ETV Bharat / bharat

বিভেদমূলক বিৰোধীৰ মিত্ৰতা সম্ভৱ নে ? - বিভেদমূলক বিৰোধীৰ মিত্ৰতা সম্ভৱ নে

২০২৪ চনত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন (Lok Sabha election 2024)। তাৰ পূৰ্বে বিৰোধী শক্তি একত্ৰিত হ'বলৈ চেষ্টা চলাইছে । কিন্তু প্ৰধানমন্ত্ৰী মোডীৰ জনপ্ৰিয়তাই বিৰোধীক হতাশ কৰিব নেকি ? কোনো বিভেদ নোহোৱাকৈ বিৰোধী একত্ৰিত হ'ব পাৰিব নে ? এই সন্দৰ্ভত সামাজিক আৰু ৰাজনৈতিক বিশ্লেষক বীৰেন্দ্ৰ কাপুৰৰ এক বিশেষ লেখা ।

Opposition wants to unite for Lok Sabha polls
বিভেদমূলক বিৰোধীৰ মিত্ৰতা সম্ভৱ নে ?
author img

By

Published : Sep 14, 2022, 1:22 PM IST

নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ: লোকসভা নিৰ্বাচনৰ বাবে এতিয়াও ডেৰ বছৰতকৈও অধিক সময় বাকী আছে (Upcoming Lok Sabha election)। কিন্তু শাসকীয় আৰু বিৰোধী দলবোৰে তেওঁলোকৰ ৰণকৌশল প্ৰস্তুত কৰি থকাৰ বাবে ৰাষ্ট্ৰীয় ৰাজনীতি ক্ৰমান্বয়ে উত্তপ্ত হৈ আছে । 'ঐক্যবদ্ধভাৱে আমি থিয় হৈছো, আমি পৃথক হৈছো' বুলি বিৰোধীয়ে মিত্ৰতাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে ।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শেহতীয়াকৈ বিজেপিৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত যুটীয়া মিত্ৰতা কৰিবলৈ দিল্লী ভ্ৰমণ কৰিছিল (Nitish Kumar Delhi tour)। তেওঁ ইতিমধ্যে প্ৰমাণ কৰিছে যে তেওঁ মিত্ৰ দল বিজেপিক অস্বীকাৰ কৰি ৰাষ্ট্ৰীয় জনতা দলৰ (RJD) সৈতে মিত্ৰতা কৰি বিৰোধী দলবোৰক এক উমৈহতীয়া মঞ্চলৈ আনিব পাৰে ।

তৃতীয় মিত্ৰজোঁট আনুষ্ঠানিকভাৱে গঠন নহ'লেও, যিমান সম্ভৱ সিমান সমষ্টিত চৰকাৰ বিৰোধী ভোট বিভাজন নকৰাকৈ দলবোৰৰ মাজত বুজাবুজি সৃষ্টি কৰাটো বিজেপিৰ বাবে ক্ষতিকাৰক হ'ব । যদি বিৰোধী একেলগে থিয় হয় - ই বিজেপিক একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাত বাধা দিব পাৰে । সকলো বিৰোধী দলৰ বাবে বিভিন্ন নেতাৰ আকাংক্ষা আৰু তেওঁলোকৰৰ মত অনুসৰি একত্ৰিত হোৱাটো সহজ নহয় ।

যদি মহাৰাষ্ট্ৰ আৰু বিহাৰৰ বৰ্তমানৰ ৰাজনৈতিক সমীকৰণবোৰ তেওঁলোকৰ দৰেই থাকে, তেন্তে বিজেপিৰ বাবে আগন্তুক নিৰ্বাচনত ২০১৯ ৰ বিজয়ৰ পুনৰাবৃত্তি হোৱাটো কঠিন হ'ব । মহাৰাষ্ট্ৰৰ যোৱা নিৰ্বাচনত বিজেপি আৰু শিৱসেনাই একেলগে প্ৰতিদ্বন্দিতা কৰিছিল আৰু ৪৮ খন লোকসভা আসনৰ ভিতৰত ৪১ খন আসন লাভ কৰিছিল । ১৮ খন আসন লাভ কৰা শিৱসেনাই এতিয়া এনচিপি আৰু কংগ্ৰেছৰ সৈতে হাত মিলাইছে । বিজেপিৰ সৈতে বিদ্ৰোহী গোটৰ বন্ধুত্বই ৰাজ্যখনৰ ৰাজনীতিত এক টাৰ্ণিং পইণ্টৰ সৃষ্টি কৰিছিল । বিহাৰৰ ৪০ খন আসনৰ ভিতৰত ১৭ খন আসন লাভ কৰাৰ পিছত বিজেপিৰ পূৰ্বৰ সহযোগী জেডি(ইউ)য়ে বিজেপিক প্ৰত্যাখ্যান কৰিছিল ।

ঝাৰখণ্ডত বিজেপি বিৰোধী মিত্ৰজোঁট শাসনত আছে । পশ্চিমবংগতো বিৰোধী ভোটৰ ঘনত্ব বিজেপিৰ বাবে মূৰ কামোৰণি হৈ পৰাৰ আশংকা আছে । এই সকলোবোৰ বিজেপিৰ বাবে বিপদজনক । বিৰোধীপক্ষক একত্ৰিত কৰিবলৈ চেষ্টা কৰি থকা নীতিশ কুমাৰে অলপতে দিল্লীত শৰদ পাৱাৰ, ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱাল, সীতাৰাম য়েচুৰী, ওম প্ৰকাশ চৌটালা আৰু অন্যান্য নেতাসকলক সাক্ষাৎ কৰে (Opposition is trying to unite)।

তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰেও বিজেপিৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি আছে (BJP vs Telengana CM)। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু উত্তৰ প্ৰদেশ সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱৰ সৈতে হাত মিলাই বিজেপিক অস্বীকাৰ কৰিছে ।

বিভিন্ন অনুসন্ধানকাৰী সংস্থাই টিএমচি নেতাসকলৰ বিৰুদ্ধে অভিযান চলোৱাত মমতাই বিজেপিক তীব্ৰ সমালোচনা কৰিছিল (Raid against TMC leader in WB)। লক্ষণীয় যে, মমতা বেনাৰ্জীয়ে ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ বিষয়ে উল্লেখ কৰা নাছিল । ভাৰতীয় ৰাজনীতিৰ পৰা আদৰ্শগত মতাদৰ্শবোৰ কিবা প্ৰকাৰে নাইকিয়া হৈ গৈছে । নেতাসকলৰ বাবে এতিয়া স্বাৰ্থ বেছি গুৰুত্বপূৰ্ণ । অৱশ্যে বিৰোধী নেতাসকলে বিজেপিক পৰাস্ত কৰিবলৈ তেওঁলোকৰ উচ্চাকাংক্ষা আৰু স্বাৰ্থক কিমান দূৰ আঁতৰাই ৰাখিব সেয়াও সন্দেহৰ আৱৰ্তত !

ইয়াৰ মাজতো কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনপ্ৰিয়তাৰ সুযোগ লৈ বিৰোধী মিত্ৰজোঁটে লাভ কৰিব বিচৰা লাভালাভবোৰ কাঢ়ি লোৱাৰ সম্ভাৱনা আছে (Popularity of Modi)। মুদ্ৰাস্ফীতি আৰু নিবনুৱাৰ দৰে সমস্যা থকা স্বত্বেও বেছিভাগ সাধাৰণ ভোটাৰে এতিয়াও বিশ্বাস কৰে যে, নৰেন্দ্ৰ মোডী হৈছে দেশ শাসনৰ বাবে আটাইতকৈ সক্ষম নেতা । বহুতো জৰীপত এইটো প্ৰকাশ পাইছে যে জনপ্ৰিয়তাৰ ক্ষেত্ৰত তেওঁৰ লগত ফেৰ মাৰিব পৰা কোনো বিৰোধী নেতা নাই । সাধাৰণতে হিন্দীবলয় ৰাজ্যত ৭০-৮০ খন আসনত সীমাবদ্ধ থকা বিজেপিয়ে মোডীৰ ক্ষমতা থকা সেই ৰাজ্যসমূহৰ আধাতকৈ অধিক আসন লাভ কৰিছিল ।

পৰীক্ষাত উত্তীৰ্ণ এজন নেতাৰ নেতৃত্বত নিৰ্বাচনলৈ যোৱাটো বিজেপিৰ বাবে এক ইতিবাচক কথা । বিৰোধী দল সদায়ে এই বিষয়ত পিছ পৰি থাকে । যেতিয়া বাজপেয়ী নেতৃত্বাধীন বিজেপি ২০০৪ চনৰ লোকসভা নিৰ্বাচনত পৰাজিত হৈছিল, বিৰোধীৰ কোনো প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নাছিল । নিৰ্বাচনৰ পাছত, ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সে (UPA) খৰখেদাকৈ মনমোহন সিঙক নেতা হিচাপে নিৰ্বাচিত কৰে ।

২০০৪ চনৰ তুলনাত বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশ পৃথক । বিজেপি দেশৰ বেছিভাগ অঞ্চললৈ বিয়পি পৰিছে । ই বিভিন্ন সম্প্ৰদায় আৰু জাতিৰ সমৰ্থন লাভ কৰিছে । আনহাতে বিজেপিয়ে সময়মতে কাৰ্যসূচী ৰূপায়ণ কৰি জনসাধাৰণৰ ওচৰলৈ গৈছে ।

ইফালে বিভিন্ন গোটৰ সৈতে সন্মিলনৰ আয়োজন কৰি নতুন পৰ্যবেক্ষক নিয়োগ কৰি আগন্তুক নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে । আনহাতে, প্ৰধান বিৰোধী কংগ্ৰেছে শেহতীয়াকৈ ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছে (Congress Bharat Jodo Yatra)। এইটো ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰকাশ কৰাৰ প্ৰচেষ্টা । এইটো সত্য যে যেতিয়া এনেদৰে বিভিন্ন ৰাজ্যত যাত্ৰা কৰা হয়, সকলোৰে মনোযোগ তেওঁৰ ভাষণৰ ওপৰত থাকে । মূল প্ৰশ্নটো হ'ল ৰাহুলে নিজকে গান্ধীৰ উত্তৰাধিকাৰী হিচাপে প্ৰমাণ কৰিব পাৰিবনে !

লগতে পঢ়ক :Cyrus Mistry Death : দুৰ্ঘটনাগ্ৰস্ত বাহনখন পৰীক্ষা কৰিব হংকঙৰ পৰা অহা বিশেষজ্ঞই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.