ETV Bharat / bharat

Most expensive divorce: এখন ব্যয়বহুল বিবাহ-বিচ্ছেদ, 1 কোটি 11 হাজাৰ টকাত ভৰণ পোষণৰ মূল্য ধাৰ্য - Divorce cases in Panipat

এখন তোলপাৰ লগাইছে বিবাহ-বিচ্ছেদ ৷ এতিয়ালৈ জিলাৰ ভিতৰতে ব্যয়বহুল বিবাহ-বিচ্ছেদ হিচাপে পৰিগণিত হৈছে এই বিবাহ-বিচ্ছেদ ৷ জানক সবিশেষ....

Most expensive divorce
1 কোটি 11 হাজাৰ টকাত ভৰণ পোষণৰ মূল্য ধাৰ্য
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2023, 1:54 PM IST

নেশ্যনেল ডেস্ক, 25 অক্টোবৰ : সম্প্ৰতি সমাজখনত বিবাহ-বিচ্ছেদৰ ঘটনা তেনেই সাধাৰণ ৷ কিন্তু ইয়াৰ মাজতে একাংশ বিবাহ বিচ্ছেদৰ বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰে ৷ এই ঘটনাও ইয়াৰ ব্যতিক্ৰম নহয় ৷ হাৰিয়ানা জিলাৰ পানিপটত শেহতীয়াকৈ হোৱা এখন বিবাহ-বিচ্ছেদে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷ এইখন বিবাহ-বিচ্ছেদক জিলাৰখনৰ ভিতৰত সৰ্বাধিক ব্যবহুল বিবাহ-বিচ্ছেদৰ ঘটনা বুলি পৰিগণিত কৰা হৈছে ৷ এই বিবাহ-বিচ্ছেদত ভৰণ পোষণৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে 1 কোটি 11 হাজাৰ টকাত ৷ ইয়াৰে 6 বছৰীয়া কন্যাৰ নামত 70 লাখ টকা এফ ডি হিচাপে দিয়া হ'ব আৰু 30 লাখ 11 হাজাৰ টকা খৰচৰ বাবে পত্নীক দিয়া হ'ব।

পানিপটৰ বাসিন্দা এগৰাকী যুৱতীয়ে 7 বছৰৰ পূৰ্বে ৰোহতকৰ এজন ব্যৱসায়ীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ তেওঁলোকৰ এটা 6 বছৰীয়া কন্যা সন্তানো আছে। ইয়াৰ পিচতে পত্নীয়ে তেওঁৰ স্বামীৰ ওপৰত ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰি বিবাহ-বিচ্ছেদ সিদ্ধান্ত লৈছিল । মহিলা সুৰক্ষা আৰু বাল্য বিবাহ নিষিদ্ধকৰণ বিষয়া ৰজনী গুপ্তাৰ কাৰ্যালয়ৰ মতে, পানিপটত এতিয়ালৈকে এইটো আটাইতকৈ ব্যয়বহুল বিবাহ-বিচ্ছেদ। পূৰ্বতে বিবাহ-বিচ্ছেদৰ চুক্তি 1 কোটি হৈছিল যদিও কোনো পাৰস্পৰিক চুক্তি হোৱা নাছিল ৷

ৰজনী গুপ্তাই জনোৱা অনুসৰি, পত্নীয়ে অভিযোগ কৰিছিল যে তেওঁৰ এগৰাকী 6 বছৰীয়া কন্যা আছে, শেহতীয়াকৈ তেওঁ দ্বিতীয়বাৰৰ বাবে অন্তঃসত্বা হওঁতে গৰ্ভপৰীক্ষা কৰা হৈছিল ৷ এই পৰীক্ষাত মহিলাগৰাকীৰ পেটত কন্য সন্তানৰ স্থিতি পোৱাৰ লগে লগে স্বামীয়ে তেওঁক গৰ্ভপাত কৰাইছিল ৷ তাৰ পিচতেই পত্নীয়ে স্বামীৰ বিৰুদ্ধে এক অভিযোগো দাখিল কৰিছিল ৷ ইয়াৰ সমান্তৰালকে, ব্যৱসায়ীজনে সকলো অভিযোগ অস্বীকাৰ কৰি তেওঁৰ পত্নীয়ে নিজেই গৰ্ভপাত কৰাবলৈ মাতৃগৃহলৈ আহিছিল বুলি সদৰী কৰিছিল ৷

মহিলা সুৰক্ষা আৰু বাল্য বিবাহ নিষিদ্ধকৰণ বিষয়া ৰজনী গুপ্তাই এই ক্ষেত্ৰত, দুয়োটা পক্ষক আলোচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। কিন্তু দুয়োটা পক্ষই বিবাহ-বিচ্ছেদ সিদ্ধান্তত অটল আছিল। পিচত বিবাহ-বিচ্ছেদৰ বাবে সন্মত হৈ, পত্নীয়ে 6 বছৰীয়া কন্যাক নিজ জিম্মাত ৰাখিছিল।

লগতে পঢ়ক: Road accident: উত্তৰাখণ্ডৰ কালি নদীত বাহন বাগৰি 6 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.