ETV Bharat / bharat

AAP MLAs Educational Qualification : দিল্লীৰ ২২ গৰাকী আপ বিধায়কৰে নাই স্নাতক ডিগ্ৰী

দিল্লী বিধানসভাত ৬২ গৰাকী আম আদমি পাৰ্টীৰ বিধায়ক আছে । তাৰ ভিতৰত ২২ গৰাকী বিধায়কেই মাত্ৰ দ্বাদশ শ্ৰেণীলৈকে পঢ়িছে (Delhi AAP MLAs education Qualification)। এই তথ্য প্ৰকাশ হোৱাৰ পাচতে প্ৰধানমন্ত্ৰী মোডীৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন কৰা আপৰ নেতাসকলক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে বিভিন্নজনে ।

AAP MLAs Educational Qualification
দিল্লীৰ ২২ গৰাকী আপ বিধায়কৰে নাই স্নাতক ডিগ্ৰী
author img

By

Published : Apr 6, 2023, 8:34 PM IST

নেশ্যনেল ডেস্ক, ৬ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শিক্ষাগত অৰ্হতাক লৈ আম আদমি পাৰ্টীৰ প্ৰশ্ন অব্যাহত আছে (AAP question over PM education Qualification)। আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ লগতে আপৰ নেতাসকলে এই সন্দৰ্ভত সংসদকে ধৰি বিভিন্ন মহলত প্ৰশ্ন উত্থাপন কৰি আহিছে । পিছে ইয়াৰ মাজতে আম আদমি পাৰ্টীৰ নেতাসকলৰ শিক্ষাগত অৰ্হতাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে ।

নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ তথ্য আৰু সমগ্ৰ দেশৰ বিধায়ক আৰু সাংসদসকলৰ তথ্য সংগ্ৰহ কৰা বেচৰকাৰী সংগঠন প্ৰজা ফাউণ্ডেচনৰ দ্বাৰা প্ৰকাশিত এক শেহতীয়া প্ৰতিবেদনত দেখুৱাইছে যে, দিল্লী বিধানসভাৰ ৬২ গৰাকী বিধায়কৰ মাত্ৰ ২২ গৰাকীয়েহে দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰিছে (Praja Foundation report on AAP MLAs)।

ইয়াৰ অৰ্থ হৈছে যে, বৰ্তমান আপৰ ৩৩ শতাংশতকৈও অধিক বিধায়ক স্নাতক নহয় (33 percentage MLAs in Delhi are 12th pass)। তথ্যৰ মতে আটাইতকৈ কম শিক্ষিত আপৰ বিধায়ক হৈছে আব্দুল ৰেহমান । তেওঁ অষ্টম শ্ৰেণী উত্তীৰ্ণ । তাৰ পাচতে আছে নৰেশ বালিয়ান । সচৰাচৰ বিজেপিক সামাজিক মাধ্যমত সমালোচনা কৰি থকা নৰেশ বালিয়ানে নৱম শ্ৰেণীলৈকে হে পঢ়িছে ।

আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ শিক্ষাগত অৰ্হতা হৈছে মেকানিকেল ইঞ্জিনিয়াৰিঙত বি টেক (Education Qualification of Arvind Kejriwal)। দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ সাংবাদিকতাত ডিপ্লোমা আছে আনহাতে প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈনে স্থাপত্যবিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰিছে । আপ মন্ত্ৰী গোপাল ৰায়ৰ সমাজবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আছে আনহাতে কৈলাশ গেহলটৰ এলএলএম ডিগ্ৰী আছে । আপৰ আন এগৰাকী মন্ত্ৰী আতিশীয়ে এমএছচি কৰিছে আৰু সৌৰভ ভৰদ্বাজৰ বি টেক ডিগ্ৰী আছে ।

দিল্লী বিধানসভাৰ বিজেপি বিধায়কসকলৰ ক্ষেত্ৰত গেৰুৱা দলৰ ৮ গৰাকী বিধায়ক আছে যাৰ ভিতৰত মোহন সিং বিষ্টে দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰিছে আৰু বাকী সকলোৱে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে ।

উল্লেখ্য যে, শেহতীয়াকৈ কেজৰিৱালে প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাৰ ওপৰত নিৰন্তৰভাৱে প্ৰশ্ন উত্থাপন কৰি আহিছে আৰু প্ৰায়ে দাবী কৰিছে যে দেশৰ প্ৰধানমন্ত্ৰী শিক্ষিত হোৱাটো অতি গুৰুত্বপূৰ্ণ । শেহতীয়াকৈ গুজৰাট উচ্চ ন্যায়ালয়ে গুজৰাট বিশ্ববিদ্যালয়ক কেজৰিৱালক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিগ্ৰী প্ৰদান কৰিবলৈ কোৱা কেন্দ্ৰীয় তথ্য আয়োগৰ এক নিৰ্দেশ বাতিল কৰে আৰু কেজৰিৱালৰ বিৰুদ্ধে ২৫০০০ টকাৰ জৰিমণা ঘোষণা কৰে ।

লগতে পঢ়ক :Ghulam Nabi Azad biography: বৰ্তমানৰ কংগ্ৰেছত জীয়াই থাকিবলৈ হ’লে নেতাসকল হ’ব লাগিব মেৰুদণ্ডহীন: আজাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.