ETV Bharat / bharat

সংসদ ভৱনত তাণ্ডৱ যুৱকৰ: এগৰাকী অভিযুক্তৰ পিতৃয়ে ক’লে তেওঁৰ পুত্ৰ সমাজ হিতৈষী - Parliament attack

বুধবাৰে সংসদত সংঘটিত অবাঞ্চিত কাণ্ডত জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইটিভি ভাৰতে তেওঁলোকৰ এজনৰ পিতৃৰ সৈতে কথা পাতি অনুপ্ৰৱেশকাৰী কোন আৰু এই কাৰ্যৰ আঁৰত তেওঁৰ উদ্দেশ্য কি আছিল সেই বিষয়ে জানিবলৈ চেষ্টা কৰে ।

Parliament security breach
Parliament security
author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 7:17 PM IST

নিউজ ডেস্ক, 13 ডিচেম্বৰ: ২০০১ চনৰ সংসদ ভৱন আক্ৰমণৰ ২২ বছৰ সম্পূৰ্ণ হ’ল বুধবাৰে ৷ কিন্তু এই দিনটোতে লোকসভা চলি থকাৰ সময়ত দৰ্শকৰ গেলেৰীৰ পৰা জপিয়াই সদনত গেছ নিৰ্গত সামগ্ৰী নিক্ষেপ কৰাৰ এক ঘটনা সংঘটিত হ’ল ৷ যিটো ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ৷ বৃহৎ নিৰাপত্তাজনিত অমনোযোগিতাৰ সাক্ষী হৈ পৰে সংসদৰ সদস্যৰ লগতে দেশ তথা বিশ্ববাসী ।

এই ঘটনাৰ কিছু সময়ৰ পাছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সদনক অৱগত কৰে যে চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে ৷ এই কাণ্ডৰ সৈতে জড়িত দুজনক সদনৰ ভিতৰৰ পৰা আৰু দুজনক সংসদৰ বাহিৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তাৰক্ষীয়ে ।

লোকসভাত প্ৰৱেশ কৰি গেছৰ কেন ফুটাবলৈ সক্ষম হোৱা অনুপ্ৰৱেশকাৰী দুজন হৈছে শংকৰলাল শৰ্মাৰ পুত্ৰ সাগৰ শৰ্মা আৰু ডি দেৱৰাজু গৌড়াৰ পুত্ৰ ডি মনোৰঞ্জন । সংসদ কমপ্লেক্সৰ পৰিবহণ ভৱনৰ সমীপত আৰু দুজন প্ৰতিবাদকাৰী মহাৰাষ্ট্ৰৰ লাটুৰৰ আমোল সিন্দে আৰু হাৰিয়ানাৰ হিছাৰৰ নীলম নামৰ এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰা হৈছে ।

তেওঁলোকেও সংসদ ভৱনৰ বাহিৰত ধোঁৱা নিৰ্গত হোৱা গেছ কেনিষ্টাৰবোৰ খুলি শ্ল’গান দিছিল এইদৰে... "তানাশাহী নেহী চলেগী" (একনায়কত্বৰ অনুমতি দিয়া নহ'ব), "ভাৰত মাতা কি জয়" আৰু ‘‘জয় ভীম, জয় ভাৰত’’ ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অনুপ্ৰৱেশকাৰী দুজনৰ ভিতৰত অন্যতম মনোৰঞ্জনৰ পিতৃয়ে কয় যে তেওঁৰ পুত্ৰই কৰা কামক তেওঁ গৰিহণা দিয়ে । "আমি এটা কৃষক পৰিয়ালৰ পৰা আহিছো । সংসদত যি ঘটিছে মই গৰিহণা দিছো । মোৰ ল'ৰা এজন বি.ই. ইঞ্জিনিয়াৰ । তেওঁ এজন ভাল ল’ৰা আৰু তেওঁৰ কোনো বেয়া অভ্যাস নাই । তেওঁ সদায় সমাজৰ বাবে ভাল কাম কৰিব বিচাৰে । এই কাম কেনেকৈ কৰিলে নাজানো । আমাৰ ওচৰত সঁচাকৈয়ে কোনো তথ্য নাই ৷’’

উল্লেখ্য যে, খালিস্তানী নেতা গুৰপতৱন্ত সিং পান্নুনে তেওঁক হত্যাৰ চেষ্টাৰ অভিযোগৰ প্ৰতিক্ৰিয়া স্বৰূপে নতুন সংসদ ভৱনত আক্ৰমণ কৰাৰ ভাবুকি দিয়াৰ কেইদিনমান পিছতে এই ঘটনাটো সংঘটিত হৈছে ।

ঘটনাৰ কিছু সময়ৰ পাছতে দিল্লীৰ আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই সংসদত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । সংসদৰ আশে-পাশে থকা অঞ্চলটোক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ নিয়োগেৰে অভেদ্য দুৰ্গলৈ পৰিণত কৰা হয় । এই দুয়োটা ঘটনাৰ তদন্তৰ দায়িত্ব দিল্লী আৰক্ষীৰ বিশেষ কোষক দিয়া হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । ফৰেনছিক আৰু ভৌতিক প্ৰমাণ সংগ্ৰহৰ বাবে ফৰেনছিকৰ দলে সংসদ ভৱনত উপস্থিত হয় ।

২০০১ চনৰ সংসদ ভৱন আক্ৰমণৰ বৰ্ষপূৰ্তি পালন কৰা দিনটোত এই ঘটনা সংঘটিত হৈছে । ২০০১ চনৰ আজিৰ দিনটোতে পাকিস্তানস্থিত লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদ সংগঠনৰ সন্ত্ৰাসবাদীয়ে সংসদ কমপ্লেক্সত আক্ৰমণ চলাই ৯ জন লোকক হত্যা কৰিছিল ৷

লগতে পঢ়ক: সংসদৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি; লোকসভাৰ মজিয়াত তাণ্ডৱ অচিনাক্ত ব্যক্তিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.