ETV Bharat / bharat

INDIA vs NDA: দেশৰ 4 শতাধিক লোকসভা সমষ্টিত বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিৰোধী মিত্ৰজোঁটে - Kshetkari Sangathan

মুম্বাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় বিৰোধী ঐক্যৰ তৃতীয়খন বৈঠক ৷ এই বৈঠকত গ্ৰহণ কৰা হ’ল কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ এই বৈঠকতে আহ্বায়ন নিৰ্বাচন কৰাৰ লগতে গঠন কৰা হ’ল এখন সমন্বয় সমিতি ৷ উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰটো গ্ৰহণ কৰা হ’ব সিদ্ধান্ত ৷

INDIA vs NDA
INDIA vs NDA
author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 8:19 PM IST

নেশ্যনেল ডেস্ক, 26 আগষ্ট: বিৰোধী মিত্ৰজোঁট I.N.D.I.A ই সমগ্ৰ দেশৰ মুঠ 543 খন লোকসভা আসনৰ ভিতৰত প্ৰায় 400 খন আসনত নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বিজেপিৰ মনোনিত প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰাৰ বাবে এই 400 খন আসন নিৰ্বাচন কৰিছে বিৰোধী মিত্ৰজোঁটে ৷ জ্যেষ্ঠ কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমে শনিবাৰে এই কথা সদৰী কৰিছে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সঞ্জয় নিৰুপমে কয়, ‘‘আমি এনে 400-425 খন লোকসভা আসন চিনাক্ত কৰিছো য’ত আমি I.N.D.I.A বনাম NDA হৈ যুঁজ দিব পাৰোঁ ৷ আমাৰ প্ৰয়াস হ’ব বিজেপিৰ মনোনীত ব্যক্তিৰ বিৰুদ্ধে এনে আসনত এজন একক বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা ৷’’

তেওঁ লগতে কয় যে এই সূত্ৰ উত্তৰ প্ৰদেশৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ৷ তেওঁ আৰু কয়, ‘‘তেলেংগানা আৰু ওড়িশাৰ দৰে কিছুমান ৰাজ্য আছে য’ত অ-বিজেপি দলসমূহ আমাৰ সৈতে নাই ৷ সেয়েহে, তাত বিজেপিৰ বিৰুদ্ধে এজন উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো সম্ভৱ নহ’বও পাৰে ৷ কিছুমান সৰু দলে তেওঁলোকৰ প্ৰাৰ্থী প্ৰদান কৰিব পাৰে, আৰু কেইটামান নিৰ্দলীয় দলেও প্ৰতিদ্বন্দিতা কৰিব পাৰে, কিন্তু সেয়া আমাৰ বাবে কোনো সমস্যা নহ’ব ৷’’

31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া I.N.D.I.A মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ তৃতীয় বৈঠকৰ পূৰ্বে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰীকয়ে এই কথা প্ৰকাশ কৰিছে ৷ তেওঁ কয় যে পাটনা আৰু বেংগালুৰুত প্ৰাৰম্ভিক বৈঠকৰ পিছত মিত্ৰজোঁটে ক্ৰমান্বয়ে ইয়াৰ ঐক্য শক্তিশালী কৰি তুলিছে ৷ উল্লেখ্য যে 23 জুনত পাটনাত নীতিশ কুমাৰৰ অধ্যক্ষতাত বিৰোধীৰ প্ৰথম উমৈহতীয়া বৈঠক অনুষ্ঠিত হৈছিল ৷ সেই বৈঠকত 16 টা দলে অংশগ্ৰহণ কৰিছিল ৷ আনহাতে বেংগালুৰুৰ বৈঠকত 26 টা দল একত্ৰিত হৈ মিত্ৰজোঁটক I.N.D.I.A হিচাবে নামকৰণ কৰে ৷

‘‘মুম্বাইৰ বৈঠকত কৃষক সংগঠনৰ এটা দল ‘ক্ষেতকাৰী সংগঠনে’ (Kshetkari Sangathan) আমালৈ সমৰ্থন আগবঢ়াব ৷ মহাৰাষ্ট্ৰত তেওঁলোকৰ যথেষ্ট প্ৰভাৱ আছে আৰু গোটটোৰ সমৰ্থনক আমি স্বাগতম জনাইছো ৷ ই সমগ্ৰ দেশৰ আন সৰু দলসমূহলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব,’’ নিৰুপমে উল্লেখ কৰে ৷

তেওঁ লগতে সদৰী কৰে যে মুম্বাইৰ বৈঠকত I.N.D.I.Aৰ বাবে 11 জন সদস্যক লৈ এখন সমন্বয় সমিতি গঠন কৰা হ’ব ৷ সমিতিখনে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত নিৰৱচ্ছিন্ন যোগাযোগৰ বৰ্তাই ৰখাৰ ওপৰত লক্ষ্য ৰাখিব ৷ আসনৰ ভাগ-বতৰা ৰাজ্যকেন্দ্ৰিক হ’ব আৰু মিত্ৰজোঁটৰ একত্ৰিত ৰণনীতিৰ ওপৰত আধাৰিত কৰি কাম কৰিব লাগিব ৷

‘‘মহাৰাষ্ট্ৰত কংগ্ৰেছ-শিৱসেনা UBT-NCP মিত্ৰতা ইতিমধ্যে কাৰ্যকৰী হৈ আছে, যাৰ ফলত আসন ভাগ-বতৰা কৰাটো সহজ কাম হৈ পৰিছে ৷ প্ৰায় 60 শতাংশ ভোটৰ অংশৰ সৈতে MVA ৰাজ্যখনৰ মুঠ 48 খন লোকসভা আসনৰ ভিতৰত 40 খনতকৈও অধিক আসন সুৰক্ষিত কৰাটো স্পষ্ট হৈ আছে ,’’ নিৰুপমে কয় ৷

ইফালে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে I.N.D.I.A মিত্ৰজোঁটৰ ভিতৰত অন্তৰ্ভূক্ত বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীসকলৰ মাজত বিশ্বাস আৰু সংহতি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

লগতে পঢ়ক: Chandrayaan 3 : জৱাহৰলাল নেহৰুৰ বাবে আজি মহাকাশ খণ্ডৰ উন্নয়ন হৈছে-কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.