ETV Bharat / bharat

তেলেংগানাত 50 বান্দৰক বিষ দি হত্যা - তেলেংগানাৰ মহাবুবাবাদ জিলা

তেলেংগানাৰ মহাবুবাবাদ জিলাত অচিনাক্ত লোকে 50 টাকৈ বান্দৰক বিষ দি হত্যা কৰা হয় ৷ ঘটনা সম্পৰ্কত আৰক্ষী আৰু বন বিষয়াই তদন্ত আৰম্ভ কৰিছে ৷

Over 50 monkeys poisoned to death in Telangana
তেলেংগানাত 50 বান্দৰক বিষ দি হত্যা
author img

By

Published : Nov 19, 2020, 12:38 PM IST

নেশ্যনেল ডেস্ক, 19 নৱেম্বৰ : তেলেংগানাৰ মহাবুবাবাদ জিলাত সংঘটিত হৈছে এক অমানৱীয় ঘটনা ৷ কোনো অচিনাক্ত লোকে 50 টাকৈ বান্দৰক বিষ দি হত্যা কৰে ৷

ইয়াৰ পাচতে বান্দৰৰ মৃতদেহ বেগত ভৰাই চানিগাপুৰম গাঁৱৰ টিলাত পেলাই দিয়া হয় ৷ মৃত বান্দৰৰ অধিক সংখ্যকেই সৰু পোৱালি আছিল ৷

গাঁওবাসীয়ে গোন্ধ পোৱাৰ পাচতে আৰক্ষীক এই বিষয়ত অৱগত কৰে ৷ বন বিষয়াও সেই স্থানত উপস্থিত হোৱাৰ পাচতে বান্দৰৰ মৃতদেহবোৰ উদ্ধাৰ কৰে ৷ বান্দৰবোৰ প্ৰায় 5-6 দিন পূৰ্বে হত্যা কৰা হৈছে বুলি জানিবলৈ দিয়ে উপস্থিত আৰক্ষীয়ে ৷

আৰক্ষীৰ সহযোগিতাত বন বিষয়াই এই সম্পৰ্কত এক তদন্ত আৰম্ভ কৰিছে ৷ জিলা বন বিষয়া পি. কৃষ্ণমাচাৰয়ুলুয়ে কয় যে, তেওঁলোকে এনে অমানৱীয় ঘটনা পূৰ্বে প্ৰত্যক্ষ কৰা নাই ৷

বান্দৰৰ মৃতদেহবোৰ গেলি-পচি যোৱা বাবে পোষ্টমৰ্টেম কৰিব পৰা নাযাব, সেয়েহে তেওঁলোকে মৃতদেহবোৰ সমাধিষ্ঠ কৰে ৷

উল্লেখ্য যে, মহাবুবাবাদ জিলা বান্দৰৰ সন্ত্ৰাসৰ বাবে জনা যায় ৷ খেতিৰ শস্য বিনষ্ট কৰা বাবে বান্দৰবোৰক বিষ দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু বন বিষয়াই ৷

কিছু সংখ্যক বান্দৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলিও সন্দেহ কৰা হৈছে ৷ জন্তুৰ পৰা শস্য ৰক্ষা কৰিবৰ বাবে ফেন্সিঙত বিদ্যৎ সংযোগ কৰে কৃষকসকলে ৷

লগতে পঢ়ক : জ' বাইডেন আৰু মোডীৰ টেলিফোনিক বাৰ্তালাপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.