ETV Bharat / bharat

বিভিন্ন ৰাজ্যলৈ 76 খন টেংকাৰত এলএমঅ' প্ৰদান ৰে'ল বিভাগৰ - অক্সিজেন এক্সপ্ৰেছ

বুধবাৰে এক টুইটযোগে ৰে'লমন্ত্ৰী পীয়ুষ গোৱেলে টাটানগৰৰ পৰা অক্সিজেন এক্সপ্ৰেছ ফৰিদাবাদত উপস্থিত হৈছে বুলি জানিবলৈ দিয়ে । সম্প্ৰতি ৰে'ল বিভাগে বিভিন্ন ৰাজ্যলৈ 76 খন টেংকাৰত প্ৰায় 1,125 মেট্ৰিক টন লিকুইড মেডিকেল অক্সিজেন (এলএমঅ') প্ৰদান কৰিছে ।

ৰে'ল বিভাগে বিভিন্ন ৰাজ্যলৈ 76 খন টেংকাৰত এলএমঅ' প্ৰদান

author img

By

Published : May 5, 2021, 12:50 PM IST

নেশ্যনেল ডেস্ক, 5 মে’: বুধবাৰে এক টুইটযোগে ৰে'লমন্ত্ৰী পীয়ুষ গোৱেলে টাটানগৰৰ পৰা এখন অক্সিজেন এক্সপ্ৰেছ ফৰিদাবাদত উপস্থিত হোৱা বুলি জনায় ৷ ৰে'লমন্ত্ৰীগৰাকীয়ে টুইটত কয়,"ক’ভিড পৰিস্থিতিৰ মাজত অক্সিজেনৰ যোগান বৃদ্ধি কৰিবলৈ টাটানগৰৰ পৰা আন এখন অক্সিজেন এক্সপ্ৰেছ ফৰিদাবাদত উপস্থিত হৈছে ।" ইয়াৰ লগতে তেওঁ, "এই অক্সিজেন বিভিন্ন চিকিৎসালয়ত ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হ'ব" বুলি উল্লেখ কৰে ৷

ক’ভিডৰ এই ভয়ংকৰ পৰিস্থিতিত ক’ভিড আক্ৰান্ত ব্যাপক বৃদ্ধিৰ ফলত সমগ্ৰ দেশতে অক্সিজেনৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ প্ৰচেষ্টাত, ৰে'ল বিভাগে বিভিন্ন ৰাজ্যলৈ চিকিৎসা অক্সিজেন প্ৰদান কৰিবলৈ 'অক্সিজেন এক্সপ্ৰেছ' মুকলি কৰে ।

উল্লেখ্য যে, এতিয়ালৈ ৰে'ল বিভাগে বিভিন্ন ৰাজ্যলৈ 76 খন টেংকাৰত প্ৰায় 1,125 মেট্ৰিক টন লিকুইড মেডিকেল অক্সিজেন (এলএমঅ') প্ৰদান কৰিছে । ৰে'ল মন্ত্ৰালয়ৰ মতে, ২০ খন অক্সিজেন এক্সপ্ৰেছ ৰে'লে ইতিমধ্যে তেওঁলোকৰ যাত্ৰা সম্পূৰ্ণ কৰিছে আৰু ২৭ খন টেংকাৰত প্ৰায় ৪২২ মেট্ৰিক টন এলএমঅ' কঢ়িয়াই নিয়াৰ লগতে আৰু সাতখন লোডেড অক্সিজেন এক্সপ্ৰেছ ৰে'ল চলি আছে । ভাৰতীয় ৰেল বিভাগে অনুৰোধ কৰা ৰাজ্যসমূহক সম্ভৱ কম সময়ৰ ভিতৰত যিমান সম্ভৱ সিমান এলএমঅ' প্ৰদান কৰাৰ প্ৰয়াস কৰিছে ।

লগতে পঢ়ক : ৫০০ অক্সিজেন প্ৰকল্প স্থাপনৰ বাবে পি এম কেয়াৰ্ছৰ পুঁজি আৱন্টন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.