ETV Bharat / bharat

১০ দিনীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবে সাজু বিৰোধী

লক্ষ্য ২০২৪ ৰ নিৰ্বাচন । কেন্দ্ৰীয় চৰকাৰক ক্ষমতাচ্যুত কৰিবলৈ ঐক্যবদ্ধভাৱে ৰণনীতি যুগুত কৰিছে বিৰোধীয়ে । শুকুৰবাৰে ১৯ টা বিৰোধী দলে ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰে । এই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বিৰোধী দলসমূহে অহা মাহত দেশজুৰি ১০ দিনীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ।

author img

By

Published : Aug 21, 2021, 1:46 PM IST

Opposition call for 10 day protest from Sept 20
২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব বিৰোধীৰ প্ৰতিবাদী কাৰ্যসূচী

নেশ্যনেল ডেস্ক, ২১ আগষ্ট : ২০ ছেপ্তেম্বৰৰ পৰা প্ৰতিবাদত নামিব বিৰোধী দল । শুকুৰবাৰে দেশৰ ১৯ টাকৈ দলে এক ভাৰ্চুৱেল বৈঠক(Virtual meeting)ত অংশগ্ৰহণ কৰে । ২০২৪ ৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ ঐক্যবদ্ধভাৱে ৰণকৌশল যুগুত কৰিছে বিৰোধীয়ে । এই পৰিকল্পনাৰ অংশ হিচাপে ২০ ছেপ্তেম্বৰৰ পৰা ৩০ ছেপ্তেম্বৰলৈ দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে ।

এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি ১৯ টা বিৰোধী দলৰ নেতাই 'ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্যিক' আদৰ্শক ৰক্ষা কৰিবলৈ ভাৰতৰ জনসাধাৰণক এই একত্ৰিত হ'বলৈ আহ্বান জনায় । অনাগত দিনত দেশক উন্নতিৰ শিখৰত উপনীত কৰাবলৈ ভাৰতক ৰক্ষা কৰিবলৈ বিৰোধী দলবোৰে ৰাইজক আহ্বান জনাইছে । বিৰোধী দলকেইটাই ১১ দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ চৰকাৰক অৰ্পণ কৰিব । উল্লেখ্য যে, বৰ্ষাকালীন অধিৱেশন(monsoon session)ত বিৰোধী দলবোৰে শাসকীয় দলটোক সদনৰ কাম কৰাত ব্যাঘাত জন্মাইছিল ।

বিৰোধী দলৰ নেতা, সাংবাদিকৰ কাম-কাজ নিৰীক্ষণ কৰিবলৈ পেগাছাছ স্পাইৱেৰৰ অবৈধ ব্যৱহাৰ কৰা, ক'ভিড-১৯ মহামাৰী সৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছিল বিৰোধী দলে । লগতে তিনিখন কৃষক বিৰোধী আইন বাতিল কৰাৰো দাবী জনাই সদনতে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰোধীয়ে । দেশৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱা বহু বিষয়াই কেন্দ্ৰীয় চৰকাৰে আলোচনা নকৰাৰ অভিযোগ বিৰোধী দলে উত্থাপন কৰিছে ।

শাসকীয় চৰকাৰে জনসাধাৰণক ইচ্ছাকৃতভাৱে উপেক্ষা কৰিছে বুলি কেন্দ্ৰক সমালোচনা কৰে বিৰোধীয়ে । শুকুৰবাৰৰ বৈঠকত ভাৰতীয় জাতীয় কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, এনচিপি, ডিএমকে, শিৱসেনা, জেএমএম, চিপিআই, চিপিএম, ৰাষ্ট্ৰীয় সন্মিলন, ৰাষ্ট্ৰীয় জনতা দল, এআইইউডিএফ, ভিচিকে, লোকতান্ত্ৰিক জনতা দল, জেডিএছ, আৰএলডি, আৰএছপি, কেৰালা কংগ্ৰেছ মণি, পিডিপি আৰু আইইউএমএলে অংশ লয় ।

সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে এখন পত্ৰৰ জৰিয়তে বৈঠকত যোগদান কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰিছে । অৱশ্যে বহুজন সমাজ পাৰ্টীয়ে এই বৈঠকত অংশ নোলোৱাৰ সিদ্ধান্ত লয় । আনহাতে, আম আদমী পাৰ্টীক এই বৈঠকত অংশগ্ৰহণৰ বাবে বৰ্তমানলৈকে কোনো ধৰণৰ যোগাযোগ কৰা নাই । ঐক্যবদ্ধ বিৰোধী দলৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে(Mamata Banerjee) কয় যে, নেতা কোন তাৰ ওপৰত অধিক গুৰুত্ব দিয়াতকৈ আৰু ব্যক্তিগত স্বাৰ্থক একাষৰীয়া কৰি প্ৰতিটো দল একত্ৰিত হোৱা উচিত ।

সকলোকে একগোট হৈ পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়ে সিদ্ধান্ত ল'বলৈ তেওঁ আহ্বান জনায় । আনহাতে, আৰজেডিৰ নেতা তেজস্বী যাদৱে কয় যে, শেহতীয়াকৈ পশ্চিমবংগ আৰু বিহাৰৰ বিধানসভা নিৰ্বাচনে ২০২৪ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে অনুপ্ৰেৰণা হিচাপে কাম কৰিব পাৰে । ইফালে, এনচিপি নেতা শাৰদ পাৱাৰে(Sharad Pawar) কয় যে, যিসকলে গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰে, যিসকলে দেশৰ গণতান্ত্ৰিক নীতি ৰক্ষাৰ বাবে একেলগে কাম কৰিব বিচাৰে তেওঁলোক একত্ৰিত হ'ব লাগিব ।

কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়েও(Congress President Sonia Gandhi) একে ধৰণৰ উদ্বেগ প্ৰকাশ কৰি কয় যে, সকলো বিৰোধী দলৰ লক্ষ্য হৈছে ২০২৪ চনৰ লোকসভা নিৰ্বাচন ৷ এই নিৰ্বাচনত জয়ী হোৱাৰ বাবে ঐক্যবদ্ধ হৈ পৰিকল্পনা কৰিব লাগিব । মুঠতে সকলোৱে একগোট হৈ বিজেপি শিবিৰৰ বিৰুদ্ধে থিয় দিয়াৰ বাবে সাজু হৈছে ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰত সেনাৰ গুলীত ধৰাশায়ী তিনি সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.