ETV Bharat / bharat

Pakistani woman falls in love with Indian man : ভাৰতীয় যুৱকৰে প্ৰেম, সন্তানসহ ভাৰতলৈ পলাই আহিল পাকিস্তানী মহিলা

author img

By

Published : Jul 3, 2023, 5:06 PM IST

পাবজি গেম খেলি থাকোতে প্ৰেমত পৰিছিল দুয়োগৰাকী । নেপাল হৈ ভাৰতত উপস্থিত হ'ল মহিলাগৰাকী । সম্প্ৰতি পলাতক সন্তানসহ মহিলাগৰাকী আৰু প্ৰেমিক ভাৰতীয় যুৱক ।

Pakistani woman falls in love with Indian man
সন্তানসহ ভাৰতলৈ পলাই আহিল পাকিস্তানী মহিলা

নেশ্যনেল ডেস্ক,৩ জুলাই : মোবাইলৰ পাবজি গেমৰ বিষয়ে আপুনি নিশ্চয় জানে । এই গেমৰ বাবে সমগ্ৰ বিশ্বতে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হৈছে । পিছে এইবাৰ পাবজি গেমৰ বাবে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । পাবজি খেলি খেলি নয়ডাৰ এজন যুৱকৰ প্ৰেমত পৰিল পাকিস্তানৰ এগৰাকী মহিলা । যুৱকজনৰ সৈতে মহিলাগৰাকীৰ প্ৰেম ইমানেই বাঢ়িছিল যে তেওঁ ৪ টা সন্তানৰ সৈতে নেপাল হৈ প্ৰেমিকক লগ কৰিবলৈ উপস্থিত হ'ল ভাৰতত ।

মহিলাগৰাকীয়ে যুৱকজনৰ সৈতে ৰাবুপুৰাৰ এটা ভাড়াঘৰত থাকিবলৈ আৰম্ভ কৰে । প্ৰায় ডেৰ মাহৰ পাছত আৰক্ষীয়ে এই বিষয়ে তথ্য লাভ কৰাৰ পাছতে ঘটনা ৰহস্য পোহৰলৈ আহিছে । কিন্তু আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰাৰ পূৰ্বে সন্তানসহ প্ৰেমিকৰ সৈতে পলায়ন কৰে । আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে ।

পাকিস্তানৰ কৰাচীৰ মহিলাগৰাকীয়ে পাবজি খেলি থাকোতে ৰাবুপুৰাৰ বাসিন্দা শচীনৰ সৈতে চিনাকী হৈছিল আৰু পাছত প্ৰেমত পৰিছিল । ইয়াৰ পাছত শচীন নেপাললৈ যায় আৰু কাঠমাণ্ডুত মহিলাগৰাকীক সাক্ষাৎ কৰে । তেওঁলোকৰ মাজত প্ৰেম বাঢ়ি আহিল আৰু পাছত মহিলাগৰাকীয়ে নেপাল হৈ শচীনক সাক্ষাৎ কৰিবলৈ ৰাবুপুৰাত উপস্থিত হয় ।

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি মহিলাগৰাকী আৰু শচীনে ২০২০ চনত অনলাইন পাবজি গেম খেলি থাকোতে চিনাকী হৈছিল । বহু বছৰ পূৰ্বে কৰাচীৰ বাসিন্দা হায়দৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মহিলাগৰাকী । হায়দৰ এগৰাকী ব্যৱসায়ী । কিন্তু কেইবছৰমান পূৰ্বে হায়দৰে মহিলাগৰাকীক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে । আনকি দুয়ো পৃথকো হৈছিল । যাৰ বাবে তেওঁ পাবজিৰ প্ৰতি আসক্ত হৈ পৰে আৰু গ্ৰেটাৰ নয়ডাৰ শচীনৰ সৈতে বন্ধুত্ব কৰে । পাছত শচীন আৰু পাকিস্তানৰ মহিলাগৰাকীয়ে গোটেই জীৱন একেলগে থকাৰ সিদ্ধান্ত লয় । শচীনে মহিলাগৰাকীক লগ কৰিবলৈ দুবাৰ নেপাললৈ গৈছিল । এইবাৰ মহিলাগৰাকীয়ে বিমানেৰে নেপাললৈ গৈছিল আৰু তাৰ পাছত ১৩ মে'ত উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰ জিলাৰ ৰাবুপুৰাত থকা শচীনৰ ঘৰত তিনিগৰাকী কন্যা আৰু পুত্ৰসহ উপস্থিত হয় ।

ইয়াৰ পাছত, শচীনে আম্বেদকাৰ নগৰত মাহে ২,৫০০ টকাত এটা কোঠা ভাড়ালৈ লয় । ইয়াৰ পাছত, মহিলাগৰাকী আৰু তেওঁৰ সন্তানক সেই কোঠাটোত ৰাখে । কোঠাটো ভাড়াত লোৱাৰ সময়ত শচীনে তেওঁৰ পৰিচয় পত্ৰ দিছিল যদিও ঘৰৰ মালিকক মহিলাগৰাকীৰ কোনো পৰিচয় পত্ৰ দিয়া নাছিল । শচীনে ঘৰৰ মালিকক কৈছিল যে মহিলাগৰাকী বুলন্দ চহৰৰ শিকাৰপুৰৰ সমীপৰ আহমেদগড় অঞ্চলৰ বাসিন্দা । শচীনে ৰাবুপুৰাৰ এখন গেলামালৰ দোকানত মাহে ১০,০০০ টকাত কাম কৰে ।

মহিলাগৰাকীয়ে শচীনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ ভাৰতীয় নাগৰিকত্ব লাভ কৰিব বিচাৰিছিল । ইয়াৰ বাবে তেওঁলোকে আইনী সহায়ো বিচাৰিছিল । অৱশ্যে বিষয়টো স্থানীয় আৰক্ষীক জনোৱা হৈছিল । যাৰ বাবে মহিলাগৰাকীয়ে সন্তানসহ যুৱকজনৰ সৈতে পলায়ন কৰে । মহিলাগৰাকীৰ অৱস্থান আৰক্ষীয়ে মথুৰাত বিচাৰি পাইছে । কিন্তু স্থানীয় আৰক্ষীয়ে গোচৰটো সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক :Chhattisgarh farmer to buy helicopter : ৭ কোটি টকাৰ হেলিকপ্টাৰ ক্ৰয় কৰিব ছত্তীশগড়ৰ কৃষকে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.