ETV Bharat / bharat

EAM Jaishankar on Manipur: বাহিৰৰ শক্তিয়ে প্ৰভাৱিত কৰিছে মণিপুৰৰ হিংসাক; এছ জয়শংকৰ - manipur latest news

বৈদেশিক সম্পৰ্ক পৰিষদত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷ মণিপুৰৰ সমস্যা উদ্ভৱ হোৱাৰ অন্যতম এটা কাৰণ হৈছে প্ৰব্ৰজনকাৰীয়ে অস্থিৰতা সৃষ্টি কৰা প্ৰভাৱ বুলি কয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ।

External Affairs Minister Jaishankar
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 1:57 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ: গোষ্ঠীসংঘৰ্ষত জৰ্জৰিত মণিপুৰলৈ শান্তি-সম্প্ৰীতি ঘূৰায় অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰসমূহে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে জনায় এই কথা । উত্তৰ-পূব ভাৰতৰ ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মঙলবাৰে বৈদেশিক সম্পৰ্ক পৰিষদত এছ জয়শংকৰেত কয় যে মণিপুৰৰ সমস্যা উদ্ভৱ হোৱাৰ অন্যতম এটা কাৰণ হৈছে প্ৰব্ৰজনকাৰীয়ে সৃষ্টি কৰা অস্থিৰতাৰ প্ৰভাৱ ।

লগতে মন্ত্ৰীগৰাকীয়ে কয়, "অৱশ্যে এনে উত্তেজনাও অব্যাহত আছে যিবোৰৰ স্পষ্টভাৱে দীৰ্ঘদিনীয়া ইতিহাস আছে । আজি মই ভাবো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৰাজ্যখনত স্বাভাৱিক পৰিৱেশ ঘূৰি আহিবলৈ চিন্তা চৰ্চা অব্যাহত ৰখা পৰিলক্ষিত হৈছে ৷ ৰাজ্যখনত হিংসাত্মক কাণ্ড যাতে সংঘটিত নহয় তাৰ বাবে পৰ্যাপ্ত আইন-শৃংখলা বলৱৎ কৰা হৈছে ।’’

চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞৰ এটা দলে মণিপুৰত মহিলা আৰু ছোৱালীক লক্ষ্য কৰি হোৱা হিংসাৰ খবৰ আৰু ছবিয়ে তেওঁলোকক “স্তম্ভিত” কৰি তোলা বুলি উল্লেখ কৰে আৰু ভাৰত চৰকাৰক এই কাণ্ডৰ তদন্ত আৰু অপৰাধীক জবাবদিহি কৰাৰ বাবে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । মণিপুৰত যৌন হিংসা, ন্যায় বহিৰ্ভূত হত্যা, ঘৰ ধ্বংস, বলপূৰ্বক স্থানচ্যুতি, নিৰ্যাতন আৰু দুৰ্ব্যৱহাৰকে ধৰি গুৰুতৰ মানৱ অধিকাৰ উলংঘা আৰু দুৰ্ব্যৱহাৰৰ বাতৰিৰ সন্দৰ্ভত বিশেষজ্ঞসকলে উদ্বিগ্নতা প্ৰকাশ কৰিছিল ।

ভাৰতে এই মন্তব্যক অস্বীকাৰ কৰি "অযুক্তিকৰ, কল্পনা প্ৰসূত আৰু বিভ্ৰান্তিকৰ" বুলি অভিহিত কৰিছিল আৰু ৰাজ্যখনৰ পৰিস্থিতি শান্তিপূৰ্ণ বুলি দৃঢ়তাৰে কৈছিল । জয়শংকৰক মঙলবাৰে এই সন্দৰ্ভত সোধাত তেওঁ বিশেষজ্ঞৰ উদ্বিগ্নতাক নাকচ কৰি উক্ত মন্তব্যক "অযুক্তিকৰ, কল্পনা প্ৰসূত আৰু বিভ্ৰান্তিকৰ" বুলি কয় ।

লগতে পঢ়ক : Manipur Violence : মণিপুৰত পুনৰ বন্ধ ইণ্টাৰনেট সেৱা; আজি ইম্ফললৈ চিবিআইৰ সঞ্চালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.