে নিশ্চিত হ'ব । ২৫ এপ্ৰিলত এমপি/এম এল এ আদালতে ৰাহুল গান্ধীক আদালতত হাজিৰ হ'বলৈ জাননী প্ৰেৰণ কৰিছিল । সেই জাননীক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধীয়ে আবেদন দাখিল কৰিছিল ।
১২ এপ্ৰিলত পাটনাৰ এমপি-এমএলএ আদালতত মোডীৰ উপাধি গোচৰত শুনানি অনুষ্ঠিত হৈছিল । শুনানিৰ সময়ত ৰাহুল গান্ধীক ব্যক্তিগতভাৱে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল (Patna MP MLA court order against Rahul Gandhi)।
উল্লেখ্য যে এই গোচৰটো ২০১৯ চনত সুশীল কুমাৰ মোডীয়ে দাখিল কৰিছিল । তেওঁ অভিযোগ কৰিছিল যে ৰাহুল গান্ধীয়ে মোডী উপাধিৰ লোকক চোৰ বুলি কৈ অপমান কৰিছে । তাৰ পাচত গোচৰটোত, কংগ্ৰেছ নেতাজনে আদালতত উপস্থিত হয় আৰু জামিনো গ্ৰহণ কৰে । এই গোচৰত ৫ জন সাক্ষী আছে । তাৰ ভিতৰত আছে সুশীল কুমাৰ মোডী । সুশীল মোডী এই গোচৰটোৰ অন্তিম সাক্ষী ।
যদি নিম্ন আদালতৰ এই নিৰ্দেশ উচ্চ ন্যায়ালয়ে স্থগিত ৰাখে, তেন্তে ৰাহুল গান্ধীয়ে ২৫ এপ্ৰিলত পাটনাৰ এমপি-এমএলএ আদালতত হাজিৰ হ'ব নালাগে । অৱশ্যে পাটনা আদালতে শুনানিৰ সময়ত কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হে লক্ষ্যনীয় হ'ব ?
বিজেপি নেতা পূৰ্ণেশ মোডীয়েও মোডী উপাধি সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্যৰ বিৰুদ্ধে চুৰাটত অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল (Modi surname issue)। ২০২৩ চনৰ ২৩ মাৰ্চত চুৰাটৰ এখন আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে । আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল । আদালতে ৰাহুলৰ ওপৰত ১৫,০০০ টকাৰ জৰিমনাও আৰোপ কৰিছিল । ইয়াৰ পাচত, লোকসভাৰ পৰাও তেওঁৰ সদস্যপদ বাতিল কৰা হয় ।
লগতে পঢ়ক :Rahul Gandhi defamation case : ৰাহুলৰ আবেদন খাৰিজ চুৰাট আদালতৰ