ETV Bharat / bharat

আজিৰ পৰা পুনৰ আৰম্ভ সদনৰ বৰ্ষাকালীন অধিৱেশন

author img

By

Published : Jul 26, 2021, 10:57 AM IST

দুদিনৰ বিৰতিৰ অন্তত সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব সদনৰ বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় সপ্তাহৰ কামকাজ ৷ বিগত সপ্তাহৰ দৰে এইবাৰো দুয়োখন সদন পেগাচাছক (Pegasus) লৈ উত্তপ্ত হৈ থাকিব বুলি আশংকা কৰা হৈছে ৷

parliament-monsoon-session-to-resume-from-today
আজিৰ পৰা পুনৰ আৰম্ভ হ’ব সদনৰ বৰ্ষাকালীন অধিৱেশনৰ কামকাজ

নেশ্যনেল ডেস্ক, 26 জুলাই : সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব সদনৰ বৰ্ষাকালীন অধিৱেশনৰ (Monsoon Session) দ্বিতীয় সপ্তাহৰ কামকাজ ৷ 19 জুলাইৰ পৰা আৰম্ভ হোৱা সদনৰ বৰ্ষাকালীন অধিৱেশনখন বৰ্তমানলৈকে যথেষ্ট উত্তাল হৈ আছিল ৷

যোৱা সপ্তাহত পেগাচাছৰ (Pegasus) পৰা আৰম্ভ কৰি কৃষক আন্দোলনৰ লগতে অন্যান্য বিষসমূহ লৈ বিৰোধী দলে দুয়োখন সদনতে যথেষ্ট হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে ৷ ইয়াৰ বাবে সদন স্থগিত ৰখাৰ সিদ্ধান্ত লয় অধ্যক্ষই ৷

বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় সপ্তাহতো সদন পুনৰ উত্তাল হোৱাৰ আশংকা কৰা হৈছে ৷ বিৰোধীয়ে পেগাচাছকে ধৰি অন্য বিষয়ৰ ওপৰত চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি ল’বলৈ প্ৰস্তুত হৈ আছে ৷

লগতে পঢ়ক- পেগাচাছক লৈ উত্তপ্ত ৰাজ্যসভা

উল্লেখ্য যে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ সাংসদ মনীষ তিৱাৰীয়ে লোকসভাত ‘পেগাচাছ প্ৰজেক্ট’ (Pegasus Project) ৰিপ’ৰ্টৰ ওপৰত বিচাৰ কৰিবলৈ সদন স্থগিত ৰখাৰ প্ৰস্তাৱ দিছিল ৷ ইয়াৰ উপৰিও কংগ্ৰেছ সাংসদ মনিকম ঠাকুৰে চৰকাৰৰ দ্বাৰা পেগাচাছ স্পাইৱেৰৰ কথিত ব্যৱহাৰৰ ওপৰত বিচাৰ বিবেচনা কৰাৰ বাবে লোকসভা স্থগিত ৰখাৰ প্ৰস্তাৱ দিছিল ৷

ইয়াৰ পৰা এইটোৱে স্পষ্ট হৈ পৰিছে যে আজিও পেগাচছক লৈ দুয়োখন সদনতে উত্তাল পৰিস্থিতিৰ সৃষ্টি হোৱাটো স্বাভাৱিক ৷

লগতে পঢ়ক- PEGASUS বিতৰ্ক: তৃতীয় দিনৰ বাবে বৰ্ষাকালীন অধিৱেশন স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.