ETV Bharat / bharat

বিৰোধীয়ে কৃষকৰ সমস্যাৰ সমাধানৰ দাবী কৰে,চৰকাৰে অস্বীকাৰ কৰে !

author img

By

Published : Feb 5, 2021, 11:34 AM IST

যোৱা দুই দিন ধৰি লোকসভা স্থগিত ৰখাৰ বাবে,বিৰোধী দলৰ নেতাসকলে লোকসভাৰ অধ্যক্ষ গৰাকীক সাক্ষাৎ কৰে আৰু ৰাষ্ট্ৰপতিৰ ভাষণ আৰু নতুন কৃষি আইনৰ সন্দৰ্ভত পৃথকে পৃথকে আলোচনাৰ কৰাৰ বাবে দাবী জনায়। অৱশ্যে,চৰকাৰে এই প্ৰসংগত কয় যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সিদ্ধান্ত বিতৰ্কৰ বাবে পৃথক পৃথককৈ আলোচনাৰ বিষয় হ'ব নোৱাৰে।

Opposition demands dedicated hours for farmers issues, government denies
বিৰোধীয়ে কৃষকৰ সমস্যাৰ সমাধানৰ দাবী কৰে,চৰকাৰে অস্বীকাৰ কৰে !

নিউজ ডেস্ক, 5 ফেব্ৰুৱাৰী: লোকসভা বাজেট অধিৱেশনত কৃষি আইন আৰু চলি থকা কৃষক আন্দোলনৰ সন্দৰ্ভত সংসদত 5 ঘন্টা ধৰি বিৰোধী দলসমূহে এক অচলাবস্থাৰ সৃষ্টি কৰা দেখা পোৱা গৈছে ৷

এই দাবী উৎত্থাপন কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ৷ সংসদৰ মজিয়াত ৰাজনৈতিক দলসমূহৰ সৈতে হোৱা এক সভাত এই কথা অৱগত কৰিছে অধ্যক্ষ ওম বিৰলাকে ৷ ইফালে সংসদৰ মজিয়াত ৰাষ্ট্ৰপতি গৰাকীয়ে কৃষি আইন আৰু কৃষকৰ প্ৰতিবাদৰ ওপৰত দিয়া ভাষণ প্ৰসংগক লৈ প্ৰধান মন্ত্ৰী মোদীয়ে ধন্যবাদ তথা প্ৰশংসা কৰিছে ।

চৰকাৰৰ সূত্ৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সিদ্ধান্ত আৰু উত্তৰ আৰু ৰাষ্ট্ৰপতিৰ অভিপ্ৰায়ৰ ওপৰত ধন্যবাদ ৰখাৰ বাহিৰে বিতৰ্কৰ বাবে এক পৃথক সময় হ'ব নোৱাৰে। আলোচনাৰ সময়ত বিৰোধী সকলক কৃষক আন্দোলন আৰু কৃষি আইনৰ ওপৰত আলোচনা আৰু প্ৰতিবাদ কৰিবলৈ কোৱা হৈছিল। এই বিষয়টো অধিৱেশনৰ অংশ হ'ব নোৱাৰে। ৮ মাৰ্চৰ পৰা হ'বলগীয়া অধিৱেশনৰ পৰৱৰ্তী সময়ত আলোচনাৰ বাবে অনুমতি দিয়া হ'ব পাৰে বুলি চৰকাৰী সূত্ৰে প্ৰকাশ কৰে ৷

চৰকাৰে প্ৰণয়ন কৰা কৃষি আইন আৰু কৃষক সকলৰ প্ৰতিবাদৰ কথা উল্লেখ কৰি বিৰোধী দলসমূহে কৃষক আন্দোলন বিষয়টোক লৈ পৃথকে পৃথকে আলোচনা কৰাৰ বাবে অটল হৈ আছে ৷ ইফালে চৰকাৰে উক্ত বিষয় দুটা আলোচনাৰ বাবে বিৰোধী দলে ১০ ৰ পৰা ১৫ ঘণ্টালৈ সময় বৃদ্ধি কৰিবলৈ দাবী কৰিছিল যদিও সেয়া অস্বীকাৰ কৰে। অধ্যক্ষৰ সৈতে হোৱা বৈঠক খনৰ পিছত,তৃণমূল কংগ্ৰেছৰ নেত্ৰী সৌগাতা ৰয়ে কয় যে,বিৰোধীয়ে কৃষক সকলৰ আন্দোলনৰ ওপৰত এক সুস্থিৰ সমাধানৰ বাবে চৰকাৰৰ সৈতে এক আলোচনা হোৱাতো বিচাৰে ৷

সংসদৰ অধিৱেশনৰ অন্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ কাৰ্যালয়ত বিৰোধী দলৰ সৈতে এখন সভা আহ্বান কৰা হৈছিল য'ত মুখ্য কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু সংসদীয় সচিব গৰাকী উপস্থিত আছিল। উক্ত সভাখনত বিৰোধী দলৰ নেতাসকলে কেৱল কৃষি আইন আৰু কৃষক আন্দোলনৰ সন্দৰ্ভত আলোচনা হোৱাতো বিচাৰে।

লগতে পঢ়ক-পাকিস্তানৰ গুলিচালনাত পুনৰ নিহত এজন ভাৰতীয় সৈনিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.