স্পৰ্টছ ডেস্ক,৬ জুন : এছিয়া কাপত নাথাকিব নেকি পাকিস্তান ? শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানে হাইব্ৰিড মডেলৰ পৰা আঁতৰি যোৱাৰ পাছতে এই তথ্য পোহৰলৈ আহিছে (Asia Cup 2023)। কিয়নো পাকিস্তানত যদি এছিয়া কাপৰ এখনো খেল অনুষ্ঠিত নহয় তেনেহ'লে পাকিস্তানে এই প্ৰতিযোগিতাত ভাগ নোলোৱাৰ ঘোষণা কৰিছিল ।
উল্লেখ্য যে পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ মুৰব্বী নজম শেঠীয়ে 'হাইব্ৰিড মডেল'ৰ প্ৰস্তাৱ দিছিল (Asia Cup Hybrid model)। হাইব্ৰিড মডেল অনুসৰি পাকিস্তানে তেওঁলোকৰ দেশত এছিয়া কাপৰ ৩ ৰ পৰা ৪ খন খেল অনুষ্ঠিত কৰিব বিচাৰিছিল । আনহাতে ভাৰতৰ সৈতে জড়িত বাকী খেলবোৰ নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছিল ।
ভাৰতে নিৰাপত্তাৰ কথা চিন্তা কৰি পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত শেঠীয়ে এই মডেলৰ প্ৰস্তাৱ দিছিল । অৱশ্যে, এতিয়া শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানে প্ৰতিযোগিতাখন পাকিস্তানৰ পৰা বাহিৰলৈ লৈ যোৱাৰ বাবে বিচিচিআইৰ হেঁচাক সমৰ্থন জনাইছে । এছিয়ান ক্ৰিকেট পৰিষদৰ কাৰ্যবাহী পৰিষদৰ সদস্যসকলে বৈঠকত মিলিত হ'ব আৰু এই মাহৰ শেষৰ ফালে সিদ্ধান্ত গ্ৰহণ কৰিব । কিন্তু পিচিবি ইতিমধ্যে অৱগত হৈছে যে শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানে এছিয়া কাপৰ হাইব্ৰিড মডেলৰ প্ৰস্তাৱক সমৰ্থন কৰা নাই ।
সূত্ৰৰ মতে শেঠীয়ে ইতিমধ্যে ক্ৰিকেট পৰিচালনা সমিতিৰ সদস্যসকলৰ সৈতে আৰু সংশ্লিষ্ট চৰকাৰী বিষয়াসকলৰ সৈতেও যোগাযোগ কৰি আছে । যদি তেওঁলোকে এছিয়া কাপৰ কোনো খেল আয়োজন কৰিবলৈ নাপায় তেন্তে পাকিস্তানৰ স্থিতি সম্পৰ্কে আলোচনা কৰা হ'ব (Pakistan to pull out of Asia Cup)। শেঠীয়ে বাৰে বাৰে কৈছে যে যদি প্ৰতিযোগিতাখন পাকিস্তানৰ পৰা এখন নিৰপেক্ষ দেশলৈ স্থানান্তৰ কৰা হয় তেন্তে পাকিস্তানে প্ৰতিযোগিতাখনত অংশগ্ৰহণ নকৰে । সূত্ৰৰ মতে পিচিবিয়ে এছিয়া কাপ বৰ্জন কৰিব ।
এছিয়ান ক্ৰিকেট কাউন্সিলৰ এক সূত্ৰৰ মতে পাকিস্তানৰ ওচৰত মাত্ৰ দুটা বিকল্প আছে । হয় নিৰপেক্ষ স্থানত প্ৰতিযোগিতা খেলিব লাগিব অন্যথা প্ৰত্যাহাৰ কৰিব লাগিব । পাকিস্তানে নেখেলিলেও ইয়াক এছিয়া কাপ বুলিয়ে কোৱা হ'ব । শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান আৰু ভাৰতে এই স্থিতি গ্ৰহণ কৰিছে ।
সূত্ৰৰ মতে এই বছৰ এছিয়া কাপ সম্পূৰ্ণৰূপে বাতিল হোৱাৰ সম্ভাৱনা আছে আৰু ভাৰত, শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানে বিশ্বকাপৰ পূৰ্বে ৫০ অভাৰৰ ফৰ্মেটত এক মাল্টি-টীম ইভেণ্ট খেলিব পাৰে । সূত্ৰৰ মতে পাকিস্তান আৰু ভাৰতৰ খেল অবিহনে সম্প্ৰচাৰকে পাকিস্তানক অন্তৰ্ভুক্ত কৰি এচিচিক আগবঢ়োৱা পৰিমাণৰ ধনৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা নাই । ইফালে সূত্ৰৰ মতে ভাৰতে ঘৰুৱা স্থানত ৪ বা ৫ খন ৰাষ্ট্ৰৰ মাজৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই আছে । এছিয়া কাপ অনুষ্ঠিত নহ'লে ইয়াক ঘোষণা কৰা হ'ব ।
লগতে পঢ়ক :WTC Final 2023 : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল ড্ৰ বা টাই হ'লে কি হ'ব ?