ETV Bharat / bharat

জম্মু সীমান্তত বিএছএফৰ গুলীত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী

জম্মুৰ ছাম্বা জিলাৰ ৰামগড়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমা সুৰক্ষা বলৰ গুলীত এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ মৃত্যু হয় । লোকজনে পাকিস্তানৰ লেহৰি কালান গাঁৱৰ দিশৰ পৰা ৰামগড়ৰ জংঘলৰ দিশে আহি আছিল । সীমা সুৰক্ষা বলৰ সকীয়নিক আওকাণ কৰি আগবাঢ়ি আহি থকা বাবে সুৰক্ষা বাহিনীয়ে লোকজনলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয় ।

জম্মু সীমান্তত বি এছ এফৰ গুলীত নিহত পাকিস্তানৰ অনুপ্ৰৱেশকাৰী

author img

By

Published : Mar 17, 2021, 5:40 PM IST

নেশ্যনেল ডেস্ক,১৭ মাৰ্চ: জম্মুৰ ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমা সুৰক্ষা বলৰ গুলীত ধৰাশায়ী হ'ল এজন পাকিস্তানী অনুপ্ৰৱেশকাৰী । সীমা সুৰক্ষা বলে প্ৰকাশ কৰা তথ্য অনুসৰি, এই ঘটনাটো মঙলবাৰে আবেলি প্ৰায় ৩.৫৫ বজাত সংঘটিত হয় । পাকিস্তানৰ লেহৰি কালান গাঁৱৰ দিশৰ পৰা চাম্বা জিলাৰ ৰামগড়ৰ জংঘলৰ দিশে আহি থকা লোকজনক নিৰাপত্তা বাহিনীয়ে সেই স্থানতে ৰৈ যাবলৈ নিৰ্দেশ দিছিল ।

নিৰাপত্তা বাহিনীৰ নিৰ্দেশ অমান্য কৰিলে গুলীচালনা কৰিব বুলিও বাৰে বাৰে সতৰ্ক কৰি দিছিল । কিন্তু লোকজনে সীমা সুৰক্ষা বলৰ নিৰ্দেশক উপেক্ষা কৰি আগবাঢ়ি আহিছিল । অৱশেষত সীমা সুৰক্ষা বলৰ ৰামগড়ৰ মল্লুচাক চকীৰ সমীপত সীমা সুৰক্ষা বলে লোকজনলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয় । সীমা সুৰক্ষা বলৰ জোৱানসকলে লোকজনৰ পৰা ২০০ পাকিস্তানী নোট উদ্ধাৰ কৰে ৷ ইয়াৰ ভিতৰত আছিল ১ খন ৫০ টকীয়া নোট, ৩ খন ২০ টকীয়া নোট আৰু ৯ খন ১০ টকীয়া নোট ।

অবৈধভাৱে ভাৰতৰ ভূমিত প্ৰৱেশ কৰা পাকিস্তানী নাগৰিকজন মানসিকভাৱে অসুস্থ আছিল বুলি সন্দেহ কৰিছে নিৰাপত্তা বাহিনীয়ে । সম্প্ৰতি তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰামগড় আৰক্ষী থানালৈ হস্তান্তৰ কৰা হৈছে । ভাৰত আৰু পাকিস্তানৰ সামৰিক অভিযান সঞ্চালক প্ৰধানসকলে বৈঠকত মিলিত হোৱাৰ পিছত যোৱা ২৫ ফেব্ৰুৱাৰীত দুয়োখন দেশে নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি ঘোষণা কৰে আৰু ইয়াৰ কেইসপ্তাহমানৰ পিছতে মঙলবাৰে এই ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক: দিল্লী বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.