ETV Bharat / bharat

পঞ্জাৱ আৰু হাৰিয়ানাত ১১ অক্টোবৰৰ পৰা আৰম্ভ হ'ব ধান ক্ৰয়ৰ প্ৰক্ৰিয়া

author img

By

Published : Oct 2, 2021, 1:03 PM IST

এম এছ পি অভিযানৰ অধীনত ১১ অক্টোবৰৰ পৰা পঞ্জাৱ আৰু হাৰিয়ানাত ধান ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব । কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা মতে, কৃষক আৰু গ্ৰাহকৰ স্বাৰ্থত এইবাৰ কিছু পলমকৈ ধান ক্ৰয়ৰ সিদ্ধান্ত লোৱা হৈছে ।

Paddy procurement from Oct 11 in interest of farmers, consumers
পঞ্জাৱ আৰু হাৰিয়ানাত ১১ অক্টোবৰৰ পৰা আৰম্ভ হ'ব চৰকাৰীভাৱে ধান ক্ৰয় প্ৰক্ৰিয়া

নেশ্যনেল ডেস্ক, ২ অক্টোবৰ: কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে শুকুৰবাৰে ঘোষণা কৰিছে, এম এছ পি অভিযানৰ অধীনত ধান ক্ৰয়ৰ দিন । পঞ্জাৱ আৰু হাৰিয়ানাত ১১ অক্টোবৰৰ পৰা চৰকাৰীভাৱে ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হ'ব । মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি জানিবলৈ দিছে যে, বৰষুণৰ বাবে ধান পকোতে এইবাৰ পলম হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ(Indian Meteorological Department) তথ্য অনুসৰি, চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পঞ্জাৱ আৰু হাৰিয়ানাত স্বাভাৱিকতকৈ অধিক পৰিমাণে বৰষুণ হৈছে ।

ছেপ্টেম্বৰ মাহৰ দ্বিতীয় পষেকত পঞ্জাৱ আৰু হাৰিয়ানাত অধিক বৰষুণ হোৱাৰ ফলত ৰাজ্য দুখনত ধান খেতি যথেষ্ট নষ্ট হৈছে । বৰষুণৰ বাবে বেছিভাগ ঠাইত সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ কম হৈছে বুলি জানিব পৰা গৈছে । যোৱা ২৯ আৰু ৩০ ছেপ্টেম্বৰতো পঞ্জাৱ আৰু হাৰিয়ানাৰ কেতবোৰ স্থানত ধাৰাসাৰ বৰষুণ হৈছিল বুলি বিবৃতিটোত উল্লেখ হৈছে । উল্লেখ্য যে, উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে বৃহস্পতিবাৰে খৰিফ মাৰ্কেটিং ছিজন(kharif marketing season)২০২১-২২ৰ বাবে ক্ৰয়ৰ দিন স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল ।

পঞ্জাৱত ১ অক্টোবৰৰ পৰা আৰু হাৰিয়ানাত ২৫ ছেপ্টেম্বৰত ক্ৰয় কৰাৰ কথা আছিল । হাৰিয়ানা চৰকাৰে খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগলৈ এখন পত্ৰ প্ৰেৰণ কৰি ধানৰ ক্ৰয় আৰু মিলিঙৰ দিন স্থগিত কৰিবলৈ অনুৰোধ জনাইছিল । পত্ৰখনত হাৰিয়ানা চৰকাৰে প্ৰবল বৰষুণৰ বিষয়ে উল্লেখ কৰি ধান পকিবলৈ অধিক সময়ৰ প্ৰয়োজন হ'ব বুলি মন্ত্ৰালয়ক জনাইছিল ।

পঞ্জাৱ আৰু হাৰিয়ানাত ভাৰতীয় খাদ্য নিগম(Food Corporation of India)ৰ আঞ্চলিক কাৰ্যালয়ৰ তৰফৰ পৰা কৰা আৰ্দ্ৰতা পৰীক্ষাত পোহৰলৈ আহে যে, ধানৰ নমুনাবোৰত ১৭ শতাংশৰ নিৰ্ধাৰিত সীমাৰ বিপৰীতে পঞ্জাৱত ১৮- ২২ শতাংশ আৰু হাৰিয়ানাত ১৮.২-২২.৭ শতাংশ পৰ্যন্ত আৰ্দ্ৰতা আছে । বিবৃতিখনত উল্লেখ কৰা মতে, কৃষকসকলক এই সমস্যাৰ পৰা ৰক্ষা কৰিবলৈ আৰু কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে, নূন্য়তম সমৰ্থন মূল্য অভিযানৰ অধীনত পঞ্জাৱ আৰু হাৰিয়ানাত ১১ অক্টোবৰৰ পৰা ধান ক্ৰয় আৰম্ভ হ'ব । ভালদৰে পৈনত নোহোৱা আৰু বৰষুণত তিতাৰ পিছত বহু দিনলৈ সেমেকি থকা ধান সংৰক্ষণ কৰিলে এই ধান ক্ষতি হোৱাৰ আশংকা বৃদ্ধি পায় ।

লগতে, শস্যবোৰ ক'লা হৈ যোৱাৰ অথবা ৰং সলনি হোৱাৰো সম্ভাৱনা থাকে । এনে স্থলত শস্য ক্ৰয় কেন্দ্ৰসমূহে এনে শস্য ক্ৰয় কৰাৰ ক্ষেত্ৰত অসন্মত হ'ব পাৰে আৰু ই ধান বিক্ৰী হ্ৰাস হোৱাৰ অন্যতম কাৰণ হৈ পৰিব । ইয়াৰ ফলত কৃষকসকলৰ লোকচান হোৱাৰ সম্ভাৱনা আছে ।

সেয়ে, চৰকাৰে ধান ক্ৰয়ৰ দিন পিছুৱাইছে । মন্ত্ৰালয়ে কৈছিল যে, এই সমস্য়া সমাধান কৰিবলৈ ১০ পলমকৈ ধান চপোৱা আৰু ভালদৰে শুকুৱাব লাগিব তেতিয়াহে শস্যৰ পৰা আৰ্দ্ৰতা হ্ৰাস হ'ব । এতিয়া মন্ত্ৰালয়ে ধান ক্ৰয়ৰ নতুন দিন নিৰ্ধাৰণ কৰি দিছে ।

লগতে পঢ়ক: ৰাজ্যসভাৰ সদস্যৰূপে শপত ল’লে সৰ্বানন্দ সোণোৱাল আৰু এল মুৰুগানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.