ETV Bharat / bharat

Opposition Protest on Adani Issue : আদানি বিষয়ত যুটীয়া সংসদীয় সমিতিৰ দাবীত বিৰোধীৰ প্ৰতিবাদ

author img

By

Published : Mar 21, 2023, 10:34 PM IST

"আমি জেপিচি বিচাৰোঁ" লিখা বেনাৰ সংসদ ভৱনৰ সুউচ্চ বেলকনিত আঁৰি বিৰোধী সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰে (Opposition stages protest on Parliament corridors) । কংগ্ৰেছ, টিএমচি আৰু অন্যান্য দলে আদানি বিষয়টোৰ যুটীয়া সংসদীয় সমিতিৰ (জেপিচি) তদন্তৰ দাবী জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে ।

Parliament
Parliament

নিউজ ডেস্ক, ২১ মাৰ্চ : বিৰোধী দলসমূহে মঙলবাৰে আদানি বিষয়ত সংসদৰ ক’ৰিডৰত এক আকস্মিক প্ৰতিবাদ আৰম্ভ কৰে আৰু যুটীয়া সংসদীয় সমিতিৰে (Joint Parliamentary Committee, JPC) তদন্তৰ দাবীত শ্লোগান দিয়ে (opposition demanding JPC on Adani issue) । দুয়োখন সদন স্থগিত ৰখাৰ পিচত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু অন্যান্য দলৰ সাংসদসকলে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকক সংসদ ভৱনৰ প্ৰথম মহলাৰ বাৰান্দাৰ পৰা বেনাৰ হাতত লৈ উচ্চ কণ্ঠৰে শ্লোগান দিয়া দেখা যায় (Opposition stages protest on Parliament corridors) ।

"আমি জেপিচি বিচাৰোঁ" লিখা বেনাৰ সংসদৰ ওখ বাৰান্দাত আঁৰি বিৰোধী নেতাসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে (Hindenbarg row in parliament)। উল্লেখ্য, চলিত বাজেট অধিবেশন আৰম্ভ হোৱাৰে পৰা হিণ্ডেনবাৰ্গ প্ৰতিবেদনত কৰা বিত্তীয় অনিয়ম আৰু ষ্টক হেৰফেৰ অভিযোগৰ বাবে বিৰোধী দলবোৰে কাৰ্যসূচী ব্যাহত কৰা আৰু আদানি বিষয়ত সম্পূৰ্ণ বিতৰ্কৰ দাবীৰ বাবে সদনত তীব্ৰ হুলস্থুলৰ সৃষ্টি হোৱা দেখা গৈছে (Parliament Budget session 2023) ।

বিৰোধী নেতাসকলে দাবী কৰে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আদানি মন্দাৱস্থাৰ ওপৰত প্ৰশ্নৰ উত্তৰ দিয়ক (PM Narendra Modi) । বিষয়টোৰ ওপৰত হুলস্থুলীয়া পৰিৱেশৰ পিছত ৰাজ্যসভা আৰু লোকসভা দুয়োখনেই দিনটোৰ বাবে স্থগিত কৰা হয় । আনহাতে, যেতিয়া ৰাজ্যসভাত বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে ভাষণ দিবলৈ উঠিছিল, তেতিয়া বিজেপি সদস্যসকলে শ্লোগান দিয়ে । যাৰ ফলত সদন স্থগিত ৰখা হয় ।

আনহাতে, বিৰোধীৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈয়ে শাসকীয় ভাৰতীয় জনতা পাৰ্টীৰ সাংসদসকলে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ‘‘আক্ৰমণৰ অধীনত ভাৰতীয় গণতন্ত্ৰ’’ সন্দৰ্ভত তেওঁৰ ইউকে ভ্ৰমণৰ সময়ত কৰা মন্তব্যৰ বাবে ক্ষমা বিচাৰিবলৈ দাবী জনায় ।

ইফালে চৰকাৰে জেপিচিৰ দাবীত সন্মত নোহোৱাৰ বাবে বিৰোধী নেতাসকলে প্ৰায়ে তেওঁলোকৰ প্ৰতিবাদ সদনৰ বাহিৰলৈ লৈ যায় । কেইদিনমান পূৰ্বে বিৰোধী দলবোৰে বিতৰ্কিত আদানি বিষয়ত সংসদৰ পৰা দিল্লীৰ ইডি কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়ায় । প্ৰতিবাদকাৰী নেতাসকলে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন, মূল্যবৃদ্ধি, দুৰ্নীতি আৰু অন্যান্য বিষয়ত নৰেন্দ্ৰ মোডী চৰকাৰৰ পৰা উত্তৰ দাবী কৰে ।

লগতে পঢ়ক :Indian mission vandalism in UK : লণ্ডনৰ ভাৰতীয় উচ্চায়ুক্তালয়ত আক্ৰমণক লৈ সৰৱ থাৰুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.