ETV Bharat / bharat

JP Nadda on Indo Russia partnership : ভাৰত-ৰাছিয়া সম্পৰ্কত জে পি নাড্ডাৰ স্থিতি - ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক দীৰ্ঘদিনীয়া

ইউনাইটেড ৰাছিয়া পাৰ্টিয়ে আয়োজন কৰা এক বিশেষ আলোচনা চক্ৰ সম্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই । এই আলোচনা চক্ৰ ভাৰত আৰু ৰাছিয়াৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বিষয়ে ক'লে সভাপতিগৰাকীয়ে (JP Nadda told about Indo Russia partnership)। তেওঁৰ মতে ২১ শতিকাত মহামাৰী, সন্ত্ৰাসবাদ, জলবায়ু পৰিৱৰ্তন আদিৰ ক্ষেত্ৰত ভাৰতৰ সঁহাৰি উল্লেখযোগ্য হৈ ৰ'ব ।

Seminar
ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক দীৰ্ঘদিনীয়া
author img

By

Published : Dec 2, 2021, 11:22 AM IST

নেশ্যনেল ডেস্ক, ২ ডিচেম্বৰ : ভাৰত-ৰাছিয়াৰ বন্ধুত্ব সম্পৰ্কে বিশেষ মন্তব্য আগবঢ়ালে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই (JP Nadda told about Indo Russia partnership) । তেওঁৰ মতে দ্বিতীয় বিশ্ব যুদ্ধৰ পাছৰে পৰা দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈছে । মহামাৰী,জলবায়ু পৰিৱৰ্তন, মৌলবাদ আৰু সন্ত্ৰাসবাদ নিৰ্মূলৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতাই এই সম্পৰ্ক আৰু শক্তিশালী কৰিছে ।

'একবিংশ শতিকাৰ গোলকীয় প্ৰত্যাহ্বান:আন্ত:দলীয় মাত্ৰা' শীৰ্ষক এক আলোচনা চক্ৰত ভাষণ প্ৰদান কৰি এই মন্তব্য আগবঢ়াই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে (BJP National President Jagat Prakash Nadda) । তেওঁৰ মতে দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা দুয়োখন দেশৰ সম্পৰ্কৰ কোনো পৰিৱৰ্তন হোৱা নাই । আনকি মহামাৰী কৰ'ণাৰ সময়তো দুয়োখন দেশে ঔষধ আৰু অন্যান্য সঁজুলিৰ আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

নাড্ডাই লগতে কয় যে ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক দীৰ্ঘদিনীয়া । ৩ টা প্ৰধান প্ৰত্যাহ্বান যেনে মহামাৰী, জলবায়ু পৰিৱৰ্তন আৰু মৌলবাদ তথা সন্ত্ৰাসবাদৰ ভাবুকিৰ লগতে অভয়াৰণ্যসমূহলৈ অহা ভাবুকিৰ ক্ষেত্ৰতো দুয়োখন দেশে ইখনে আনখনক সহযোগিতা আগবঢ়াই আহিছে ।

তেওঁ কয় যে ক'ভিড মহামাৰীয়ে উৎপাদন আৰু নিৰ্মাণৰ লগতে প্ৰত্যাহ্বানসমূহ সময়ত নিষ্পত্তি কৰাৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিছে । সমগ্ৰ বিশ্বতে বৈচিত্ৰময় আৰু স্থিতিস্থাপৰ যোগান শৃংখলাৰ প্ৰয়োজন বুলিও কয় নেতাগৰাকীয়ে । তেওঁৰ মতে ভাৰতত মেক ইন ইণ্ডিয়াৰ জৰিয়তে উৎপাদন বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে । লগতে দেশৰ অৰ্থনীতি সম্প্ৰসাৰণ দুগুনে বৃদ্ধি কৰাৰ চেষ্টা কৰা হৈছে ।

ক'ভিড পৰিস্থিতিৰ সময়ত ভাৰত চৰকাৰৰ পদক্ষেপৰ বৰ্ণনা কৰি নাড্ডাই কয় যে মহামাৰীৰ সময়ত সকলো বিজেপি কৰ্মীক ৰাইজক সেৱা আগবঢ়াবলৈ কোৱা হৈছিল । এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই সকলো কৰ্মীয়ে আগবাঢ়ি আহিছিল আৰু সাহায্য ব্যৱস্থাত অৰিহণা যোগাইছিল ।

লগতে পঢ়ক : Man Ki Baat: প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.