নিউজ ডেস্ক, ১৬ নৱেম্বৰ : নিজৰ প্ৰেমিকৰ সন্ধানত সন্তানসহ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা সীমা হাইদৰ নামৰ মহিলাগৰাকীৰ কথা নিশ্চয় মনত আছে । তেনে এক ঘটনাৰ পুনৰাবৃত্তি ঘটিছে । অৱশ্যে এইবাৰ প্ৰেমিকৰ সন্ধানত নহয়, নিজৰ ভগ্নীক সাক্ষাতৰ বাবে অবৈধভাৱে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছে পুত্ৰসহ এগৰাকী মহিলা । পশ্চিমবংগৰ শিলিগুৰিৰ ওচৰৰ খাৰিবাৰী খণ্ডৰ পানীটেংকীত ভাৰত-নেপাল আন্তঃৰাষ্ট্ৰীয় সীমান্তত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে এগৰাকী ৬২ বছৰীয়া পাকিস্তানী মহিলা আৰু তেওঁৰ নাবালক পুত্ৰক গ্ৰেপ্তাৰ কৰা বুলি বৃহস্পতিবাৰে আৰক্ষী সূত্ৰত প্ৰকাশ । দুয়োৰে বৈধ ভিছা তথা এই সম্পৰ্কীয় অন্যান্য নথিপত্ৰ নাছিল । তেওঁলোকে দক্ষিণ ২৪ পৰগণা জিলাত বাস কৰা মহিলাগৰাকীৰ ভগ্নীক লগ কৰিবলৈ ভাৰতত প্ৰৱেশ কৰিছিল ।
আৰক্ষীয়ে জনোৱা অনুসৰি, সশস্ত্ৰ সীমা বলৰ (এছএছবি) ৪১ নম্বৰ বেটেলিয়নে বুধবাৰে নিশা শ্বইস্তা হানিফ আৰু তেওঁৰ ১১ বছৰীয়া পুত্ৰ আৰিয়ান মহম্মদ হানিফক আটক কৰে । জেৰাৰ পিছত তেওঁলোকক দাৰ্জিলিং জিলা আৰক্ষীৰ খাৰিবাৰী আৰক্ষী থানাত গতাই দিয়া হয় । দুয়োকে বৃহস্পতিবাৰে শিলিগুৰি মহকুমা আদালতত হাজিৰ কৰোৱা হয় ।
জানিব পৰা মতে, মাতৃ-পুত্ৰই বুধবাৰে পুৱা নেপালৰ কাকাৰভিটাৰ পৰা মেচি নদীত নিৰ্মিত এছিয়ান ঘাইপথৰ দলং পাৰ হৈ ভাৰত-নেপাল সীমান্তৰ ওচৰৰ পানীচেংকীত উপস্থিত হয় । তেওঁলোক তাত উপস্থিত হোৱাৰ লগে লগে এছএছবি জোৱানসকলে বাধা প্ৰদান কৰে ।
আনহাতে, তালাচী চলাওঁতে তেওঁলোকৰ ওচৰত পাকিস্তানী পাছপোৰ্ট আৰু অন্যান্য নথিপত্ৰ উদ্ধাৰ হয় । জানিব পৰা মতে, তেওঁলোক পাকিস্তানৰ কৰাচীৰ গহনমাৰ ষ্ট্ৰীটৰ চাৰাফা বজাৰৰ বাসিন্দা । তেওঁলোকৰ পাছপোৰ্ট যোৱা বছৰৰ ২৯ মে'ত পাকিস্তান চৰকাৰে প্ৰদান কৰিছিল । মহিলাগৰাকীৰ পাছপোৰ্ট ২০৩২ চনলৈকে আৰু সন্তানটোৰ ২০২৭ চনৰ মে' মাহলৈকে বৈধ ।
মাতৃ-পুত্ৰ পাকিস্তানৰ পৰা চৌদি আৰবলৈ গৈছিল । ৫ নৱেম্বৰত তেওঁলোকে ভাৰত আৰু নেপালৰ বিমান টিকট ক্ৰয় কৰে । ১১ নৱেম্বৰত তেওঁলোকে চৌদি আৰবৰ জেদ্দা বিমানবন্দৰৰ পৰা দিল্লী বিমানবন্দৰত উপস্থিত হয় আৰু তাৰ পিছত কাঠমাণ্ডু অভিমুখী বিমানত উঠে । এছএছবি বিষয়াসকলে দুয়োৰে পৰা সকলো বিমানৰ টিকট উদ্ধাৰ কৰিছে । ইয়াৰ উপৰি ৫ নৱেম্বৰত নেপাল চৰকাৰে জাৰি কৰা ভিছা, দুটা মোবাইল ফোন, দুখন ছিম কাৰ্ড, এখন মেম'ৰী কাৰ্ড, দুটা পেন ড্ৰাইভ, ১০,০০০ নেপালী মুদ্ৰা, ১৬,৩৫০ টকা, ৬ ইউৰো, ১৬৬ ৰিয়েল উদ্ধাৰ কৰা হয় ।
এই সন্দৰ্ভত দাৰ্জিলিঙৰ জিলা আৰক্ষী অধীক্ষক প্ৰবীণ প্ৰকাশে কয়, "আন্তঃৰাষ্ট্ৰীয় সীমান্তত গ্ৰেপ্তাৰ কৰা মাতৃ আৰু পুত্ৰ পাকিস্তানী নাগৰিক । কিন্তু তেওঁলোকে বিগত কেইবছৰমান ধৰি চৌদি আৰবত বাস কৰি আছে । মহিলাগৰাকীয়ে বৈধ ভিছা অবিহনে তেওঁৰ পুত্ৰৰ সৈতে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল । মহিলাগৰাকীয়ে কৈছে যে তেওঁলোকে উত্তৰ ২৪ পৰগণাত তেওঁৰ ভগ্নীক লগ কৰিবলৈ আহিছিল । আমি বিষয়টো অনুসন্ধান কৰি আছোঁ ।"