নেশ্যনেল ডেস্ক,২১ এপ্ৰিল: দেশজুৰি কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে একাংশ ৰাজ্যত অক্সিজেনৰ নাটনি দেখিবলৈ পোৱা গৈছে । অক্সিজেনৰ অভাৱত আনকি কিছুমান হাস্পতালত ৰোগীৰ মৃত্যু হোৱাৰো অভিযোগ উঠিছে ।
বুধবাৰে গুজৰাটৰ দুখন হাস্পতালত অক্সিজেন শেষ হোৱাৰ ফলত মৃত্যু হয় ১০ গৰাকীকৈ ৰোগীৰ । বনসাকান্থা জিলাৰ দুখনকৈ হাস্পতালত অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যু হোৱাৰ লগে লগে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যখনতে । ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ ডাঃ জাকিৰ হুছেইন চিকিৎসালয়তো অক্সিজেন টেংকাৰ লিক হোৱাৰ ঘটনাত কমেও ২২ জন লোক নিহত হয় ।

আনহাতে ৰাজ্যৰ স্বাস্থ্য বিভাগে মঙলবাৰে সন্ধিয়া দিয়া তথ্য অনুসৰি ২৪ ঘণ্টাত গুজৰাটত প্ৰায় ১১,৪০৩ টা নতুন ক'ভিড-১৯ৰ ঘটনা পোহৰলৈ আহিছে আৰু ১১৭ গৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে । ৰাজ্যখনত বৰ্তমান ৬৮ হাজাৰ ৭৫৪ টা সক্ৰিয় ঘটনা আছে ।