ETV Bharat / bharat

ৰোমানিয়াৰ পৰা ৪ হাজাৰতকৈও অধিক ভাৰতীয় শিক্ষাৰ্থীক স্থানান্তৰ কৰা হ'ব : সিন্ধিয়া

অপাৰেচন গংগাৰ জৰিয়তে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলক উদ্ধাৰৰ বাবে অভিযান বৰ্তমানেও অব্যাহত । ইতিমধ্যে বহুসংখ্যক ভাৰতীয় নাগৰিক ঘূৰি আহিছে স্বদেশলৈ । তিনিদিনৰ ভিতৰত ৪০০০ হাজাৰৰো অধিক শিক্ষাৰ্থীক স্থানান্তৰ কৰাৰ কথা ঘোষণা অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ ।

Aviation Minister Jyotiraditya Scindia
ৰোমানিয়াৰ পৰা ৪ হাজাৰতকৈও অধিক ভাৰতীয় শিক্ষাৰ্থীক স্থানান্তৰ কৰা হ'ব
author img

By

Published : Mar 3, 2022, 2:15 PM IST

নেশ্যনেল ডেস্ক, ৩ মাৰ্চ : যুদ্ধপীড়িত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক সুকলমে স্বদেশলৈ ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰৰ প্ৰচেষ্টা অব্য়াহত । ইয়াৰ মাজতে ৰোমানিয়াৰ পৰা বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া (Aviation Minister Jyotiraditya Scindia) ৰ ভাৰ্চুৱেল সংবাদমেল সম্বোধন । পৰৱৰ্তী তিনিদিনৰ ভিতৰত ৪,০০০ ৰো অধিক শিক্ষাৰ্থীক স্থানান্তৰ কৰাৰ কথা প্ৰকাশ সিন্ধিয়াৰ ।

সিন্ধিয়াই উল্লেখ কৰে যে, বুধবাৰে বুখাৰেষ্টৰ পৰা ভাৰতলৈ ছয়খনকৈ বিমান ৰাওনা হৈছিল । একেদৰে বৃহস্পতিবাৰ আৰু শুকুৰবাৰেও ছয়খনকৈ বিমান ৰাওনা হ'ব । বুধবাৰে ১,৩০০ গৰাকী শিক্ষাৰ্থী ভাৰতলৈ সুকলমে ঘূৰাই অনা হৈছিল ।

চুচিভিয়াৰ পৰাও বিমানেৰে ভাৰতীয়সকলক স্থানান্তৰৰ ব্যৱস্থা কৰাৰ কথাও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । বুখাৰেষ্টত উপস্থিত হোৱা চাৰি মন্ত্ৰীৰ ভিতৰত সিন্ধিয়া হৈছে ভাৰতীয় শিক্ষাৰ্থীসকলক স্থানান্তৰৰ প্ৰচেষ্টা তদাৰক কৰা চৰকাৰৰ এগৰাকী বিশেষ দূত । তেওঁ বৃহস্পতিবাৰে ৰোমানিয়া আৰু ইউক্ৰেইন সীমান্তলৈ ৰাওনা হ'ব । স্থানান্তৰ প্ৰক্ৰিয়া তদাৰক কৰিবলৈ পৰৱৰ্তী দুটা দিনত তেওঁ তাত উপস্থিত থাকিব ।

ভাৰতে ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইনৰ পৰা স্থানান্তৰ কৰিবলৈ অপাৰেচন গংগা আৰম্ভ কৰিছিল ৷ তথ্য অনুসৰি যুদ্ধবিধ্বস্ত ইউক্ৰেইনত মুঠ ১৮,০০০ গৰাকী শিক্ষাৰ্থী আৱদ্ধ হৈ আছে । অৱশ্যে বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংলাই মঙলবাৰে কয় যে, এতিয়ালৈকে ১২,০০০ ভাৰতীয়ক ইউক্ৰেইনৰ পৰা স্থানান্তৰ কৰা হৈছে ৷ যি হৈছে যুদ্ধ বিধ্বস্ত ৰাষ্ট্ৰখনত দেশৰ মুঠ জনসংখ্যাৰ ৬০ শতাংশ ।

লগতে পঢ়ক: AP High Court : আদালতৰ ৰায় অনুসৰি অমৰাৱতী হ’ব অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.