ETV Bharat / bharat

আফগানিস্তানৰ পৰা নাটো সেনা প্ৰত্যাহাৰ সম্পৰ্কে কি ক'লে পাকিস্তানী ৰাষ্ট্ৰদূতে ? - ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়

আমেৰিকাই আফগানিস্তানৰ পৰা নাটো সেনা প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱাৰে পৰা তালিবানে আক্ৰামণ তীব্ৰতৰ কৰিছিল । কিন্তু ৰাষ্ট্ৰসংঘত পাকিস্তানৰ ৰাষ্ট্ৰদূত মুনিৰ আক্ৰামে আমেৰিকাৰ এই সিদ্ধান্ত সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

Pakistan envoy
আফগানিস্তানৰ পৰা নাটো সেনা প্ৰত্যাহাৰ সম্পৰ্কে কি ক'লে পাকিস্তানী ৰাষ্ট্ৰদূতে
author img

By

Published : Aug 17, 2021, 4:18 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৭ আগষ্ট : আফগানিস্তানত তালিবানৰ (Taliban) দখল এতিয়া বিশ্বজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে । সকলোৰে বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে এই বিষয়টো । আনহাতে, ইয়াৰ মাজতে আমেৰিকাক বহুতে সমালোচনা কৰা দেখা গৈছে ।

আফগানিস্তানৰ পৰা আমেৰিকাৰ সেনা বাহিনীক প্ৰত্যাহাৰ কৰাৰ পাছৰে পৰা দেশখনত তালিবানৰ প্ৰকোপ বৃদ্ধি পোৱাত আমেৰিকাক সমালোচনা কৰিছে বিভিন্নজনে । আমেৰিকা চৰকাৰৰ সিদ্ধান্তৰ ওপৰত বহুতে প্ৰশ্ন উত্থাপন কৰিছে । ইয়াৰ মাজতে ৰাষ্ট্ৰসংঘত পাকিস্তানৰ ৰাষ্ট্ৰদূত (Pakistan's ambassador) মুনিৰ আক্ৰামে সাংবাদিকৰ আগত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

আক্ৰামৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে (US President Joe Biden) পূৰ্বৰ আমেৰিকান প্ৰশাসনৰ আফগানিস্তানৰ পৰা আমেৰিকা সেনা প্ৰত্যাহাৰৰ সিদ্ধান্তক সমৰ্থন কৰাটো এই সংঘৰ্ষৰ এক ন্যায়সন্মত পৰিণতি আছিল ।

আক্ৰামে সোমবাৰে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত (UN headquarters) সাংবাদিকসকলক কয় যে, আফগানিস্তানৰ দীৰ্ঘম্যাদী শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ বাবে এক সামগ্ৰিক ৰাজনৈতিক মীমাংসা নিশ্চিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে একেলগে কাম কৰিব লাগিব । তেওঁ লগতে কয় যে আফগানিস্তানত সংঘৰ্ষৰ কেতিয়াও সামৰিক সমাধান হোৱা নাছিল বুলি পাকিস্তানে পূৰ্বেই স্থিতি স্পষ্ট কৰিছিল ।

ৰাষ্ট্ৰদূতগৰাকীয়ে আশা কৰা মতে সম্ভৱত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাটো সৈন্যৰে (NATO troops) আফগানিস্তানত সৰ্বাধিক সামৰিক শক্তি থকাৰ সময়তে আলোচনাৰ জৰিয়তে সংঘৰ্ষৰ সমাপ্তিৰ উৎকৃষ্ট সময় আছিল । আক্ৰামে লগতে কয় যে, সেয়েহে পূৰ্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশাসনৰ সৈন্য প্ৰত্যাহাৰৰ সিদ্ধান্তক বিডেন প্ৰশাসনে সমৰ্থন কৰাটো সঁচাকৈয়ে এই সংঘৰ্ষৰ ন্যায়সন্মত কাৰণ আছিল ।

তেওঁ লগতে কয় যে, পশতুনসকলৰ বাহিৰে প্ৰায় সকলো বহুৰ্জাতিক গোটক প্ৰতিনিধিত্ব কৰা কেইবাটাও আফগান ৰাজনৈতিক দল আৰু গোটৰ নেতাসকল পাকিস্তানৰ ৰাজধানীত বাহৰ পাতি আছে আৰু সোমবাৰে তেওঁলোকে বৈদেশিক মন্ত্ৰী আৰু অন্যান্য নেতাসকলক সাক্ষাৎ কৰিছে । পাকিস্তানে তেওঁলোকৰ সৈতে আৰু তালিবান প্ৰতিনিধিসকলৰ সৈতে আলোচনা কৰি এক অন্তৰ্ভুক্ত ৰাজনৈতিক চৰকাৰৰ লক্ষ্যৰে কাম কৰিব ।

লগতে পঢ়ক :আফগানিস্তানত পৰৱৰ্তী চৰকাৰ গঠনৰ পৰিকল্পনা তালিবানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.