মুম্বাই, 24 ডিচেম্বৰ: অভিনেতা পংকজ ত্ৰিপাঠীয়ে আগন্তুক চিনেমা শাকিলাত এক চুপাৰষ্টাৰৰ ভূমিকাত অভিনয় কৰিবলৈ সাজু হৈছে ৷ অভিনেতা ত্ৰিপাঠীয়ে কয় যে নব্বৈ দশকৰ পাচত আকৌ এবাৰ চুপাৰষ্টাৰৰ যুগত বিলীন হ'বলৈ আৰম্ভ কৰিছো। নব্বৈ দশকৰ অভিনেত্ৰী সকল সঁচাকৈয়ে চুপাৰষ্টাৰ আছিল। তাৰ পাছৰ পৰা চুপাৰষ্টাৰৰ যুগ নোহোৱা হৈ পৰিল ৷ আগৰ অভিনেত্ৰী সকল কেৱল স্ক্ৰীণতেই নহয়,অফস্ক্ৰীণতো নায়িকা আছিল। তেওঁলোকৰ ব্যক্তিত্বই তেওঁলোকৰ পোছাক আছিল ৷
পংকজ ত্ৰিপাঠীয়ে দক্ষিণ ভাৰতীয় বহু কেইখন ছবিতো মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷ তেওঁ কয় যে,নব্বৈ দশকৰ চিন্তা ধাৰাৰ লগত সাজ পাৰৰ মিল আছিল ৷ এতিয়া আকৌ উজ্জ্বল ৰং আৰু প্ৰিণ্টৰ সাজ পাৰে পূৰ্বৰ কথা মনত পেলাই দিছে ৷ সেই সময়ৰ ফেশ্বনটো বহুত বেলেগ আছিল ৷ কিন্তু মই কেতিয়াও জকমকীয়া কাপোৰ পিন্ধা নাছিলো ৷ শাকিলা সন্দৰ্ভত কয় যে,ৰিছা চাদ্ধাই মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখন 25 ডিচেম্বৰত ছবিঘৰ সমূহত মুক্তি লাভ কৰিব ৷
লগতে পঢ়ক: ভুৱা পৰিচয়েৰে বিবাহঃ পাছত ধৰ্মান্তকৰণৰ বাবে হেঁচা