নেশ্যনেল ডেস্ক,২২ ডিচেম্বৰ : ভাৰত পাকিস্তান সীমান্তত পাকিস্তানী ড্ৰোণৰ কাৰ্যকলাপ অব্যাহত আছে । বিভিন্ন সময়ত ভাৰতৰ আকাশত পাকিস্তানী ড্ৰোণ দেখিবলৈ পোৱা যায় (Pakistani drone in India)। অৱশ্যে এই ক্ষেত্ৰত সীমান্ত সুৰক্ষা বাহিনী চোকা দৃষ্টি ৰাখিছে । যাৰ ফলস্বৰূপে প্ৰায়ে পাকিস্তানী ড্ৰোণৰ কাৰ্যকলাপ বন্ধ কৰাৰ বাবে সেনা তথা বিএছএফয়ে পদক্ষেপ গ্ৰহণ কৰি আহিছে ।
বৃহস্পতিবাৰে পুনৰ পাঞ্জাৱৰ ফিৰোজপুৰ চেক্টৰত সীমান্ত সুৰক্ষা বাহিনীয়ে এখন পাকিস্তানী ড্ৰোণলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে (Pakistani drone shot down by BSF)। লগতে ড্ৰোণখনত গুলীয়াই ভূ-পতিত কৰিবলৈ সক্ষম হয় । বুধবাৰেও সীমান্ত সুৰক্ষা বাহিনীয়ে পাঞ্জাৱৰ অমৃতসৰ জিলাত পাকিস্তানৰ পৰা প্ৰৱেশ কৰা এখন ড্ৰোণ গুলীয়াই ভূ-পতিত কৰে (BSF troops downed drone) । তথ্য অনুসৰি, সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে পাকিস্তান সীমান্তৰ ওচৰত পাকিস্তানৰ ফালৰ পৰা এখন ড্ৰোণ অহা প্ৰত্যক্ষ কৰিছিল । লগে লগে তাৎক্ষণিকভাৱে গুলীয়াই ড্ৰোণখন ভূ-পতিত কৰে । ইতিমধ্যে বিএছএফয়ে এক অনুসন্ধান আৰম্ভ কৰিছে ।
-
Punjab | On 21 Dec at about 8pm, BSF troops detected drone intrusion from Pakistan in AOR of BOP Harbhajan, 101 BN, Ferozepur Sector, Tarn Taran, following which they fired heavily on it. Today morning, troops recovered the drone in farm 3. Further search in progress: BSF pic.twitter.com/mvdPb6n7jf
— ANI (@ANI) December 22, 2022 " class="align-text-top noRightClick twitterSection" data="
">Punjab | On 21 Dec at about 8pm, BSF troops detected drone intrusion from Pakistan in AOR of BOP Harbhajan, 101 BN, Ferozepur Sector, Tarn Taran, following which they fired heavily on it. Today morning, troops recovered the drone in farm 3. Further search in progress: BSF pic.twitter.com/mvdPb6n7jf
— ANI (@ANI) December 22, 2022Punjab | On 21 Dec at about 8pm, BSF troops detected drone intrusion from Pakistan in AOR of BOP Harbhajan, 101 BN, Ferozepur Sector, Tarn Taran, following which they fired heavily on it. Today morning, troops recovered the drone in farm 3. Further search in progress: BSF pic.twitter.com/mvdPb6n7jf
— ANI (@ANI) December 22, 2022
উল্লেখ্য যে যোৱা মাহতো সীমান্ত সুৰক্ষা বাহিনীৰ এটা মহিলা দলে পাকিস্তানৰ পৰা পাঞ্জাৱৰ অমৃতসৰ জিলাৰ সীমান্তত প্ৰৱেশ কৰা ৩.১ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এখন ড্ৰোণলৈ গুলীবৰ্ষণ কৰিছিল (Pak drone downed at Border) ৷ পাকিস্তানৰ পৰা ড্ৰাগছ সৰবৰাহৰ ষড়যন্ত্ৰ বিফল কৰিবলৈ সক্ষম হৈছিল দলটো । বিষয়াসকলে উল্লেখ কৰা মতে বিএছএফৰ জোৱানসকলে নিশা অমৃতসৰ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উত্তৰে চাহাৰপুৰ গাঁৱৰ ওচৰত ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰা ড্ৰোণখন লক্ষ্য কৰিছিল ।
৭৩ নং বেটেলিয়নৰ দুগৰাকী মহিলা কনিষ্টবলে ড্ৰোণখনত ২৫ ৰাউণ্ড গুলীচালনা কৰে আৰু নিশা ১১.০৫ বজাত এই ঘটনা সংঘটিত হোৱা বুলি তেওঁলোকে কয় (Pakistani drone downed by BSF) ৷ তালাচী অভিযানৰ সময়তে বিএছএফয়ে এখন ছয়-ৰটৰ মানৱবিহীন বিমান (হেক্সাকপ্টাৰ) আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱা প্ৰত্যক্ষ কৰে । তেওঁলোকে কয় যে ১৮ কিলোগ্ৰাম ওজনৰ ড্ৰোণখনত ৩.১১ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী আছিল ৷ ড্ৰোণখনৰ তলৰ অংশত এটা বগা পলিথিনত মেৰিয়াই থোৱা আছিল এই নিচাজাতীয় সামগ্ৰীখিনি ।
উল্লেখ্য যে শেহতীয়া দিনবোৰত সীমান্ত অঞ্চলত পাকিস্তানী ড্ৰোণৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আদি সৰবৰাহৰ উপৰিও ভাৰতৰ বিভিন্ন স্থানত পাকিস্তানে ড্ৰোণৰ জৰিয়তে আক্ৰমণ কৰা দেখা গৈছে । অৱশ্যে এই ক্ষেত্ৰত কঠোৰ হ'বলৈ প্ৰতিৰক্ষা বিভাগে সেনা আৰু বিএছএফক নিৰ্দেশ দিছে ।
লগতে পঢ়ক :Pak drone downed at Border: ভাৰত-পাক সীমান্তত ভূ-পতিত পাকিস্তানী ড্ৰোণ